এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
চণ্ডিকাখ্যান।
উৎক্ৰান্তিদা নামে, শক্তি যমৰ পূৰ্ব্বত।
তান হন্তে গৃহে তযু কৰিছে দীপিত॥
নিশুম্ভৰ হাতে আজি পাশ বৰুণৰ।
শোভিছে যতেক ৰত্ন আৰু সমুদ্ৰৰ॥
অনলেও মহাৰাজ অদাহ্য বসন।
যুগল তোমাক দিয়া কৰিলা সম্মান॥
এহি ৰূপে দৈত্যেশ্বৰ বিবিধ ৰতন।
অখিল জগত হন্তে কৰিলা হৰণ॥
ৰূপৱতী সেহিনাৰী ৰমণী ৰতন।
কিকাৰণে তাক ৰাজা নকৰা গ্ৰহণ॥
চণ্ড মুণ্ড মুখে বাণী শুনি দৈত্যেশ্বৰ।
দূতে ৰূপে সুগ্ৰীবক সমীপে দেবীৰ॥
পঠাইলা ৰূপে মুগ্ধ হুয়া অম্বিকাৰ।
নজানিলা মুখে সুধা গৰল অন্তৰ॥
তাত গৈয়া মৃদুভাষে বচন আমাৰ।
জনাবা দেৰীক যেন কৰে অঙ্গিকাৰ॥
যি ৰূপে সম্প্ৰীতে মোক কৰয় বৰণ।
অম্বিকা কৰিবা তুমি তাহাৰ যতন॥
দৈত্যেন্দ্ৰৰ শুনি বাণী সুগ্ৰীব অসুৰ।
হিমালয় প্ৰতি পাছে ভৈলা অগ্ৰসৰ॥
(৭)