কুৰুক্ষেত্ৰ কাব্য
[ ১ ]
শংকৰদেৱ বিৰচিত
কুৰুক্ষেত্ৰ কাব্য
সম্পাদনা
ড° জয়ন্ত কুমাৰ বৰা
অধ্যাপক, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
বাণী মন্দিৰ
শংকৰদেৱ বিৰচিত
কুৰুক্ষেত্ৰ কাব্য
সম্পাদনা
ড° জয়ন্ত কুমাৰ বৰা
অধ্যাপক, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
বাণী মন্দিৰ
ডিব্ৰুগড় • গুৱাহাটী • তেজপুৰ
শংকৰদেৱ বিৰচিত
কুৰুক্ষেত্ৰ কাব্য
কুৰুক্ষেত্ৰ
(শ্ৰীমদ্ভাগৱত মহাপুৰাণৰ দশম স্কন্ধৰ অন্তৰ্গত)
॥শ্ৰীকৃষ্ণায় নমোনমঃ॥
কৃষ্ণৰ কুৰুক্ষেত্ৰ যাত্ৰা
॥মঙ্গলাচৰণ॥
॥পদ॥
জয় জয় কৃষ্ণ কৃপাপয়োধি মাধৱ।
ব্ৰহ্মা হৰে পূজে যাৰ চৰণ পল্লৱ॥
যাৰ নাম মাত্ৰে তৰে সংসাৰ দুৰ্ঘোৰ।
নমো দণ্ডৱতে কৃষ্ণ ইষ্টদেৱ মোৰ॥১॥
নমো নমো কৃষ্ণ মধুসূদন দৈত্যাৰি।
প্ৰভু ভগৱন্ত ভকতৰ ভয়হাৰী॥
যেন উপদেশ দিলা দেৱ হৃদীশ্বৰ।
ভণে ভাগৱত কথা কৃষ্ণৰ কিঙ্কৰে॥২॥
শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ।
নাহি আতপৰে আৰ তাৰক কলিত॥
চাৰি পুৰুষাৰ্থ কাম মোক্ষ ধৰ্ম অৰ্থ।
শ্ৰৱণতে সমস্ত মিলাৱে মনোৰথ॥৩॥
দ্বাৰকাক আসিলা দৰিদ্ৰ দামোদৰ।
ভূমিতে দিলন্ত তাঙ্ক সম্পত্তি ইন্দ্ৰৰ॥
নন্দ যশোদাৰ প্ৰীতি সাৰ্বাধিক প্ৰতি।
কুৰুক্ষেত্ৰ তীৰ্থক কৰিলা কৃষ্ণে গতি॥৪॥
শুক নিগদতি শুনিয়োক পৰীক্ষিত।
কলি মল সংহাৰক কৃষ্ণৰ চৰিত॥
ভকতৰ পৰম সুহৃদ দামোদৰ।
কুৰুক্ষেত্ৰ যাত্ৰা আৱে শুনা কেশৱৰ॥৫॥
কৰিলা দৈৱজ্ঞে গণি দেশত প্ৰকাশ।
মিলে মহা সূৰ্যৰ যে গ্ৰহণ সৰ্বগ্ৰাস॥
শুনি মহাৰাজা সৱে পৰম উৎসৱে।
কৰে ৰঙ্গে কুৰুক্ষেত্ৰ যাত্ৰা সবান্ধৱে॥৬॥
একে একে ৰাজা চলে পৰম লীলায়।
বলে বীৰ্য্যে ধৈৰ্যো যেন দিগগজ পৰায়॥
পৰিচ্ছদে মহেন্দ্ৰ সদৃশ চমৎকাৰ।
কিছু লেখা দিও শুনা নাম তাসম্বাৰ॥৭॥
কেকয় কৌশল কুৰু সৃঞ্জয় কাম্বোজ।
মহাবীৰ্য বিৰাচট বিদৰ্ভ কুন্তি ভোজ॥
মদ্ৰ দমঘোষ সব্য ভীষ্মক হাৰ্দ্দিক।
ধৃষ্টকেতু চেকিতান বিতাল বাহ্লিক॥৮॥
যুধমন্যু মৈথিলা সুশৰ্মা উশীনৰ।
বিন্দ অনুৱিন্দ চন্দ্ৰদত্ত দিৱাকৰ॥
শ্ৰুতাযুদ্ধ প্ৰবুদ্ধ ধৰণীধৰ কাল।
নগ্নজিৎ পুৰুজিৎ সোম মহীপাল॥৯॥
সাৰ সুৰথ ৰথী সুপাৰ্শ্ব প্ৰতীপ।
চন্দ্ৰচূড় চক্ৰকেতু কৌশাম্বিৰ নৃপ॥
পৰ পুৰঞ্জয় জয়সেন মহোৎসৱ।
চমৎকাৰে চলে অতি সৈন্য সবান্ধৱ॥১০॥
কৌৰৱ পাণ্ডৱ আদি কৰি যচ ৰাজা।
পুত্ৰ পত্নী সমন্বিতে সঙ্গে লৈয়া প্ৰজা॥
হয় হস্তী ৰথে কেহো চৰি নৰযান।
কুৰুক্ষেত্ৰ তীৰ্থে আসি ভৈলা একথান॥১১॥
পুৰ্বত পৰশুৰামে কৰিলা নিশ্চয়।
ক্ষত্ৰিয়ৰ ৰুধিৰে নিৰ্মলা হ্ৰদয়॥
কৃষ্ণৰ কুৰুক্ষেত্ৰ যাত্ৰা
আপুনি কৰিলা স্নান দান যজ্ঞ যত।
নাই পুণ্য ক্ষেত্ৰ তাক সম সংসাৰত॥১২॥
পৃথিৱীৰ ৰাজা একথান ভৈলা তথা।
অত অনন্তৰে শুনা কেশৱৰ কথা॥
সৰ্বগ্ৰাস গ্ৰহণৰ শুনি সিয়ো বাৰ্ত্তা।
সৰংশে কৰিলা কৃষ্ণে কুৰুক্ষেত্ৰে যাত্ৰা॥১৩॥
বীৰ কৃতবৰ্মা শুক সুচন্দ্ৰ সাৰণ।
লগত সহায় দিলা এহি চাৰিজন॥
অনিৰুদ্ধ কুমাৰক প্ৰবোধিয়া হৰি
সেনা সমে থৈলা দ্বাৰকাক ৰক্ষা কৰি॥১৪॥
আন যত যদুবংশ মানে নিৰন্তৰ।
কৃষ্ণক আৱৰি ৰঙ্গে চলে চপকৰে॥
লৈয়া মহা প্ৰাৰন্তে সম্ভাৰ ভৰি পূৰ।
চলে বসু দেবাসুৰ আহুক অক্ৰূৰ॥১৫॥
ৰাম কামদেৱ গদ শাল্ব মহাবীৰ।
উগ্ৰসেন শঠ শত্ৰুমৰ্দ্দন মন্দিৰ॥
শাল্ব ভগদত্ত ভূৰি বিক্ৰয় উৰ্ম্মুক।
যৱ যদুগণ সঙ্গে পৰম উৎসুক॥১৬॥
ৰথসৱ চলে যেন বিমান দেৱৰ।
ছানি যায় ধ্বজ দণ্ড চিৰল চামৰ॥
জলকে কিঙ্কিণী সুৱৰ্ণৰ শাৰী শাৰী।
যায় যদুগণ তাতে সঙ্গে নিজ নাৰী॥১৭॥
যুগে যুগে যায় মত্ত হস্তী একে ঢিকি।
সুৱৰ্ণ ভূমুকাচয় কৰে চিকিমিকি॥
যেন ঐৰাৱত গৰ্জ্জনিতে ভূমি চালে।
কৰ্ণে হানে তাল গজঘণ্টাৰ আম্ফালে॥১৮॥
সুৱৰ্ণ পাখাৰে চলে যত তেজী ঘোৰ।
তল বল কৰে বেগে বায়ু নোহে যোৰ॥
ৰাহুতে দেখাৱে লীলা গতি লয়লাসে।
সাগৰৰ উৰ্মি যেন উল্লাসে বতাসে॥১৯॥
অলেখ পদাতি চলে পৰম উৎসাহে।
চিকিমিকি কৰে দেহা সুৱৰ্ণ সন্নাহে॥
দিব্য বস্ত্ৰ অলংকাৰে যায় প্ৰকাশন্তে।
সুৱৰ্ণৰ মালা দোলে কণ্ঠত হাঠন্তে॥২০॥
হৃষ্ট পুষ্ট দপিষ্ঠ বলিষ্ঠ কলেৱৰ।
অস্ত্ৰ সস্ত্ৰ ধৰি যেন ধাৱে বিদ্যাধৰ॥
সঙ্গে নিজ নাৰী চলে গলে হেমহাৰ।
অপেশ্বৰী সমে যেন দেৱৰ কুমাৰ॥২১॥
সৱাৰ মাজত যাস্ত জগত নিৱাস।
নক্ষত্ৰৰ মাজে যেন চন্দ্ৰৰ প্ৰকাশ॥
মৌক্তিক ছত্ৰেক আছে শিৰৰ উপৰে।
সাত্যকি উদ্ধৱো চলে ধৱল চামৰে॥২২॥
দাৰুকে ডাকন্ত ৰথ চলে লাসে লাসে।
দিব্য যন্ত্ৰ যতেক বজাৱে লাসেৱেশে॥
ছিন্ন চৌণ্ড দণ্ড নচুবাৱে তুলি তুলি।
নটে ভাটে ৰটে জয় জয় কৃষ্ণ বুলি॥২৩॥
ঈষত হসিত মুখ নৱ পদ্মকোষ।
অৰুণ দুই চৰণ দেখন্তে সন্তোষ॥
শ্যাম শৰীৰত ৰত্নময় অলঙ্কাৰ।
নবীন মেঘৰ যেন বিজুলী সঞ্চাৰ॥২৪॥
ৰূপৰ সম্পত্তি আতি প্ৰকাশে প্ৰচুৰ।
কোটি কন্দৰ্পৰো দৰ্প দেখি হৱৈ চূৰ॥
বাহু বক্ষঃস্থলত যাহাৰ পৰে দৃষ্টি।
জুৰাই তনু মন যেন অমৃতৰ বৃষ্টি॥২৫॥
দৈৱকী প্ৰমুখ্যে নাৰী যাদৱ বংশৰ।
ৰুক্মিণী প্ৰমুখ্যে যত মহিষী কৃষ্ণৰ॥
শৰীৰক মণ্ডি ৰত্নময় অলঙ্কাৰে।
বিমানত চড়ি লৰি যান্ত জাতিষ্কাৰে॥২৬॥
যতেক যাদৱী সেনা তাৰো নাহি সীমা।
যাহন্তে কীৰ্ত্তন কৰে কৃষ্ণৰ মহিমা॥
পূৰিলেক কৃষ্ণ গুণে গগণ মণ্ডল।
শুনে মানে ধ্বনি পলাই পাপ অমঙ্গল।৷২৭॥
কৃষ্ণেসে পৰম ইষ্ট দেৱ কৃষ্ণ প্ৰাণ।
নাজানে যাদৱী সেনা কৃষ্ণ বিনে আন॥
কৃষ্ণৰেসে যশ কথা নিৰন্তৰে গাৱে।
সলোতক নয়ন বয়ন প্ৰেমভাৱে॥২৮॥
অসংখ্যাত ৰথ ঘোষ বাদ্য ভণ্ড ৰোলে।
হয় হস্তী গিৰি মহীসণ্ডল হিন্দোলে॥
এহিমতে যান্ত যদুবংশ প্ৰদীপ
অনন্তৰে পাইল কুৰুক্ষেত্ৰৰ সমীপ॥২৯॥
কৃষ্ণৰ চৰণে সৱে লৈয়া অনুমতি।
নামিয়া জলত সৱে যাদৱ সন্ততি॥
ৰামৰ হ্ৰদত ৰঙ্গে কৰিলন্ত স্নান।
দেৱতা পিতৃৰ সন্তৰ্পিয়া দিলা দান॥৩০॥
বিশিষ্ট বিপ্ৰক আনি কৰিলা সৎকাৰ।
শ্ৰাদ্ধায়ে পিন্ধাইলা গন্ধ বস্ত্ৰ অলঙ্কাৰ॥
দিলা দাস দাসী দোলা হয় হস্তী ৰথ।
ভৈলন্ত সন্তোষ পৰিপূৰ্ণ মনোৰথ॥৩১॥
সুৱৰ্ণৰ শৃঙ্গ ৰজতৰ খুৰা চাৰি।
