সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
চণ্ডিকাখ্যান।

(৪) ধাবিত দৈত্যক দেখি চণ্ডিকা নিশিত।
 খড়গধৰি গদা তাৰ কাটিলা দূৰত॥
 গদা ব্যৰ্থ দেখি দৈত্য লৈয়া হাতে শূল।
 যান্ত বেগে দেবী পাশে নিশুম্ভ পামৰ॥
 শূল ধৰি সমাগত নিশুম্ভ অসুৰ।
 হিয়াত চণ্ডিকা বেগে ক্ষেপিলা ত্ৰিশূল॥
 শূল বিদ্ধ হিয়া হন্তে সেহি অসুৰৰ।
 মহাবলী এক দৈত্য হৈলন্ত বাহিৰ॥
 দেবীক বোলন্ত বাণী সেহি দৈত্য গোট।
 থাক তই দিবো মই ফল সমুচিত॥
 দেখি তাঙ্ক মহাকালী কৰি অট্টহাস।
 লইলা হাতত খড়গ চন্দ্ৰ পৰকাশ॥
 সেহি খড়্গে তাৰ মুণ্ড কৰি নিপাতন।
 ভূমিত পেলাইলা দেহ কৰে আস্ফালন॥
 তীক্ষ্ণ দন্তে ভাঙ্গি গ্ৰীবা কতেক দৈত্যৰ।
 ভক্ষণ কৰিলা সিংহে অনেক অসুৰ॥
 বিস্তাৰি বদন কালী আৰু শিবদূতী।
 অনেক দানৱ ৰঙ্গে ভক্ষিলা তহিতি॥


(৪) ধাবিত, বেগে যোৱা৷