পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
চণ্ডিকাখ্যান।


মেধস বদতি,  শুনিলা নৃপতি,
 দেবীৰ ইটো মহিমা।
প্রভাব অপাৰ,  আছয় দেবীৰ,
 পুনৰপি কহোঁ শুনা ॥
দেবীৰ চৰিত্র,  পৰম পবিত্র,
 শুনা সবে নৰগণ।
দ্বিজ কীৰ্ত্তিচন্দ্রে  ৰচিলা প্রবন্ধে,
 চণ্ডীৰ ভাবি চৰণ॥

——*——

ইবাৰ উদ্ধাৰা মােক জগত জননি ।
চৰণে শৰণ লৈলাে ৰাখা নাৰায়ণি ॥

————

পদ।

মেধসে বােলন্ত শুনা ৰাজা মহামতি ।
পুনু দেবী কথা কহোঁ তােমাত সম্প্রতি॥
পূর্ব্বে দেবাসুৰে ৰণ কৰিলা বহুত।
শতেক বৰিষ পূর্ণ ভৈলন্ত যুদ্ধত॥
আছিল মহিষ নামে এক মহাদৈত্য।
অসুৰৰ ৰাজা সিটো মহাবলৱন্ত ॥