গলে হেমমাল্য দিব্য বসনে আৱৰি॥
কৰিলন্ত দান হেম ধেনু অসংখ্যাত।
মিলোক ভকতি বুলি কৃষ্ণ দেৱতাত॥৩২॥
পুনৰপি সবংশে কৰিলা মোক্ষ-স্নান।
মহন্ত বিপ্ৰক পুনু কৰিয়া সন্মান॥
কৃষ্ণৰ চৰণে হৌক ভকতি আহ্মাৰ।
এহি বুলি দিলন্ত সুৱৰ্ণ একো ভাৰ॥৩৩॥
পাচে কৃষ্ণদেৱ যদুবংশৰ লগতে।
কাৰিলা আপুনি স্নান দান বিধিৱতে॥
অনুমতি পায়া সৱে কৃষ্ণৰ চৰণে।
কৰিলা ভোজন ভাগ্যৱন্ত যদুগণে॥৩৪॥
মহা হৰিষিত চিত্ত উঠি সমদলে।
ছায়া অনুসৰি বসিলন্ত তৰুতলে।
আসি আছে পৃথিৱীৰ যত ৰাজাগণ।
চিৰকাল অন্যোঅন্যে ভৈল দৰশন॥৩৫॥
যাদৱ বংশক দেখি আনন্দ হৃদয়।
বিদৰ্ভ কৈকেয় কুৰু কাম্বোজ সৃঞ্জয়॥
বিৰাট দ্ৰুপদ মদ্ৰ কৌৰৱ পাণ্ডৱ।
পৰম সুহৃদ কোহো সম্বন্ধী বান্ধৱ॥৩৬॥
ভৈলা দেখাদেখি সৱে আসি কুৰুক্ষেত্ৰ।
হৰিষে প্ৰফুল্ল মুখ পদ্ম সম নেত্ৰ॥
সাৱটন্ত অন্যোঅন্যে মিলে প্ৰেমভাৱ।
ঝাৰে নয়নৰ নীৰ ৰোমাঞ্চিত গাৱ॥৩৭॥
নিৰোধিলা তাক কণ্ঠ বাক্য নসঞ্চাৰে।
পৰম আনন্দ মনে মিলে সমস্তৰে॥
ধৰাধৰি কৰি আসি বসিয়া আসনে।
পুছিলা কুশল বাৰ্ত্তা মধুৰ বচনে॥৩৮॥
দ্ৰৌপদী প্ৰমুখ্যে ৰাজ মহিষী যতেক।
কৃষ্ণপত্নী সমস্তকে দেখিয়া প্ৰত্যেক॥
পৰম সুহৃদ ভাৱে ধৰি আলিঙ্গিল।
কুঙ্কুমে ৰঞ্জিত দুই তনক পীড়িল॥৩৯॥
পাইলন্ত পৰম প্ৰীতি আন্যোঅন্যে চাই।
মহা প্ৰেমভাৱে নীৰ নেত্ৰৰ বঝাই॥
কনিষ্ঠে জ্যেষ্ঠক কৰিলন্ত নমস্কাৰ।
অন্যোঅন্যে কুশল কৰিল আপোনাৰ॥৪০॥
যত মহা মহা ৰাজা আসিয়াছে তথা।
পাতিয়া বহল সভা কহে কৃষ্ণ কথা॥
নাৰীসৱে একত্ৰে বসিয়া মহা সুখে।
কৃষ্ণৰেসে চৰিত্ৰ কহয় মাত্ৰ মুখে॥৪১॥
যাদৱগণ সিটো মহা শ্ৰীক দেখি।
ঈশ্বৰ কৃষ্ণৰ মূৰ্ত্তি নিৰেখি নিৰেখি॥
ভৈলন্ত বিস্ময় আতি সিটো সামৰাজে।
নাহি আন কথা কৃষ্ণ মহিমাত বাজে॥৪২॥
পিতৃক মাতৃক দেখি কুন্তী ৰাজমাৱে।
মহা প্ৰীতি পৰি প্ৰণামিলা দুইৰো পাৱে॥
যত ভাৰ্য্যা ভগিণী ভাৰ্য্যাৰ ভাতৃচয়।
কৰিলা সাদৰ সমস্তক যেন নয়॥৪৩॥
কৃষ্ণক দেখিয়া মহা প্ৰেম উপজিল।
কণ্ঠত ধৰিয়া নীৰ নেত্ৰৰ ত্যাজিল॥
গৌৰৱে কুম্ভীৰ পাচে নমিলা মাধৱে।
ভৈলা সলোতক মুখ দেখি সবান্ধৱে॥৪৪॥
ভ্ৰাতৃ বসুদেৱক কৰিলা বহুমান।
কান্দন্তে দিলন্ত তাক কুন্তী সমিধান॥
তুমি শ্ৰেষ্ঠ ভাতৃ পিতৃ সমানে সবুদ্ধি।
এতমন আপদতো নকৰিলা শুদ্ধি॥৪৫॥
কতব জন্মত পাপ সঞ্চিলো দুৰ্ঘোৰ।
ভৈলেহো বিধবা স্বামী মৰিলন্ত মোৰ॥
পঞ্চগুটি পুত্ৰসমে ভৈলো অনাথিতি।
নাহি পৃথিৱীত মোত পৰে নিমাখিতি॥৪৬॥
পিতৃ মাতৃ সুহৃদ সোদৰ বন্ধুজন।
আপদ কালত যাক নকৰে স্মৰণ॥
যিটো ভাগ্য শূন্য তাৰ জীৱন নিস্ফল।
এহি বুলি ভৈলা কুন্তী নয়ন সজল॥৪৭॥
বান্ধৱৰ মধ্যত কৰন্ত অসন্তোষ।
মোৰ বিধি বক্ৰ কিবা তোমাসাৰ দোষ॥
অৱশ্যে ভূঞ্জিবে লাগে ললাট লিখিত।
শুনি শোকে সবান্ধৱে নধৰন্ত চিত॥৪৮॥
বসুদেৱ বোলন্ত শুনিয়ো কুন্তী আই।
আমাসাত অপমান কৰিতে যুৱাই॥
নকৰিলা শুদ্ধি তোমাসাক এতদিন।
কিন্তু তুমি আমি সৱে অধীন॥৪৯॥
মিলে মান অপমান ঈশ্বৰ ইচ্ছায়।
বিচাৰত সুখ দুখ দাতা আন নাই॥
ঈশ্বৰৰ বশ্য আমি যত জীৱ মানে।
নুহিকো স্বতন্ত্ৰ আক দেখা বিদ্যমানে॥৫০॥
কোন দুখ আহ্মাক নিদিলা পাপী কংসে।
যম যাতনাক ঐত ভুঞ্জিলো সবংশে॥
ইচ্ছাদিলে ভেটিকো কৰিয়া কূটনাট।
কতকে কহিবো মাৱ আহ্মাৰ ললাট॥৫১॥
আৱেসে খণ্ডিল দুখ বিধি সুদক্ষিণ।
সম্প্ৰতিসি সুখে আছো আমি কতোদিন॥
ভালেকি আছন্তে আমি নকৰিলো শুদ্ধি।
ত্যাজিয়ো বিষাদ মাৱ থিৰ কথা বুদ্ধি॥৫২॥
হেন শুনি ৰামমাৱে ত্যাজিলা নিশ্বাস।
কেশৱো কৰিলা পাচে পেহীক আশ্বাস॥
প্ৰবোধিলা আনো বন্ধু বান্ধৱ সাদৰে।
ভৈলা শান্তমতী আতি কুন্তী অনন্তৰে॥৫৩॥
শুনা সামাজিক কৃষ্ণ চৰিত্ৰ নিতান্ত।
সংসাৰ ব্যাধিক ইসে কৰে উপশান্ত॥
মোহ নিদ্ৰা এৰি লৈয়ো সত্বৰে চেতন।
কালে পাইলে হেৰা কৰা কৃষ্ণক স্মৰণ॥৫৪॥
হে প্ৰাণনাথ নাৰায়ণ কৃষ্ণ দেৱ।
তোহ্মাৰ চৰণে মনে কৰো কোটি সেৱ॥
মই মহা মূঢ় মন্দমতি দুৰাচাৰ।
দীন দয়াশীল কৰা আপদে উদ্ধাৰ॥৫৫॥
তুমিসো হৃদয় প্ৰিয় আত্মা নিষ্ঠে নিষ্ঠ।
উপদেশ দাতা তুমি গুৰুদেৱ ইষ্ট॥
এতেক জানন্তে মোৰ থিৰ নোহে মতি।
আপুনি কৰিয়ো কৃষ্ণ অগতিৰ গতি॥৫৬॥
কৃপা কৰা কৃষ্ণ লৈলো তোহ্মাক শৰণ।
সদায়ে স্মৰোক মনে অৰুণ চৰণ॥
নছাৰোক মুখে মোৰ কৃষ্ণ হেন নাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৫৭॥
॥দুলড়ী॥
নিগদতি শুক শুনা পৰীক্ষিত
যেন কথা আতপৰে।
পৃথিৱীৰ মহা মহাৰাজ যত
আসিয়াছে নিৰন্তৰে॥
দেখি বসুদেৱ প্ৰমুখ্যে যাদৱ
গণ ভৈলা আনন্দিত
পৰম সাদৰে সৱাকো অৰ্চ্চিলা
যাক যেন যথোচিত॥৫৮॥
ৰামে সমে কৃষ্ণে কৰিলা সন্মান
সৱাকো বিনয় ভাৱে।
কৃষ্ণক নিৰীক্ষ নৃপতিসকলে
এক দৃষ্টি কৰি চাৱে॥
কৃষ্ণ দৰশনে সমস্তৰ মনে
পৰম আনন্দ মিলে।
জিহ্বায়ে চেলেকে নাকে মুখে যেন
নয়নৰ পথে গিলে॥৫৯॥
জগতৰ প্ৰিয় আত্মা ভগৱন্ত
তাঙ্ক দৰশন পাই।
তনু পুলকিত লোতক নিগড়ে
আনন্দৰ সীমা নাই॥
পৃথিৱীৰ ৰাজা যত আসিয়াছে
শত্ৰু মিত্ৰ উদাসীন।
কৃষ্ণৰ পৰম ঈশ্বৰ জানিয়া
ভৈল সৱে মোহ হীন॥৬০॥
ভীষ্ম দ্ৰোণ কৃপ কৰ্ণ কুন্তীভোজ
কাম্বোজ কুণ্ডিল পতি।
বিশালাক্ষ বীৰ বিৰাট বাহ্লিক
কৈকেয় কাশী নৃপতি॥
যুধামন্যু মত্ত মৈথিল সুশৰ্ম্মা
ধৃষ্টকেতু চেকিতান।
সৃঞ্জয় সঞ্জয় বিদুৰ বিৰাট
দেখি উল্লসিত প্ৰাণ॥৬১॥
সুৰল শকুনি ধৃতৰাষ্ট ৰাজা
সপুত্ৰে সতী গান্ধাৰী।
সত্যৱতী কুম্ভী দ্ৰৌপদী প্ৰমুখ্যে
যত পাণ্ডৱৰ নাৰী॥
যুধিষ্ঠিৰ ভীম অৰ্জ্জুন নকুল
সহদেৱ পাঞ্চো ভাই॥
ৰাজসূয় যজ্ঞে জিনিলা যতেক
ৰাজাগণ সমুদায়॥৬২॥
দেখিলা আনন্দ মূৰতি কৃষ্ণৰ
সাক্ষাতে লক্ষ্মী নিৱাস।
কোটি এক শশী সূৰ্য্য একেবাৰে
কৰন্ত যেন প্ৰকাশ॥
ষোড়শ হাজাৰ পত্নীসৱ সিটো
সাক্ষাতে লক্ষ্মীৰ নয়।
পৰম বিভৱ দেখি মাধৱৰ
মিলিল মনে বিস্ময়॥৬৩॥
মানুষ নোহয় দৈৱকী তনয়
জানিলো নিশ্চয় কৰি।
সৃষ্টি স্থিতি অন্ত যি দেৱে কৰন্ত
তেন্তে এন্তে মহাহৰি॥
ব্ৰহ্মা আদি কৰি পিম্পৰা পৰ্যন্ত
মোহিত যাৰ মায়াত।
জগত নিস্তাৰ হেতু অৱতাৰ
জানিলো ভৈলা সাক্ষাত॥৬৪॥
