পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
চণ্ডিকাখ্যান।

নাৰ সিংহী আবিৰ্ভাব হৈলা ভয়ঙ্কৰ।
নৰ সিংহ ৰূপ ধৰি আগত চণ্ডীৰ॥
হাতে বজ্ৰ অস্ত্ৰ লৈয়া উঠি গজেন্দ্ৰত।
ইন্দ্ৰৰূপে শচী দেবী পশিলা ৰণত॥
অনন্তৰ দেবশক্তি সমুহ মধ্যত।
হাতে শূল শূল পাশি হৈলা আবিৰ্ভূত॥
চণ্ডীক বুলিলা বাণী দেব মহেশ্বৰ।
মোৰ প্ৰীতি হেতু শ্ৰী ৰধিয়ো অসুৰ॥
মহেশৰ বাণী সমাপনে একশক্তি।
চণ্ডিকাৰ দেহ হন্তে ভৈলা উতপতি॥
আতি কোপৱতী সেহি দেহ ভয়ঙ্কৰ।
লগত অসংখ্যশিবা ক্ৰৰন্ত চিৎকাৰ॥
ধূম্ৰবৰ্ণ জটা জূট ধাৰী মহেশক।
জয়লীলা সেহি দেবী বুলিলাহা বাক॥
শুম্ভ নিশুম্ভৰ কাশে দূত হুয়া তুমি।
চলিয়ো গিৰিজা নাথ দেব শূলপাণি॥
অতিদৰ্পী শুম্ভ দৈত্য নিশুম্ভ অসুৰ।
আৰু অন্য যত দৈত্য তান সহচৰ॥
যুদ্ধ হেতু সমবেত আছয় তথাত।
সবাক কহিয়ো দেব আমাৰ বাঞ্চিত॥