পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
চণ্ডিকাখ্যান।

দ্বিজ কীৰ্ত্তচন্দ্ৰে,  ৰচিলা প্ৰবন্ধে,
 চণ্ডীক কৰি স্মৰণ॥

ভবভয় নিবাৰিণি দনুজ নাশিনি।
আমাক কৰুণা কৰা জগত জননি॥

পদ।

তপোধন বোলে শুনা সুৰথ ৰাজন।
শুম্ভক বধিলা দেবী কৰি মহাৰণ॥
ইষ্ট সিদ্ধি হেতু আনন্দিত দেবগণ।
আৰম্ভিলা ভক্তিভাবে চণ্ডীৰ স্তৱন॥
অগ্নিক আগত কৰি হৈয়া কৃতাঞ্জলি।
কৰন্ত অমৰে স্তুতি আনন্দে উথলি॥
আত্ৰিতৰ তুমি দেবি সন্তাপ নাশিনী।
হইয়ো প্ৰসন্না এবে জগত জননি॥
চৰাচৰ জগতৰ তুমিসে ঈশ্বৰী।
জগতক কৰা ৰক্ষা হেৰা বিশ্বেশ্বৰি॥
বসুমতী ৰূপে তুমি হুয়া অবস্থিত।
ধাৰণ কৰিয়া তুমি ৰাখিছা জগত॥