সেহি সময়ত সমস্তৰে ভৈল
কৃষ্ণত ঈশ্বৰ বুদ্ধি।
আনন্দে যাদৱ বংশক প্ৰশংসা
কৰন্ত সৱে সম্বোধি॥
হে বসুদেৱ উগ্ৰসেন শুনা
যাদৱ বংশ সকল।
জানিলো মনুষ্য মধ্যে তোৰাসৱে
জন্মৰ ভৈল সাফল॥৬৫॥
জগতকে যিটো দেখে-ব্ৰহ্মময়
জ্ঞানীগণ মধ্যে খ্যাত।
ঈশ্বৰ মূৰতি কৃষ্ণৰ নেদেখে
ধ্যানত সিটো সাক্ষাত॥
হেন মাধৱক বান্ধৱ মানিয়া
মুখ পদ্ম দেখা নিতে।
দুৰ্ল্লভ প্ৰভুক অপ্ৰয়াসে পাইলা
গুণাগুণ একচিতে।৷৬৬॥
যাৰ বাক্য বেদ পাদোদক গঙ্গা
ত্ৰৈলোক্য পৱিত্ৰ কৰে।
যাৰ কীৰ্ত্তি যশ শ্ৰৱণ কীৰ্ত্তনে
জগত আতি উদ্ধাৰে॥
যাৰ নাম মাত্ৰ স্মৰণে নিস্তাৰে
পতিত পাতকীচয়।
হেন মাধৱক সদা দেখা কিনো
দুৰ্ল্লভ ভাগ্য উদয়॥৬৭॥
কালে নাশ গৈল নহীৰ মাহাত্ম্য
নোপজে শস্য কিঞ্চিত।
যাৰ পাদপদ্ম পৰশে সম্পূৰ্ণ
ভৈল ভূমি কৃতকৃত্য॥
যেই ষিবা আৱে বাঞ্ছো পৃথিৱীত
পূৰ্ণ হোন্ত সেই কাম।
যাহাৰ প্ৰসাদে জগতৰে ভৈল
মহা দুখ উপশাম॥৬৮॥
হেন ঈশ্বৰক দৰশন পাই
পৰশা আপোন হাতে।
কৰা একেলগে ভ্ৰমণ ভোজন
শয়ন একে শয্যাতে॥
মোক্ষ সুখ এৰি কৃষ্ণৰ সেৱাত
সবংশৰে অভিলাষ।
কিনো মহা ভাগ্য গৃহতে কৰন্ত
আপুনি বিষ্ণু নিৱাস॥৬৯॥
আনো অসংখ্যাত কৰিল প্ৰশংসা
ধন্য ধন্য যদুকুল।
পৰম মহিমা দেখিয়া কৃষ্ণত
শিৰে বৰিষিলা ফুল॥
মিলিল সিবেলা সবাৰো কৃষ্ণত
পৰম ঈশ্বৰ জ্ঞান।
হৰিৰে বহিল কোহো নকহিল
কৃষ্ণকথা বিনে আন॥৭০॥
॥ছবি॥
শুনা সামাজিক যত ইটো মহাভাগৱত
যত্নে মহা হুয়ো সাৱধান।
কৃষ্ণৰ চৰিত্ৰচয় সম্যকে অমৃতময়
কৰা কৰ্ণঞ্জলি ভৰি প্ৰাণ॥
হেন কৃষ্ণ কৃপাময় মই মহা দুৰাশয়
বিষয় বাসনা নেৰে মোক।
তোহ্মাৰ চৰণে মতি নকৰে ভকতি ৰতি
আৱে মোৰ কোনে গতি হোক॥৭১॥
বচনত মাত্ৰ মূঢ় মই শূন্য মতি মূঢ়
পৰ উপদেশত পণ্ডিত।
তুমি হেন দেৱ জানি নপাৰিলো চক্ৰপাণি
আপোনাৰ দুখক খণ্ডিত॥
নেৰাইলো সংসাৰ তাপ চৰণে উদ্ধাৰা বাপ
কৰো হেৰা চৰণে প্ৰণাম।
তুমি বিনে ত্ৰাণ নহে কৃষ্ণৰ কিঙ্কৰে কহে
নিৰন্তৰে বোলা ৰাম ৰাম॥৭২॥
॥কৃষ্ণ-বলৰাম আৰু নন্দ-যশোদাৰ মিলন॥
॥পদ॥
নিগদতি শুক শুনা নৃপ পৰীক্ষিত।
কৃষ্ণৰ চৰিত্ৰ লীলা পৰম অমৃত॥
আত অনন্তৰে কথা শুনা মহাবীৰ।
যিসৱ বৃতান্ত ভৈল গোকুলবাসী॥৭৩॥
শুনিলা আনন্দ বাৰ্ত্তা নন্দ গোপে পাচে।
কৃষ্ণ সমে যত যদুবংশ আসিয়াছে॥
মিলিল উৎসুক মনে মহা হৰিষন্ত।
তোলাইলা শকটে আনি সকল সম্ভৃত॥৭৪॥
তথাতে ৰহিবো বাসা নন্দৰ আশয়।
গোপগণ সমে যাওঁ আনন্দ হৃদয়॥
কৃষ্ণক দেখিবো বুলি মনত উল্লাসে।
যশোদা প্ৰমুখ্যে গোপী চলে লয়লাসে॥৭৫॥
ভৈলা সুপ্ৰভাত আজি বিধাতা প্ৰসন্ন।
পাইবো প্ৰেম পঙ্কজ নেত্ৰক দৰিশন॥
ঈষত হসিত মুখ দেখিবো দুনাই।
প্ৰেমে পৰিপূৰ্ণ গোপীসৱ চলি যায়॥৭৬॥
জগতৰ পূজ্য যিটো দৈৱকীকুমাৰ।
যাক নাপাই প্ৰাণ ফুটে সদায়ে অক্ষাৰ॥
তাহান দেখিবো পাদ পঙ্কজ দুতয়।
আজি জন্ম সাম্ফল মিলিবে মহোদয়॥৭৭॥
যিটো জগতৰ আত্মা ভকত বান্ধৱ।
বুলিলা প্ৰবোধ ধৰি আহ্মাক মাধৱ॥
হেন মনে গুণন্তে যাহন্তে যেৱে আছে।
ভৈলা দেখা দেখি যদুবংশ সমে পাচে॥৭৮॥
গোকুলবাসীক দেখি যতেক যাদৱ।
উঠিল তেখনে মনে মিলিল উৎসৱ॥
প্ৰাণৰ পৰশে যেন তনুৰ উল্লাস।
দূৰতে দেখিয়া ৰঙ্গে তুলিলন্ত হাস॥৭৯॥
মহা হৰিষিত মন চিৰ দৰিশনে।
আসি সাৱটিল সৱে সজল নয়নে॥
নন্দক দেখিয়া বসুদেৱে গাৱ চালি।
প্ৰাণমিত্ৰ বুলি ধৰিলন্ত আঙ্কোৱালি॥৮০॥
পাইলা প্ৰীতি আতি নয়নৰ ঝৰে নীৰ।
প্ৰেমত আকুল ভৈল চিত্ত নুহি থিৰ॥
লোতকে নিৰোধে কণ্ঠ বাক্য বাজ হুই।
সাৱটা সাৱটি কৰি আছিলন্ত দুই॥৮১॥
সাদৰে বৈসাইলা নিয়া সুৱৰ্ণ আসনে।
কৰিলা সন্মান নিয়া মধুৰ বচনে॥
পাপী কংসে বন্দী কৰি দিলা দুখ যত।
নন্দ দৰশনে সৱে পৰিল মনত॥৮২॥
বুলিবে লাগিলা স্মৰি পূৰ্ব্ব উপকাৰ।
কংসৰ ভয়ত পুৰি নাছিল আক্ষাৰ॥
তুমি প্ৰাণসম মিত্ৰ তোহ্মাতসে গয়।
পলুৱাই থৈলো নিয়া দুগুটি তনয়॥৮৩॥
পুত্ৰৱতে পালিলা আপুনি অনুদিন।
শুজন নযায় সিটো উপকাৰ ঋণ॥
কৰিলো তোক্ষাত মই ভাৰ্য্যাৰ সঞ্জাত।
কোন হিত মোৰ নাচৰিলা সিবেলাত॥৮৪॥
এতেকে বোলন্তে প্ৰেম পৰশিল আতি।
সলোতক নেত্ৰে তম্ভি থাকিল নামাতি॥
নন্দো ধৰি মিত্ৰক বুলিলা প্ৰিয় বাক।
এতেকে বুলিবে সখী নালাগে আহ্মাক॥৮৫॥
তুমি মহা ভাগৱত জগততে সাৰ।
যাৰ ঘৰে পৰম ঈশ্বৰ অৱতাৰ॥
তুমি সম ভাগ্যৱন্ত ত্ৰৈলোক্যতে নাই।
তোহ্মাৰ সাধিবো প্ৰীতি কত পুণ্য পাই॥৮৬॥
কিনো ভাগ্য ভৈলা তুমি মোৰ মহা মিত্ৰ।
আজিসে জানিলো ভৈলো পৰম পৱিত্ৰ॥
তোহ্মাৰ আলাপে পাপ কৰিলে উচ্ছাদ।
কৰিলা আলাপ আনো মধুৰ সম্বাদ॥৮৭॥
নন্দ যশোদাক দেখি পাচে কৃষ্ণ ৰাম।
পৰম প্ৰেমত পৰি কৰিলা প্ৰণাম॥
পিতৃ-মাতৃ বুলি উঠি সাৱটিলা ধৰি।
স্নেহে স্ৰৱে কমল নেত্ৰৰ নীৰ ঝৰি॥৮৮॥
পিতৃৰ মাতৃৰ প্ৰেমে পৰম আকুল।
ভৈলা আত যিটো জগতৰে আদিমূল॥
লোতকে নিৰোধে কণ্ঠ বাক্য নাসে মুখে।
হেঠ মাথে ৰৈলা চিৰ বিয়োগৰ দুখে॥৮৯॥
নন্দ যশোদায়ো দেখি পৰম প্ৰেমত।
সাৱটি ধৰিলা তুলি নিজ আসনত॥
শিৰ সুঙ্গি পাইলা প্ৰীতি প্ৰসন্ন বদন।
মহা স্নেহে স্ৰৱে যশোদাৰ দুয়ো স্তন॥৯০॥
এৰাইলন্ত চিৰ বিয়োগৰ সিটো তাপ।
কৰিলা কৃষ্ণক ধৰি প্ৰেমত বিলাপ॥
সমৰিয়া কেশৱৰ সিসৱ চৰিত।
স্নেহত কান্দন্ত নন্দ নসহন্ত চিত॥৯১॥
লোতকে তিৱাইলা তনু ৰাম মাধবৰ।
লগতে কান্দন্ত দুয়ো পৰম ঈশ্বৰ॥
নেত্ৰৰ লোতক বহে নসহে হৃদয়।
চড়ে চিৰ দৰশন প্ৰেম আতিশয়॥৯২॥
কতোক্ষণে ভৈলস্ত মাধৱ সন্ধুক্ষণ।
পিতৃৰ মাতৃৰ দুইৰো ধৰিয়া চৰণ॥
বিনয় বচনে কৰি ক্ৰন্দন নিৰোধ।
অনেক বচনে দুইকো কৰিয়া প্ৰবোধ॥৯৩॥
পৰম অতৰ্ক গতি কাল ঈশ্বৰৰ।
দৈৱৰ অধীন সমাগম বান্ধৱৰ॥
কৈৰপৰা আনি জীৱ কৰে এক ঠাই।
ক্ষণেকতে পনুহো পেহ্লাৱে বিহৰাই॥৯৪॥
জলৰ বেগত এক থান হোৱে ফেন।
ক্ষণেক থাকিয়া ক্ষনেকতে মিলে যেন॥
সেহিমত সংযোগ বিয়োগ সুহৃদৰ।
ঈশ্বৰৰ বশ্য কেহো নোহে স্বতন্তৰ॥৯৫॥
এহি পৰমাৰ্থ কথা নোহে আত বোধ।
চিৰকাল নগোবাই কৰিলো অপৰাধ॥
কৰোহোঁ কাতৰ মোৰ মৰষিয়ো দোষ।
হেন শুনি ভৈল নন্দ যশোদা সন্তোষ॥৯৬॥
ৰোহিণী দৈৱকী পাচে আসিলা বজাই।
