পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিজ্ঞাপন।
⸺৹☆৹⸺

ইমান দিনে দেশৰ এটী অভাব পূৰ্ণহল। মাৰ্কণ্ডেয় পুৰাণান্তৰ্গত দেবী মাহাত্ম্য চণ্ডীৰ নাম নজনা মানুহ বোধকৰো হিন্দুৰ ভিতৰত কানো নাই। কোনো বিপদ বা ৰোগহলে সকলোৱেই চণ্ডী পাঠ কৰাই, চণ্ডী পাঠ দ্বাৰা অনেকৰ অভীষ্ট সিদ্ধি হোৱা দেখিব আৰু শুনিবলৈ পোৱা হৈছে। মূল চণ্ডী সংস্কৃত ভাষা ও ৰচিত, সংস্কৃত নজনা মানুহ তাৰ অৰ্থ গ্ৰহণ কৰি মৰ্ম্ম বুজিব নোৱৰে। কিন্তু এতিয়াৰ পৰা স্ত্ৰী পুৰুষ সকলোৱেই চণ্ডীৰ মৰ্ম্ম বুজিব পাৰিব। সম্প্ৰতি পূজ্যপাদ শ্ৰীযুক্ত কীৰ্ত্তিচন্দ্ৰ বিদ্যাভূষণ গোস্বামী প্ৰভুৱে মূল চণ্ডীৰ পৰা সহজ অসমীয়া ভাষাত নানা বিধ পথেৰে চণ্ডী ৰচনা কৰি সকলোৰে এটা মহৎ উপকাৰ কৰিলে। এই “চণ্ডীকাখ্যান" পঢ়িলে বা শুনিলে মূল চণ্ডী পঢ়িবলৈ বা শুনিবলৈ একো বাকী নাথাকে প্ৰতি আধ্যাৰ আদিতে এটী২ শক্তি বিষয়ৰ দিহানাম ৰচিদিয়া বাবে স্ত্ৰী পুৰুষ সকলোৱে চণ্ডীৰ পদেৰেই নাম গাব পাৰিব।

পুস্তকখানি সকলোৰে বিশেষকৈ ব্ৰাহ্মণ জাতিৰ উপকাৰী হব যেন বিবেচনা কৰি মুদ্ৰিত কৰিলো। আশা কৰে। স্বধৰ্ম্মনুৰাগী হিন্দু মাত্ৰেই একোখানি গ্ৰহণ কৰি আমাক উৎসাহিত কৰিব। আৰু বৰ্ণ যোজক সকলৰ অসাবধনাতঃ কোনো ঠাইত বৰ্ণাশুদ্ধি থাকিলে সহৃদয় পাঠকে যেন দোষ ক্ষমা কৰে। কিমধিকমিতি শক ১৮৩০।

১লা আশ্বিন। প্ৰকাশক
⸻⸻

শ্ৰীনন্দেশ্বৰ চক্ৰবৰ্ত্তী।