পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8• চণ্ডিকাখ্যান। গজত আৰােহি আসে। কোপে চণ্ডিকাৰ পাশে। সেহি দুটে চণ্ডিকাক। প্রহাৰিলা শক্তি এক। হুঙ্কাৰ শবদে শক্তি। কৈলা ব্যর্থ ভগৱতী। চামৰ কোপিত আতি। হৈলা দেখি ভগ্ন শক্তি । পুনৰপি শূল এক। প্রহাৰিলা চণ্ডিকাক। দেবী শূল পাততাৰ । শৰ হানি কৈলা দূৰ । পাছে সিংহ চণ্ডিকাৰ । বাম্প দিয়া চামৰৰ । গজ কুম্ভে আৰােহণ। কৰি কৰে মহাৰণ। সিংহ সমে দেব অৰি। হু যুদ্ধ কৰি কৰি। গজহন্তে পৃথিবীত । তেতিক্ষণে ভৈলা পাত । মৃগৰাজ ঝামাৰি। দৈত্যৰ শিৰত ধৰি ॥ নখাঘাতে চামৰৰ। ক্ষণিকে ছেদিল। শিৰ। আসিল উদগ্র নামে। এক দৈত্য সি সংগ্রামে । তাঙ্ক পাছে হৰ ৰাণী । বধিলাহ। বৃক্ষহানি। কৰাল ত্রিদশ অৰি। দেখি তাঙ্ক মহেশ্বৰী । দণ্ড মুষ্টি তলা ঘাতে। বিনাশিলা ক্ষণিকতে কুপিত চণ্ডিকা আতি। উদ্ধতক কৰি দৃষ্টি। কৰি তাক গদাঘাত। কৈলা চূর্ণ সমত। ভিজিপালে বাস্কলক । শৰে তাম্র অন্ধকক। ৰণত দেবতা অৰি। বিনাশিলা সুৰেশ্বৰী।