যশোদাক দেখিয়া পৰম প্ৰীতি পাই॥
হাসি প্ৰাণ সখি বুলি সাৱটিয়া ধৰি।
বাহু মেলি দুহাতো ধৰিলা ব্ৰজেশ্বৰী॥৯৭॥
পাপী কংসে যত যত ভুঞ্জাইলা নিকাৰ।
সুমৰিয়া যশোদা পূৰ্ব্বৰ উপকাৰ॥
দ্ৰৱিল হৃদয় অতি দুইৰো স্নেহ চড়ে॥
ভৈলা সকৰুণ নীৰ নেত্ৰব নিগৰে॥৯৮॥
লোতকে নিৰেৱে কণ্ঠ গদগদ বাক।
বুলিলন্ত পৰম সাদৰে যশোদাক॥
বিপদৰ বান্ধৱ পৰম উপকাৰী।
তোমাঠেৰ গুণ আমি শুনিতে নাপাৰি॥৯৯॥
সপিলো তোহ্মাকে ইটো তনয় দুখানি।
প্ৰতিপাল পুষিলা তোমাৰ দুয়ো প্ৰাণী।
উপজি নপাইলা পুতাই পিতৃক মাতৃক।
তুলিলাহা সখি দেখি প্ৰাণতো অধিক॥১০০॥
নিৰ্ভয়ে ভ্ৰমিলা পুতাই তোহ্মাৰেসে গুণে।
চক্ষুৰ পীৰিতি যেন ৰাখিলা আপুনে॥
কৰিলা কৃষ্ণত মহা স্নেহ নিৰন্তৰ।
নাহিকে আপোন পৰ বুদ্ধি মহত্তৰ॥১০১॥
নাহি তোমাঠেত পৰে মহা হিতকাৰী।
তোহ্মাৰ মৈত্ৰিক পসৰিবে কোন নাৰী॥
ইন্দ্ৰৰ সম্পদ যদি দেওঁ প্ৰতিদিন।
তথাপিতো শুজা নযাই উপকাৰ ঋণ॥১০২॥
দ্ৰৱিল হৃদয় দুইৰো এতেকে বোলন্তে।
সৰসৰি পৰে নীৰ নয়নৰ হন্তে॥
প্ৰবোধিলা যশোদা আঞ্চলে মুচি মুখ।
কিসক কহস পূৰ্ব্ব আপদৰ দুখ॥১০৩॥
ঈশ্বৰৰ ইচ্ছায়ে আসি সুখ দুখ মিলে।
সম্পদো নাথাকে দুখো গুচে এততিলে॥
মায়াৰ ৰচনা ইটো জগতকে দেখি।
কিছু অনুশোচ নকৰিবা প্ৰাণসখি॥১০৪॥
কতো কোটি জনমৰ মোৰ আছে ভাগ।
কৃষ্ণ হেন পুত্ৰক তুলিবে পাইলো লাগ॥
তৰিলো আপদ ঘোৰ কৃষ্ণতেসে হন্তে।
দহে দেহা সখি সিটো কথা সুমৰন্তে॥১০৫॥
স্তন শুসি লৈলে পুত্ৰে পুতনাৰ প্ৰাণ।
কৈলা গল চেপি চক্ৰবাতক নিৰ্য্যাণ॥
কৃষ্ণে মাটি খাইলা বুলি শৰীৰ নসয়।
গৰ্ভতে দেখাইলা মোক ভূৱন চৈধ্যয়॥১০৬॥
অঘ বক বৎস বেশী ধেনুক অৰিষ্ট।
গোকুলত চিত্তে আসি অনেক অনিষ্ট॥
প্ৰলম্ব প্ৰমুখ্যে যত আসিলা অসুৰ।
সমস্তকে মাৰি কৰিলন্ত দুখ দূৰ॥১০৭॥
হ্ৰদৰ খেদাইলা দমি কালিক নিকালি।
বৎস বৎস পালক জীয়াইলা বনমালী॥
জুই আসি বেঢ়িল আহ্মাৰ যায় প্ৰাণ।
ৰাখিলন্ত কৃষ্ণে বন বহ্নি কৰি কৰি পাণ॥১০৮॥
গোধূলি বেলাত থাকো পদূলিত চাই।
বৎস লৈয়া আসে সোণা মুখে বংশী বাই॥
আগবাঢ়ি ধৰিয়া আঞ্চলে মোছোঁ ধূলি।
প্ৰাণ পুত্ৰ বুলি বুকে সাৱটোহোঁ তুলি॥১০৯॥
স্নান কৰাই পিন্ধাওঁ গন্ধ চন্দন ভূষণ।
নিতে পঞ্চামৃতে কৰাওঁ কৃষ্ণক ভোজন॥
সুৱৰ্ণ খাটত শুৱাওঁ বিছাই হংস তুলী।
বুকত সাৱটি থাকো প্ৰাণ পুত্ৰ বুলি॥১১০॥
হেন কৃষ্ণ বাপ হন্তে ভৈলোহো বঞ্চিত।
ইটো সুখ খান্তি সখি নাহিকে কিঞ্চিত॥
কৃষ্ণ সূৰ্য বিনে দেখো আন্ধাৰ দুৰ্ঘোৰ।
আউৰ গৃহ কৰ্মত নপৰে চিত্ৰ মোৰ॥১১১॥
পুত্ৰৰ সিসৱ লীলা সুমৰি সুমৰি।
নিদ্ৰা নাসে ৰাত্ৰিয়ো লোতক যায় ঝৰি॥
কৃষ্ণকেসে দেখো মাত্ৰ সচিতে সপোনে।
শূন্য ভৈল ব্ৰজ মোৰ কৃষ্ণ অৱিহনে॥১১২॥
কৃষ্ণৰ ক্ৰীড়াৰ ভূমি বৃন্দাবন স্থান।
কালিন্দীক দেখি সখি ফুটে যেন প্ৰাণ॥
ধ্বজ বজ্ৰ পঙ্কজ খোজতে আছে বান্ধি।
তাক দেখি কৃষ্ণ বুলি আমি মৰো কান্দি॥১১৩॥
আজিও সোণাৰ বংশী ঘৰে আছে পৰি।
দেখি দশগুণে মোৰ মৰ্ম যায় চড়ি॥
ওলাই আৰো পশিবে নপাৰো সিটো ঘৰ।
কতনো কহিব গুণ গোৱিন্দ পুত্ৰৰ॥১১৪॥
গোকুলত যত লীলা কৰিলন্ত হৰি।
দৈৱকীৰ আগে বৰ্ণাইলন্ত ব্ৰজেশ্বৰী॥
শুনন্তে কহন্তে সিটো গোবিন্দৰ যশ।
আনন্দত মজিল পৰম প্ৰেম ৰস॥১১৫॥
দৈৱকী যশোদা আদি নাৰী অসংখ্যাত।
কৃষ্ণৰ চৰিত্ৰচয় শুনে সিবেলাত॥
বহয় লোতক পুলকিত অতি তনু।
প্ৰেমত সমুদ্ৰত মন মজে পুনু পুনু॥১১৬॥
ৰুক্মিণী প্ৰমুখ্যে যত কৃষ্ণৰ মহিষী।
যশোদাক সাদৰিলা পৰম হৰিষি॥
বুলিলা প্ৰশংসা বাণী ব্ৰজ ঈশ্বৰীক।
কৰিলা শুশ্ৰূষা সৱে শিশুতো অধিক॥১১৭॥
দ্ৰৌপদী প্ৰমুখ্যে যত ৰাজ ভাৰ্যাচয়।
কৰিলন্ত যশোদাক তেসম্বো বিনয়॥
এহিমানে থওঁ স্ত্ৰীসমস্তৰ কথা।
আৱে কৃষ্ণ-গোপীৰ সম্বাদ কওঁ তথা॥১১৮॥
সিটো ভাগ্যৱতী গোকুলৰ গোপীগণ।
যাহাৰ বিৰহ তাপে দহে তনু মন॥
কথমপি শৰীৰত ৰহিয়াছে প্ৰাণ।
হেন কৃষ্ণ বন্ধুক দেখিলা বিদ্যমান॥১১৯॥
যিটো বিধি স্ৰজিলন্ত চকুত নিমেষ।
পূৰ্বতো শাপিলা তাঙ্ক গোপিকা নিঃশেষ॥
কৃষ্ণ দৰশনত পাতিলা ব্যৱধান।
নাহি জ্ঞান শূনা সিটো বিধিৰ সমান॥১২০॥
নিমিষেকো নসহিল পূৰ্বত গোপিনী।
চিৰ বিৰহত আৱে মহা বিৰহিনী॥
আশাতেসে আছে কথমপি প্ৰাণ ৰাখি।
হেন কৃষ্ণএৰে আসি ভৈল দেখা দেখি॥১২১॥
ভূৱন মোহন মহা মূৰ্তি মাধৱৰ।
চূৰ হোৱে যাক দেখি ৰূপ কন্দৰ্পৰ॥
প্ৰসন্ন বদন মন্দ মনোহৰ হাস।
যেন কৰে এক কোটি শশাঙ্ক প্ৰকাশ॥ ১২২॥
তৰুণ অৰুণ পঙ্কজৰ পাসি প্ৰায়।
হেন আতি আয়ত লোচন আছা চাই॥
ধন সুম সুবলিত ভ্ৰূৱে কৰে কান্তি।
মাণিকৰ চিকি চাক দশনৰ পন্তি॥১২৩॥
সুন্দৰ নাসিকা চাৰু চিবুক অধৰ।
কণ্ঠত কৌস্তুভ শোভে নৱ দিৱকৰ॥
মণিময় মকৰ কুণ্ডল গলে ডোলে।
বাহু বক্ষস্থলক দেখন্তে মন ভুলে॥১২৪॥
কেয়ূৰ কঙ্কণ মণি মুকুতাৰ হাৰ।
নীল অম্বৰত যেন বিদ্যুত সঞ্চাৰ॥
পীত পট কটি তটে ৰত্নৰ মেখলা।
আজানুলম্বিত জ্বলে বৈজয়ন্তী মালা॥১২৫॥
চৰণ পঙ্কজ দুইক দেখন্তে সন্তোষ।
ঈষত ৰাতুল যেন নৱ পদ্মকোষ॥
ৰত্নৰ নূপুৰে তাত কৰে ৰুণঝুণ॥
যেন ৰত্ন মন্ত্ৰগণে পৰি গাৱে গুণ॥ ১২৬॥
আঙ্গুলিত ৰত্নৰ উজন্তি কৰে কান্তি।
দৰ্পণ নিৰ্মল নখ চন্দ্ৰমাৰ পান্তি॥
পৰম আনন্দময় মূৰ্তি সিবেলাত।
চিৰকাল গোপীসৱে দেখিল সাক্ষাত॥১২৭॥
প্ৰাণতো অধিক মাধৱক দেখা পাইলা।
প্ৰসন্ন নয়নে সৱে নিৰীক্ষিয়া চাইলা॥
কৃষ্ণ দৰ্শনে সৱে ভৈল কৃতকৃত্য।
জুৰাই তনু মন যেন বৰিষে অমৃত॥১২৮॥
নাহি অহঙ্কাৰ যাৰ দেহত কিঞ্চিত।
ব্ৰহ্মাত সাতকাৰ কৰে সমাধিত॥
হেন মহাজ্ঞানীৰো দুৰ্ল্লভ যিটো হৰি।
পায়া তাঙ্ক গোপীসৱে চাইলা চক্ষু ভৰি॥১২৯॥
নয়নৰ পথে নিয়া হৃদয় কমলে।
আনন্দ সিন্ধুত মজি ভৈল কৃষ্ণময়।
পুলকিত তনু আতি দ্ৰবিল হৃদয়॥১৩০॥
ধাৰায়ে লোতক নয়নৰ পৰা পৰে।
পাইলন্ত পৰম প্ৰীতি আতি প্ৰেম চড়ে
হিয়াত আছন্ত ধৰি পৰম হৰিক।
মিলিল আনন্দ আতি মোক্ষতো অধিক॥১৩১॥
প্ৰেমধাৰে নেত্ৰৰ লোতক যায় বহি।
পৰিপূৰ্ণ ভাৱে তম্ভি আছে সৱে ৰহি॥
পৰম যোগীৰ যেন শাৰীৰ নিশ্চল।
