পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
চণ্ডিকাখ্যান।

আনিবা কেশত ধৰি নতুবা বন্ধন।
কৰি আনিবাক লাগে ৰমণী ৰতন॥
যুদ্ধত সংশয় যদি কৰা দুই বীৰে।
সবে দৈত্য সৈন্য মিলি প্ৰহাৰিবা শৰে॥
অস্ত্ৰ প্ৰহাৰত দুষ্টা হৈবন্ত অজ্ঞান।
কৰিবা বিনাশ তাৰ মৃগেন্দ্ৰ বাহন॥
মৰিলে মৃগেন্দ্ৰ হৈব দু অসহায়।
বান্ধি অম্বিকাক শীঘ্ৰে আনিব হেথায়॥ [১]
নিতান্ত দুম্মতি তুমি শুম্ভ দৈত্য পতি।
যাৰ মায়া পাশে বন্ধ ত্ৰিলোকৰ পতি॥
তাঙ্ক তুমি বান্ধিবাক কৰিলা আদেশ।
জ্ঞান হীন হেতু তব ঈদৃশ সাহস॥
জগত ঈশ্বৰী দেবী অম্বিকা ভৱানী।
তাক কি কৰিবা তুমি জগত বন্ধনী॥
ঐশ্বৰ্য্য মদত মত্ত হুয়া কতো নৰ।
ঈশ্বৰকো কৰে তুচ্ছ সিমহা পামৰ॥
ঐহিক নশ্বৰ যত ঐশ্বৰ্য্য সম্পত্তি।
কাৰো সঙ্গে নাহি যাই কৰা দৃঢ়মতি॥


  1. অম্বিকা, কৌশিকীৰ অন্য নাম।