প্ৰীতি প্ৰফুল্ল মুখ পৰম উজ্বল॥১৩২॥
আছে এহিমতে মনে মাধৱক ধৰি।
গোপীকাৰ পৰম ভাৱনা দেখি হৰি॥
পৰম বিস্ময় হুয়া শিহৰাইল গাৱ।
উপজিলা কৃষ্ণৰো গোপীত প্ৰেমভাৰ॥১৩৩॥
কমল নেত্ৰৰ পৰা পৰে নীৰ ঝৰি।
কতোক্ষণে আছিল গোপীক মনে স্মৰি॥
পচে ব্ৰজ-বধু সমস্তক নাৰায়ণে।
সম্বোধিয়া প্ৰবোধিলা মধুৰ বচনে॥১৩৪॥
মোক নপাই পাইলাহা বিৰহ মহাদুখ।
ধৰি পীতবস্ত্ৰে মছিলস্ত আখি মুখ॥
অনেক সাদৰে বিৰলক লাগি নিল।
মেলি মহা বাহু গাৱে আলিঙ্গিল॥১৩৫॥
কৃষ্ণৰ পৰম ৰসে হৰিষিত মন।
মধ্য কৰি কৃষ্ণক বসিলা গোপীগণ॥
পুনু কৃষ্ণ প্ৰাণক নিৰীক্ষি নেত্ৰ ভৰি।
এৰাইল সন্তাপ সৱ ব্ৰজৰ সুন্দৰী॥১৩৬॥
পায়া মাধৱৰ মহা পৰম সন্মান।
জুড়াইলা অমৃত পৰি যেন তনু প্ৰাণ॥
প্ৰণামিলা কৃষ্ণ পাৱে পৰশিলা বসি।
পুছিলন্ত কেশৱো কুশল হাসি হাসি॥১৩৭॥
তুমিসৱ আমাৰ পৰম প্ৰিয়তৰ।
কহিয়ো কল্যাণ কথা গৃহ শৰীৰৰ॥
সকুটুম্বে গোকুলত বঞ্চা ভালে ভালে।
তোমাসাক সখি নেদেখিলো চিৰকালে॥১৩৮॥
হে সখিসৱ মোক সুমৰা সৰ্ব্বথা।
মনত পৰেকি আসি সিটো পূৰ্ব্বকথা॥
অল্পতে আসিবো বুলি প্ৰবোধি তোহ্মাক।
বন্ধু বান্ধৱৰ অৰ্থে গৈলো মথুৰাক॥১৩৯॥
পৃথিৱীক পীড়ে দুষ্ট ৰাজাগণ যত
বহু শত্ৰু আহ্মাৰ মাৰিওঁ নপাওঁ অন্ত॥
বৈসাই আনি বংশক কৰন্তে প্ৰতিপাল।
এতেকে বিলম্ব মোৰ ভৈল চিৰকাল॥১৪০॥
কৰহা ভকতি মোক অৰ্পি জীউ প্ৰাণ।
নাহিকে সুহৃদ তুমিসৱৰ সমান॥
নপাই আৱজৰ নাপাওঁ তোহ্মাক দেখিত।
জানি সখি সমস্ত হুয়োক সুস্থ চিত্ত॥১৪১॥
মই মিত্ৰ বঞ্চক এৰিলো তোমাসাক
নকৰিবা হেন আৱে অবজ্ঞা আহ্মাক॥
ইটো শঙ্কা কদাচিতে নানিবা মনত।
কহোঁ নিষ্ট কৰি সখিসৱ স্বৰূপত॥১৪২॥
হেনবা বুলিবা মিছা ভাণ্ডনা বচন।
মহা মিত্ৰ বঞ্চকৰ হেনয় লক্ষণ॥
সাক্ষাতে এৰিয়া গৈলা আৰো কৰা শান্ত।
শুনা সখিসৱ আৱে ইহাৰ সিদ্ধান্ত॥১৪৩॥
কাল ঈশ্বৰৰ চেষ্টা বুজন নযায়।
সংযোগ বিয়োগ মিলে ঈশ্বৰ ইচ্ছায়॥
বন্ধু বান্ধৱক আনি কৰে এক ঠাই।
তিলকতে পুনহো পেহ্লাৱে বিহৰাই॥ ১৪৪॥
যেন মিলে মহা মেঘসমূহ আকাশে।
ক্ষণেক থাকিয়া উৰে প্ৰচণ্ড বতাসে॥
যেন তৃণ লতা যত পৃথিৱীৰ ধূলি।
একত্ৰে নাথাকে উৰুৱাবে বায়ু তুলি॥১৪৫॥
সেহিমত সমাগম বন্ধু বান্ধৱৰ।
কালৰ অধীন সৱে নোহে স্বতন্তৰ॥
জানি সখিসৱ মোৰ মৰষিয়ো দোষ।
তোমসাৰ ভাৱনাত ভৈলোহো সন্তোষ॥১৪৬॥
বিৰহতে মোত মহা মতি ভৈলা জাত।
পৰম কল্যাণ ইটো দেখিলো সাক্ষাত॥
ভকতি মাত্ৰকে তৰে নাহিকে সন্দেহ।
কিনো ভাগ্য তোহ্মাৰ বাঢ়িল মোত স্নেহ॥১৪৭॥
মোকেসে সুহৃদ নিজ আত্মা বুলি মানা।
সুখে সখিসৱ মোক পালা হেন জানা॥
ভৈলে কোমাসাৰ বশ্য কহো বিদ্যমান।
মই যেনমত তাক শুনা সাৱধান॥১৪৮॥
সমস্ত প্ৰাণীক ব্যাপি আছোহে অনন্ত।
বাহিৰে ভিতৰে সমস্ততে ভগৱন্ত॥
যেন ঘটসৰ মাটি মাত্ৰ বিচাৰত।
সেহিমতে ব্যাপি আছে এহি ত্ৰিজগত॥১৪৯॥
যত পঞ্চভূত জীৱ আছে চৰাচৰ।
মই পৰিপূৰ্ণত দেখিয়া নিৰন্তৰ॥
এতেকতে পাইবা মোক কৈলো ইটো তত্ত্ব।
সুদৃঢ় ভাবনা মনে ধৰা হৃদয়ত॥ ১৫০।
এহি বুলি ভৈলা কৃষ্ণদেৱ নিশৱদ।
মহা ভাগৱত কথা শুনা সভাসদ॥
কলিত তৰিবা যেৱে পাতক সাগৰ।
চিত্তে চাপি চৰণত ধৰা মাধৱৰ॥১৫১॥
হে প্ৰাণ প্ৰভু কৃষ্ণ মই মূঢ় মতি।
তোহ্মাৰ পাৱত মোৰ নভৈল ভকতি।
মিছাতে গৈলন্ত আয়ু মৃত্যু চাপে পাশ।
সুমৰিয়ো আহ্মাক দাসৰো বুলি দাস॥১৫২॥
তুমিসে পৰম প্ৰিয় আত্মা পিতা মাতা।
তুমিসে সুহৃদ নিজ বান্ধৱ বিধাতা॥
মই অনাথৰ নাথ হুয়োক সদয়।
সংসাৰ তাপত তাৰা কৃষ্ণ কৃপাময়॥১৫৩॥
মোৰ লাগি আসি যিটো কৰিবেক চিন্তা।
তুমি বিনে হেন বন্ধু নাহি একো ভিতা॥
ত্ৰিজগত তাৰণ তোমাৰ গুণ নাম।
জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম॥১৫৪॥
॥ ছবি॥
শুক নিগদতি ৰাজা যেৱে জগতৰ গুৰু
দিলা গোপা জ্ঞান উপদেশ।
কৃষ্ণৰ চৰণ স্মৰি এহি জ্ঞান মানে ধৰি
চিন্তে সব গোপীকা নিঃশেষ॥
যত চৰাচৰচয় নিৰন্তৰ কৃষ্ণময়
নাই কিছু কৃষ্ণ বিনে আন॥
কৃষ্ণসে আছন্ত ব্যাপি চিত্তত ধৰিলা চাপি
পৰম সুদৃঢ় কৰি ধ্যান॥ ১৫৫॥
ভাগ্যবতী গোপীগণ পৰম নিশ্চল মন
কৰিলেক কৃষ্ণক সাক্ষাত।
লিঙ্গ দেহা ভৈল ভঙ্গ গুচিল মনৰ সঙ্গ
পাইল দেখা কৃষ্ণক হিয়াত॥
কৰ্ম বন্ধ ভৈল ক্ষয় হুয়া সবে কৃষষ্ণময়
গৃহ শৰীৰকো পাসৰিল।
সৰ্ব অঙ্গ পুলকিত আনন্দে নধৰে চিত্ত
নয়নৰ লোতক ঝৰিল॥১৫৬॥
ভকতি আনন্দ সিন্ধু জ্ঞান অমৃতৰ বিন্দু,
দুইকো আনি কৰে এক ঠান।
পৰম প্ৰেমত থাকি তাক যেন ভাণ্ডে বাকি
গোপীক কৰাইলা কৃষ্ণে পান॥
ভাগ্যৱতী গোপীচয় পৰম আনন্দময়
হুয়া আছিলেক কতোক্ষণ চাই।
কৃষ্ণৰ প্ৰসাদ পাই অৰুণ চৰণ চাই
বোলে সৱে বিনয় বচন॥ ১৫৭॥
মাটিত নময়া মাথ হৈ প্ৰভূ জগন্নাথ
হেন বাঞ্ছা কৰিয়ো পূৰণ।
আমি মূঢ় গৃহবাসী যেন নপাসৰো আসি
ইটো দুই অৰুণ চৰণ।
যিটো যোগী সৰ্বজন সিও কৰে আকে ধ্যান
জানি জগততে ইসে সাৰ
অন্ধকূপ সংসাৰত পৰি আছে লোক যত
তাকো কৰে এহিসে উদ্ধাৰ॥ ১৫৮॥
দেৱতাৰো দৃশ্য নুই ইটো পাদ পদ্ম দুই
হৌক মনে সদায়ে উদয়।
তোহ্মাৰ চৰণ ৰতি কৰোক আহ্মাৰ মতি
হেন কৃপা কৰা কৃপাময়॥
এতেকে প্ৰাৰ্থনা কৰি কৃষ্ণৰ চৰণে ধৰি
মহা প্ৰেমে কৰন্ত ক্ৰন্দন।
বাঞ্ছা সিদ্ধি হৌক বুলি শিৰে পৰশিলা ধূলি
আশ্বাশিলা দৈৱকী নন্দন॥ ১৫৯॥
সখীসৱ তেজা দুখ মচিলন্ত আসি মুখ
ধৰি পীত বস্ত্ৰৰ আঞ্চোলে।
আৰো মোমাসাৰ কৰিলেক বশ্য মোক
মহা প্ৰেম ভকতিৰ বলে॥
তুমি সৱ মোৰ প্ৰাণ তোমাকেসে কৰো ধ্যান
আন নাহি তোমাসাত পৰে।
প্ৰিয় বাক্যে সন্তোষিয়া গাৱে গাৱে আলিঙ্গিয়া
প্ৰবোধিলা দেৱ দামোদৰ॥১৬০॥
কৃষ্ণৰ সন্ধান পায়া নিৰন্তৰ গোপ জায়া
গৌৰৱে কৃষ্ণক তুতি বুলি।
মহা মনোৰথ পূৰি প্ৰদক্ষিণে ফুৰি ফুৰি
ঘসে শিৰে চৰণ ধূলি॥
হৰিষিত তনু চিত্ত হুৱা আতি কৃতকৃত্য
এৰাইল বিৰহ মহাতাপ।
যাৰ যেন বুজি হিয়া পৰম প্ৰসাদ দিয়া
ভৈলা বাজ জগতৰ বাপ॥১৬১॥
॥দুলড়ী॥
শুক নিগদতি নৃপতি সম্প্ৰতি
শুনা আৰো কৃষ্ণ কথা।
মহা অনুগ্ৰহ গোপী সমস্তক
কৰিয়া কেশৱে তথা॥
উদ্ধৱ প্ৰমুখ্যে মহা মন্ত্ৰীগণ
ৰঙ্গে সঙ্গে লৈয়া পাছে।
কৰিয়া উৎসৱ চলিলা মাধৱ
যৈত ৰাজ সভা আছে॥১৬২॥
যুধিষ্ঠিৰ আদি সুহৃদ সৱক
দেখা দেখি ভৈলা আসি।
কাহাকো নমিলা কাকো সম্বোধিলা
চাহিলা কাহাকো হাসি॥
মহা সতকাৰ কৰিয়া পুছিলা
সৱাৰো বাৰ্তা কল্যাণ।
যাক যেন যোগ্য যদুগণ সমে
কৰিলা হৰি সন্মান॥১৬৩॥
মাধৱৰ মহা মানা সতকাৰে
সৱে ভৈলা হৰিষিত।
এহেন্তে ঈশ্বৰ বুলিয়া কৃষ্ণৰ
চৰণত দিয়া চিত॥
পদ পদ্ম দুই দেখন্তে সৱাৰো
মিলিল শাপ প্ৰলয়।
ঈশ্বৰ মূৰ্তিক সাক্ষাতে নিৰীক্ষি
কিনো ভৈল মহোদয়॥১৬৪॥
চাহন্তে চাহন্তে প্ৰীতি উপজিল
নিৰ্মল মন শৰীৰ।
হৃদয় দ্ৰৱিল লোম শিহৰিল
ঝৰে নয়নৰ নীৰ।
ঈশ্বৰ মূৰ্ত্তিক দেখি আনন্দতে
মিলিল যেন মুকুতি।
মজি প্ৰেমৰসে বেঢ়িয়া সমস্তে
কৃষ্ণক কৰিলে তুতি॥১৬৫॥
তেহ্মাকেসে আমি প্ৰণামো মাধৱ
পৰম ঈশ্বৰ জানি।
অন্তৰ্যামী ৰূপে হৃদয়তে তুমি
আছা প্ৰভু চক্ৰপাণি॥
তোহ্মাৰ মায়ায়ে মোহিলে আহ্মাক
মহা মোহে ভৈলো অন্ধ।
তুমি প্ৰিয় আত্মা তোহ্মাৰ সেৱাত
নকৰো কিছু প্ৰৱন্ধ॥১৬৬॥
মহা মহন্তৰ হৃদয়ত ইটো
থাকে পাদপদ্ম দুই।
তাহান চৰিত্ৰ অমৃত সাক্ষাত
মুখ দ্বাৰে বাজ হুই॥
তাকে কৰ্ণ ভৰি যিটো পান কৰি
থাকে ভকতৰ কাছে।
ইতিনি লোকত কদাচিতে তাৰ
আৰে অকল্যাণ আছে॥১৬৭॥
ভকতৰ মুখে তযু কথা সুখে
শুনন্তে ওপজে জ্ঞান।
আতি অপ্ৰয়াসে সেহি জ্ঞান বলে
মায়াকে কৰে নিৰ্যাণ॥
তোহ্মাৰ চৰণে প্ৰীতি বাঢ়ে নিতে
তোহ্মাৰ গুণ কহন্তে।
গোখোজ সমান কৰি সংসাৰক
নিস্তৰে সেহি মহন্তে॥১৬৮॥
কৰিয়ো কৰুণা কেশৱ আহ্মাক
চিত্ত হৌক উপসাম।
গৃহ শৰীৰত প্ৰসঙ্গ এৰিয়া
তোহ্মাকে কৰো প্ৰণাম।
পৰম আনন্দময় মূৰ্ত্তি দেখি
ঈশ্বৰ অপৰিচ্ছিন্ন।
তোহ্মাৰো অজ্ঞান নাহিকে কিঞ্চিত
তুমি মায়ামোহে হীন।৷ ১৬৯॥
চাৰিও বেদৰযিটো নিজ অৰ্থ
তোহ্মাৰ পদে ভকতি।
তাক কালে কৰ্মে কৰিলে গুপুত
লোক ভৈল বিসঙ্গতি॥
ভৈলা অৱতাৰ জগত নিস্তাৰ
কৰিবাক কৃপাময়।
মায়ায়ে মহিমা কৰিয়াছা ছন্ন
দেখি মনুষ্যৰ নয়॥১৭০॥
পৰম ঈশ্বৰ ভৈলাহা বেকত
লোকৰ কল্যাণ হেতু।
তোহ্মাৰ চৰণে পশিলো শৰণে
উদ্ধাৰা গডুৰ কেতু॥
এহি বুলি সৱে ভূমিত পৰিয়া
কৃষ্ণক প্ৰণামি আছে।
ভকতৰ গতি দেখি লক্ষ্মীপতি
তুলিলা আশ্বাসি পাছে॥১৭১॥
প্ৰিয় বাক্য বুলি সৱাকো বসাইলা
বহল সমাজ পাতি।
কৃষ্ণৰ মহিমা কৰিয়া ৰহিলা
ৰাজা প্ৰজা দিনে ৰাতি॥
একো গ্ৰাম্য কথা নুশুনিয়া তথা
কৃষ্ণৰ চৰিত্ৰ বাজে।
কৃষ্ণৰ সন্ধানে হুয়া হৰষিত
বসিলা সৱে সমাজে॥১৭২॥
॥ছবি॥
শুনিয়োক সমাজিক ইটো অমৃততোধিক
কৃষ্ণৰ চৰিত্ৰ কথা ৰস।
পিয়া আক কৰ্ণ ভৰি মনে মাধৱক ধৰি
বচনে নেৰিবা নাম যশ॥
ভকতিসি নৱনিধি কৰিবেক সৰ্ব্বসিদ্ধি
আত অণুমাত্ৰ শঙ্কা নাই।
জন্ম চিন্তামণি পাই আৰ আয়ু বৃথা যায়
কৃষ্ণক নেৰিবা সৰ্ব্বদাই॥১৭৩॥
নমো নমো যদুদেৱ তুমি বিনে নাহি কেৱ
আউৰ আক্ষাৰ গতি দাতা।
হেন দঢ়াই আছো চিত্ৰ তুমিসে পৰম হিত
সুহৃদ সোদৰ পিতা মাতা॥
বান্ধৱ মাধৱ হেৰ মাথো তুলি ধৰো খেৰ
মঞিঁ অধমৰ সাধা গতি।
জানি শুনি বুদ্ধি হীন ভেলোহো ভকতি ক্ষীণ
অদ্যপি অথিৰ মোৰ মতি॥১৭৪॥
মৰণ সমীপ চাপে সুমৰন্তে হৃদি কাম্পে
জৰা ৰোগে পীড়ি আসে নিতে।
তোহ্মাৰ চৰণ চাপি নধৰে তথাপি পাপী
আহ্মাৰ অঞ্চল ইটো চিত্তে॥
হে কৃষ্ণ মোৰ প্ৰাণ আপুনিও কৰিও ত্ৰাণ
মোৰ ভকতিৰ কৰি আশ।
নজানোহোঁ একে কৃত্য বুলিয়া ভৃত্যৰ ভূত্য
আহ্মাৰ ছেদিও স্নেহ পাশ॥১৭৫॥
তুমি বিনে যদুৰায় হেনতো বান্ধৱ নাই
কৰিবেক যিটো চিন্তা মোক।
হেন জানি কৃপাময় দূৰ কৰা ভ্ৰান্তি ভয়
সততে তোহ্মাত ৰতি হৌক॥
মিছা বিষয়ৰ ধান্ধা আকে লাগি শোক বান্ধা
তোহ্মাৰেসে আমি অংশ জীৱ।
কৰা দুখ উপসাম নিৰন্তৰে ৰাম ৰাম
ঘূষিয়া হুয়োক সদাশিৱ॥১৭৬॥
॥কৃষ্ণমহিষীসকলৰ নিজ নিজ বিবাহ বৰ্ণন॥
॥পদ॥
নিগদতি শুক শুনা নৃপতি সৰ্ব্বথা।
স্ত্ৰী সমজ্যাত যেন ভৈল কৃষ্ণ কথা॥
ত্ৰৈলোক্যত অদ্যাপিও গাৱে সেহি যশ।
স্থিৰ কৰ্ণে কৰা পান মহা হৰি ৰস॥১৭৭॥
আত অনন্তৰে কহো যেন ভৈল পাছে।
যত মহাৰাজভাৰ্যা সৱ ৰহিয়াছে॥।
কৌৰৱ পাণ্ডৱ যদুবংশী সৱ নাৰী।
বহল সমাজ পাতি আছে শাৰী শাৰী॥১৭৮॥
যত গোপী সব সিটো কৃষ্ণৰ বল্লভা।
কৃষ্ণ অনুমতি লৈয়া গৈলা সেহি সভা॥
তাসম্বাক দেখি মাধৱৰ ভাৰ্য্যা যত।
সাদৰি দিলন্ত স্থান নিজ আসনত॥ ১৭৯॥
অন্যোঅন্যে সাৱটন্তে নয়ন সজল।
পুছিলা পৰম প্ৰিয় বচনে কুশল॥
আছে তৈত আনো যত ৰাজাৰ মহিষী
গোপীক প্ৰশংসা সৱে কৰিলা হৰিষি॥১৮০॥
ইটো ব্ৰজ বধু আছে কত তপসাই।
স্বপনে সচেতে কৃষ্ণ বিনে আন নাই॥
মহা প্ৰেমে মাধৱত নিমজিল চিত।
সাফল লভিল জন্ম ভাৰত ভূমিত॥১৮১॥
এহি বুলি গোপীক প্ৰশংসি অসংখ্যত।
আনন্দে আছন্ত বসি সেহি সমজ্যাত॥
কৃষ্ণ কথা শুনিতে উৎসুক আতি মতি।
দ্ৰৌপদীক নাৰীগণে দিলা অনুমতি॥১৮২॥
আপুনি পুছিয়ো কৃষ্ণ মহিষী সৱাতে।
বিবাহ কৰিলা কৃষ্ণে যাক যেন মতে॥
তেসন্বে কহোক আমি সৱে শুনো যাই।
কৃষ্ণ কথা বিনে আৰ বৃথা আয়ু যায়॥১৮৩॥
শুনি পাঞ্চালিৰ চিত্তে হৰিষ মিলিল।
গাঁৱে গাঁৱে কৃষ্ণ পত্নী সৱাতে পুছিল॥
শুনিয়ো ৰুক্মণী সত্যভমা জাম্বৱতী।
লক্ষ্মণা কালিন্দী ভদ্ৰা সৱ্যা সত্যা সতী॥১৮৪॥
ৰোহিণী প্ৰমুখ্যে শুনা যতেক সুন্দৰী।
মায়ায়ে মনুষ্য চেষ্টা দেখাই দেৱ হৰি॥
যাক যেনমতে আনি কৰিলা বিবাহ।
সিটো কথা শুনিবাক পৰম উৎসাহ॥১৮৫॥
সংসাৰৰো মহৌষধি বৰ্ণৰো অমৃত।
প্ৰকটি কহিয়ো শুনো কৃষ্ণৰ চৰিত॥
জন্মৰো সাফল হৌক আজি সমস্তৰ।
শুনিয়া ৰুক্মিণী দিলা প্ৰথমে উত্তৰ॥১৮৬॥
ভিক্ষু মুখে মোৰ কথা শুনি দ্বাৰকাত।
মিলিল স্বামীৰ বাঞ্ছা অনেক আহ্মাত॥
দেশান্তৰী মুখে ময়ো শুনি তাণ গুণ।
কৃষ্ণত পশিল সমুদায়ে মোৰ মন॥১৮৭॥
শিশু হন্তে চিন্তো ইটো কৃষ্ণৰ চৰণ।
পিতৃৰ মাতৃৰ তাকে বিহা দিবে মন॥
মোৰ শ্ৰেষ্ঠ ভাই মন্দ পৰম পাৰম।
নামো নশুনয় সিটো স্বামী মাধৱৰ॥১৮৮॥
শিশুপাল ৰাজাক আনিল বৰ বাছি।
আসিল অনেক নৃপ অস্ত্ৰ শস্ত্ৰ কাছি॥
হয় হস্তী ৰথ আসি জুৰিল কুণ্ডিল।
হেন শুনি ভয়ে মোৰ সুৰুতি উৰিল॥১৮৯॥
সেৱিতে নাপাইবো সিটো কৃষ্ণৰ চৰণ।
আৱেসে জানিলো মোৰ মিলিল মৰণ॥
কৃষ্ণৰ বিয়োগ দুখে ফুটি যায় প্ৰাণ।
নাসে মুখে বচন নুৰুচে অন্নপান॥১৯০॥
বিপ্ৰ মুখে শুনিয়া মোহোৰ মহা দুখ
স্বামীৰ মনত মহা মিলিল আসুখ॥
স্নেহে আথেবেথে আইলা একৰথে সাজি।
পাছতেসে পাইলা আহি সেনা গজবাজী॥১৯১॥
জৰাসন্ধ প্ৰমুখ্যে যতেক ৰাজাচয়।
দাৰুণ দৰ্পিষ্ঠ দুষ্ট সামৰে নিৰ্দ্দয়॥
চেদিক দিবাক মোক মনে বাঞ্ছা কৰি।
যুদ্ধক প্ৰৱন্ধে আছে শৰ ধনু ধৰি॥১৯২॥
কৰিলা আটোপে কোপে সমৰ দুৰ্ঘোৰ।
লীলায়ে জিনিলা স্বামী বিপক্ষক মোৰ॥
কদৰ্থিয়া সৱাৰো মাথাত দিয়া ভৰি।
আনিলা আনন্দে আতি আহ্মাক উদ্ধাৰি॥১৯৩॥
ছাগল যুথক যেন কটাক্ষে খেদাই।
মত্ত সিংহৰাজে নিজ ভাগ লৈয়া যায়॥
মোৰ শ্ৰেষ্ঠ ভাই পাপী ৰুক্মী নাম যাৰ।
ঝণ্টইলেক যুদ্ধ তাৰ কটকটাই ঘাৰ॥১৯৪॥
খাণ্ডা ধৰি চুলধৰি কৰন্ত দোহাৰ।
কতেক কাতৰে প্ৰাণ ৰাখিল তাহাৰ॥
মণ্ড মুণ্ডি এৰিলন্ত কালি চূণে ছুই।
থাকিল পাপীষ্ঠ পৰি মৃত্যুবৎ হুই॥১৯৫॥
এহিমতে আনি মোক মিলাইলা উৎসাহ।
কৰিলা কেশৱ প্ৰভু প্ৰথম বিবাহ॥
ত্ৰৈলোক্যৰ লোকে দিল উৎসৰ্গি যৌতুক॥
এহিমতে পাইলো প্ৰভু ঈশ্বৰ কৃষ্ণক॥১৯৬॥
আন নবাঞ্চোহো মই স্বামীক উপাসি।
জন্মে জন্মে হুইবো তাৰ চৰণৰ দাসী॥
এতেকে বোলন্তে নীৰ নেত্ৰৰ বহয়।
ৰুক্মিণীক দেখি প্ৰেমভাৰ আতিশয়॥১৯৭॥
ভৈল সলোতক সমজ্য়াৰ যত নাৰী।
মনত কৰন্ত ভক্তি কৃষ্ণ কৃষ্ণ স্মৰি॥
মিলিলা বিস্ময় দেখি দেবীৰ ভকতি।
শুনা সখি মোৰ কথা কহে জাম্ববতী॥১৯৮॥
সিংহে অৰণ্যত মাৰিলেক প্ৰসেনক।
তাক মাৰি পিতৃ আনিলেক স্যমন্তক॥
সত্ৰাজিতে নাজানি কৃষ্ণক দিলা দোষ।
হেন শুনি স্বামীৰ মিলিল অসন্তোষ॥১৯৯॥
ভাল ভাল লোকক লগত লৈয়া বাছি।
খোজ গুৰি গৰ্ত্তত পশিলা বস্ত্ৰ কাছি॥২০০॥
একেশ্বৰে পাইলা আসি আহ্মাৰ নগৰ।
যেন মহেন্দ্ৰৰ পুৰি মহা মনোহৰ॥
ক্ষণেকে আণ্টাইলা ঋক্ষ ৰাজাৰ আৱাস।
কৰে ৰত্নময় মহ মন্দিৰ প্ৰকাশ॥
পশিল ভিতৰ দ্বাৰ গৈয়া প্ৰভৃ পাছে।
মণি লৈয়া ধাই শিশু ওমলান্তে আছে॥২০১॥
বস্ত্ৰ কাছি চলিযান্ত মণিক লৈবেক।
দেখি মহা ভয়ে দিলা ধাই ধাউ ডাক॥
কোঠেৰ মনুষ্য গোটে মণি নেই কাঢ়ি।
ত্বৰিতে বজাইলা পিতৃ ওৱাৰিক ছাৰি॥২০২॥
কঙ্কালত বস্ত্ৰ কাছি কৰি মহা ছটি।
ধৰিলা আটোপে কোপে কৃষ্ণক সাৱটি॥
মাধৱে ধৰিলা মোৰ পিতৃক কোলাৰে।
মোড়ে হাড় বিহৰাৱে পাৰে পাৰে॥২০৩॥
চাপৰ চৰ্পত কিল ভুকুৱে চৱৰে।
দুইকো দুই ধৰিলা প্ৰৱন্ধে কান্ধ ভিৰে॥
জৰাজৰি কৰি কতো পৃথিৱীত পৰে।
হুয়া একপিণ্ড কতো মাটিত বাগৰে॥২০৪॥
কৰ কৰ কৰিয়া দশন চোৱাৱন্ত।
ভ্ৰূকুটি কুটিল কোপে চক্ষু পকাই চাঙ॥
নছাৰন্ত দুকো দুই নগালটে কোপ।
দুইৰো মহা আন্দোলে জগত দলদোপ॥২০৫॥
মহা বৈৰ বুদ্ধি কৰি আতি অসন্তোষে।
যুজন্ত আঠাইশ দিন পৰম আক্ৰোশে॥
কৃষ্ণ অঙ্গ ঘৰিষনে যেন বজ্ৰপাত।
ভৈলা বলক্ষীণ ঋক্ষৰাজ নাসে মাত॥২০৬॥
নাহিকে চেতন চক্ষু মেলিয়া নচান্ত।
মহা পীড়া পাই পিতৃ পৰিয়া কেঙ্কান্ত॥
মনত বোলন্ত কিনো মহা পৰাক্ৰমী
হেন নাহি ত্ৰৈলোক্যত মোৰ আছে দামী॥২০৭॥
এতেকে জানিলো এন্তে নোহন্ত মানুষ।
জগত কাৰণ যিটো পৰম পুৰুষ॥
যোনো আৱে আসিয়াছে প্ৰাণৰ ৰঘুনাথ।
এহি বুলি পিতৃ নিৰীক্ষিলা তুলি নাথ॥২০৮॥
দেখিলন্ত চক্ষু মেলি চাই উৰি হাত।
সেহি সীতা পতি নিজ স্বামীক সাক্ষাত॥
কান্দিৱে লাগল আৱে চৰণত পৰি।
লোতকে তিয়াইলা মাধৱৰ দুই ভৰি॥২০৯॥
আৱেসে জানিলো সেহি প্ৰাণ প্ৰভু মোৰ।
কৰিলা সীতাৰ তাপে পয়ান দুৰ্ঘোৰ॥
নেদে দেখা সাগৰৰ অপ গৰ্ব দেখি।
চক্ষু পকাই চাইল কোপে কটাক্ষে নিৰীক্ষি॥২১০॥
উজৰিল জল জন্তু কুম্ভীৰ মগৰ।
মহাবেগে খলকিল সকল সাগৰ॥
দিলা পন্থ আথে বেথে পশিয়া শৰণ।
ৰত্নৰ সম্ভাৰচয়ে আৰ্চিলা চৰণ॥২১১॥
শিলায়ে বান্ধিলা পাছে মহাপ্ৰভু সেতু।
বধিলা ৰাৱণ সীতা হৰণৰ হেতু॥
তোহ্মাক যুজিলো আৱে ঐ প্ৰাণনাথ।
এহি বুলি কান্দন্ত পাৱত থৈয়া মাথ॥২১২॥
শুনি কেশৱৰ সম্পজিল মহা স্নেহ।
মাজিল অমৃত হাতে সুস্থ ভৈল দেহ॥
প্ৰভুৰ প্ৰসাদে সৱ দুখ গৈল খণ্ডি।
দিব্য ৰত্নময় অলঙ্কাৰে মোক মণ্ডি॥২১৩॥
বিহা দিয়া সমপিলা প্ৰভুৰ পাৱত।
সুৱৰ্ণ ভাজন ৰত্ন আছে যত যত॥
অলঙ্কাৰে ৰঞ্জি দাসী সহস্ৰ সংখ্যাত।
সমস্ত সম্ভাৰ দিলা মোহোৰ বিহাত॥২১৪॥
লগতে যৌতুক দিলা স্যমন্তক মণি।
আগ বঢ়াই বাদ্যে ভণ্ডে দণ্ডে ছত্ৰে চানি॥
কতবা জন্মৰ ফল সাঞ্চি আছো আমি।
তাৰ ফলে পাইলো ইটো ঈশ্বৰক স্বামী॥২১৫॥
এতেকেসে বাঞ্ছো মই মুকুতিকো এৰি।
জন্মে জন্মে হুইবো আন চৰণৰ চেড়ী।
এতেক বোলন্তে প্ৰেমে দ্ৰৱিল হৃদয়।
ঝৰি যায় নেত্ৰৰ লোতক আতিশয়॥২১৬॥
পৰম ভকতি ভাৱ দেখি নাৰীগণে।
উপজে কৰুণা চাৱে লোতক নয়নে॥
কৃষ্ণ কথা ৰসত মজিল যিটো ৰামা।
অনন্তৰে কথা কহিলন্ত সত্যভামা॥২১৭॥
আমাৰ বৃত্তান্ত আৱে শুনিয়ো পাঞ্চালী।
মোক যেনমতে পাইলা প্ৰভু বনমালী॥
জিনি জাম্বৱন্ত স্যমন্তক মণি আনি।
পিতৃক দিলন্ত সমাজত চক্ৰপাণি॥২১৮॥
বুলিলা বচন তুমি দাৰুণ নিঃশঙ্ক।
মিছাত আহ্মাক দিলা দাৰুণ কলঙ্ক॥
কৰিলা গৰিহা মহা মহন্ত সমাজে।
নযাই নু পুৱাই তান আতি ভয় লাজে॥২১৯॥
যতেক দ্বাৰকাবাসী সৱে শপে আতি।
নৱজান্ত গৃহৰ শুণন্ত দিনে ৰাতি॥
কেনমতে মাধৱৰ মন হোৱে শান্ত।
গুণি গাছি মনে একো উপায় নপান্ত॥২২০॥
আছো কন্যা ৰত্ন মই তাহান দুহিতা।
কৃষ্ণক দিবেক মোক আলোচিলা পিতা॥
আন মতে মাধৱৰ শান্ত নোহে চিত।
দঢ়াই যুগুতি বন্ধু বান্ধৱে সহিত॥২২১॥
খুজিলা অনেকে মোক অক্ৰূৰ প্ৰমুখ্যে।
পূৰ্বতো সৱাকে দিবো বুলিয়াছে মুখে॥
এৰিলা ইসৱ বাক্য প্ৰাণৰ কাতৰে।
মাতি আনি মাধৱক আপোনাৰ ঘৰে।৷২২২॥
দিলন্ত বিৱাহ মোক মহা মহোৎসৱে।
পাইলা প্ৰীতি পাইয়া আহ্মাক মাধৱে॥
লগত যৌতুক দিলা স্যমন্তক ৰত্ন।
পিতৃত থৈলন্ত থাপি কৃষ্ণে কৰি যত্ন॥২২৩॥
দিলা সুৱৰ্ণৰ বণ্টা মাত্ৰ কিছুমান।
পাইলো এক লক্ষ যেৱে কন্যা দিলা দান॥
অনেক নিৰ্ভয় বাক্য বুলি কৃপাময়।
আনন্দে লৈ গৈল মোক আপোন নিলয়॥২২৪॥
এহিমতে পাইলো স্বামী ঈশ্বৰ কৃষ্ণক।
কি কহিবো সখী আৱে মোহোৰ ভাগ্যক॥
এহিমাত্ৰে মনে মঞিঁ বাঞ্ছো ৰাত্ৰি দিনি।
জন্মে জন্মে হুইবো তাহানসে সেৱকিনী॥২২৫॥
এহিবুলি প্ৰেমত কান্দন্ত সত্যভামা।
তাক দেখি প্ৰেমত মজিলা যত ৰামা॥
কৃষ্ণক সুমৰি মনে আছিলন্ত কান্দি।
অনন্তৰে দ্ৰৌপদীত কহিলা কালিন্দী॥২২৬॥
শুনা সখী কথা পিতৃ গৃহত থাকন্তে।
কৃষ্ণৰ মহিমা মই শুনো শিশু হন্তে॥
কেনমতে আমাৰ মাধৱ হুইৱে স্বামী।
হেনমতে গুণি তপ আচৰিলো আমি॥২২৭॥
কৃষ্ণৰ চৰণে ধৰি হৃদয় কমলে।
কৃষ্ণকেসে চিন্তো আসি যমুনাৰ জলে।
জানি যদুদেৱ আইলা চড়িয়া ৰথতে।
তোমাৰ মধ্যম স্বামী অৰ্জ্জুন লগতে॥২২৮॥
ভৈলা শ্ৰান্ত মৃগ মাৰি কৰিয়া বিহাৰ।
পইলা যমুনাৰ তট নিকট আহ্মাৰ॥
আচৰন্তে আছো তপ পাছে মোক দেখি।
অৰ্জ্জুনক বোলন্ত যায়োক প্ৰাণ সখি॥২২৯॥
কৈৰ কন্যা তপ ইটো কৰে কিকাৰণে।
স্বৰূপ পুছিয়ো গৈয়া জিজ্ঞাসিও মনে॥
আসি তথা কথা মোত পুছিলা অৰ্জ্জুনে।
নাহিকে তোহ্মাৰ সম নাৰী ত্ৰিভুবনে॥২৩০॥
কৈয়ো কিবা নাম তুমি দুহিতা কাহাৰ।
প্ৰথম বয়স আতি তনু সুকুমাৰ॥
হেন তপ দুষ্কৰ কৰিয়া কিকাৰণে॥
আসিয়াছে কৃষ্ণ পুছো তাহাৰ বচনে॥২৩১॥
স্বামী আসিবাৰ শুনি ভৈলো হৰিষিত।
বহয়ে লোতক আসি তনু ৰোমাঞ্চিত॥
বুলিলো বচন পাছে আনন্দতে কান্দি।
সূৰ্যৰ দুহিতা মই নামত কালিন্দী॥২৩২॥
হৈৱন্ত ঈশ্বৰ স্বামী হেন বাঞ্চা কৰি।
কৃষ্ণকেসে চিন্তো মই তপস্যা আচৰি॥
কহিলো স্বৰূপ মোৰ আন নাই মতি।
অৰ্জ্জুনো কৃষ্ণত মোৰ কহিলা ভকতি॥২৩৩॥
সূৰ্যৰ দুহিতা এনে পৰমত ৰূপসী।
কৰে তোমাকেসে তপ স্বামী অভিলাষি॥
পাইলা স্ত্ৰী ৰত্ন সখি কিবা চাহা আৰ।
যুঁজতে বাণিজ যেন মিলিল তোহ্মাৰ॥২৩৪॥
শুনিয়া আনন্দে আসি প্ৰভু দামোদৰে।
আশ্বসিয়া মোক নিলা পৰম সাদৰে॥
মিলিলা তথাত সূৰ্য কৰিয়া উৎসাহ।
পৰম প্ৰাৰম্ভে মোক দিলন্ত বিৱাহ॥২৩৫॥
বাইল দিব্য মৃদঙ্গ নাচিল অপেশ্বৰী।
দিলা দাসী কৰি অসংখ্যাত বিদ্যাধৰী॥
দিব্য আভৰণ ৰত্মময় অলঙ্কাৰ।
যতেক যৌতুক দিলা সীমা নাহি তাৰ॥২৩৬॥
ধৰিলা যোগান আসি চতুৰঙ্গে দোলে।
আইলো দ্বাৰকাক স্বামী সমে সুমঙ্গলে॥
কত কোটি জন্মে আৰাধিলো তপ ব্ৰত।
তাতেসে কৃষ্ণক স্বামী পাইলো অভিমত॥২৩৭॥
আন নবাঞ্চোহো সখী কহো সত্য কৰি।
জন্মে জন্মে হুইবো তান চৰণ কিঙ্কৰী॥
এহি বুলি সলোতক ভৈলন্ত কালিন্দী।
প্ৰেম পৰশিলা মৌনে থাকিলন্ত কান্দি॥২৩৮॥
ভৈল সকৰুণ সমজ্যাত যত নাৰী।
কৃষ্ণৰ প্ৰেমত আতি স্ৰবৈ নেত্ৰে ঝৰি॥
অনন্তৰে ভদ্ৰাদেৱী দিলন্ত সিদ্ধান্ত।
শুনিয়ো পাঞ্চালি আৱে মোহোৰ বৃত্তান্ত।৷২৩৯॥
কৈকেয় ৰাজ্যত মহাৰাজা মোৰ পিতা।
তান জীউ মই ৰূপে গুণে অনিন্দিতা॥
মোৰ অনুৰূপে পৃথিৱীত নাই বৰ।
ৰাজাগণ অনায়া পাতিলন্ত স্বয়ম্বৰ॥২৪০॥
এক এক ৰাজা যেন মহেন্দ্ৰ সাক্ষাত।
দিগ্গজ পৰায় বসি আছে সমজ্যাত॥
ধৱল চামৰ ধৰি ঢোলে দুই কাছে।
শিৰৰ উপৰে শ্বেত ছত্ৰ তুলি আছে॥২৪১॥
সঙ্গে চতুৰঙ্গে সেনা সৱ আছে সাজি।
গজ ঘণ্টা টঙ্কাৰে চিহৰে গজ বাজী॥
ঠাৱে ঠাৱে বাৱে বাদ্য ভণ্ডৰ কহ্লোলে।
দলদোপ মহী মহা প্ৰজাৰ আন্দোলে॥২৪২॥
মহা পৰিচ্ছদে পাছে প্ৰভু হৃষীকেশ।
সেহি সমজ্যাত আসি ভৈলন্ত প্ৰৱেশ॥
মাথে আনি দিলা পিতৃ সুৱৰ্ণ আসন।
আতি প্ৰীতি পখালিয়া অৰ্চ্চিলা চৰণ॥২৪৩॥
নজলে নৃপতি সৱ কৃষ্ণৰ প্ৰকাশে।
চন্দ্ৰৰ উদয় যেন নক্ষত্ৰ আকাশে॥
সুৰ্যৰ আগত যেন কাতিৰ জোৱতি।
ভৈল নিশব্দ দেখি সমস্ত নৃপতি॥২৪৪॥
মই সাল কৃতা সখীসৱ অসংখ্যাত।
সুৱৰ্ণৰ মালা লৈয়া উঠিলো সভাত॥
ৰাজ সমজ্যাক নিৰীক্ষিলো চকু চাই।
কৃষ্ণৰ আগতে দেখো মৃতক পৰায়॥২৪৫॥
পৰম ঈশ্বৰ মূৰ্ত্তি দেখিয়া সাক্ষাত।
কৰিলা সুৱৰ্ণ মালা চূড়ায়া মাথাত॥
পৰি প্ৰণামিলো চৰণত জানু পৰি।
অশ্বাসিয়া তুলি মোক ধৰিলা মুৰাৰি॥২৪৬॥
দেখি ৰাজসৱ মহা অহঙ্কাৰ কৰি।
গৰ্জ্জে মাধৱক কোপে শৰ ধনু ধৰি॥
কৰে ধৰ মাৰ্ৰবোল প্ৰচণ্ড প্ৰতাপে।
আহ্মাৰ কন্যাক আজি নিৱে কাৰ বাপে॥২৪৭॥
হেন শুনি তৰতৰি কাম্পে মোৰ তনু।
ধৰিলন্ত মাধৱে শাৰঙ্গ মহা ধনু॥
মোক পাছ কৰিয়া অভয় দিয়া দান।
বৰিষিল অসংখ্য সহস্ৰ দিব্য বাণ॥২৪৮॥
স্বামীৰ শয়কে ফুটি সমস্ত শৰীৰে।
ধনু শৰ এৰিয়া লৱৰ দিলা ভিৰে॥
ৰথ গজ বাজী পৰি থাকিল তথাতে।
মৰো জীউ কৰিয়া পলাইল সুদা হাতে॥২৪৯॥
মোৰ ভ্ৰাতৃগণ আছে কৃষ্ণৰ বিৰোধী।
জপাইলেক যুদ্ধ সাজি পন্থক নিৰোধি॥
জীৱন্তে ধৰিয়া কাটিবাক চান্ত স্বামী।
চৰণত ধৰিয়া ৰাখিলো পাছে আমি॥২৫০॥
কুকুৰ যুথক যেন মত্ত সিংহে জিনি।
নেই নিজ ভাগ যেন নামাৰিয়া ঘিনি॥
সেহিমতে পৰম ঈশ্বৰ স্বামী মোক।
কৰিলা বিবাহ দেখিলেক সৰ্বলোক॥২৫১॥
পৰম ভকতি পিতৃ সাদৰি স্বামীক।
সকলে সৰ্বস্ব দিলা লগতে যৌতুক॥
গজবাজী দাস দাসী তাৰ নাই সীমা।
কি কহিব সখী সিটো কৃষ্ণৰ মহিমা॥২৫২॥
আন নবাঞ্ছোহো মনে স্বামী পাৱে ধৰি।
জন্মে জন্মে হুইবো তান চকী কিঙ্কৰী॥
এতেকে বোলন্ত আসি দ্ৰৱ ভৈল মন।
বহয় লোতক নাহে মুখত বচন॥২৫৩॥
তাহান কৰুণা দেখি নাৰী সমস্তয়।
হৰি হৰি স্মৰিয়া কান্দিলা অতিশয়॥
সাধুব্বদে ভদ্ৰাক কৰিলা অভিনন্দনা।
অনন্তৰে দ্ৰোপদীত কহে মিত্ৰাবৃন্দ॥২৫৪॥
আমাৰ বৃত্তান্ত আৱে শুনিয়া পাঞ্চালী।
যিমতে দুৰ্ল্লভ স্বামী পাইলো বনমালী॥
অৱন্তী দেশৰ মহাৰাজা মোৰ পিতা।
কৃষ্ণৰ ভকত মঞি তাহান দুহিতা॥২৫৫॥
সন্বন্ধে মোমাত ভাই মোৰ যদুদেৱ।
স্বামী ভাৱে তথাপি মনত কৰো সেৱ॥
বুজিলন্ত পিতৃ পাছে মোহোৰ ইঙ্গিত।
দিনে ৰাত্ৰি তাহানো কৃষ্ণতে মাত্ৰ চিত॥২৫৬॥
আপুনি আনিলা মাধৱক বৰ বাছি।
মোক বিহা দিৱেক সাদৰে তান্ত যাচি।
দেখি বিন্দু অনুবিন্দু মোহেৰে সোদৰ।
নেদে বিহা দিবো দুয়ো পৰম পামৰ॥২৫৭॥
কৃষ্ণক নসহে মহা দাৰুণ দুস্মতি।
শিশু হন্তে দুষ্ট দুৰ্যোধনৰ সঙ্গতি॥
মহা মদগৰ্ব নুশুনয় কাৰো হাক।
বুলিল অনেক গোবিন্দক নিন্দাবাক॥২৫৮॥
উঠি গছিলন্ত বাপে বিষ্ণু বিষ্ণু বুলি।
কৃষ্ণক ধৰিবে দুয়ো আসিলা হাম্ফুলি॥
হাসি হৰি দুইকো মচৰিলা ধৰি ঘাৰ।
ভূমিত পৰিয়া দিলা চৱৰ প্ৰহাৰ॥২৫৯॥
চৱৰৰ চোটে গাল ভৈল ভিণ্ডাকাৰ।
পৰি আছে নিশাৱদে দুয়ো কুলাঙ্গাৰ॥
স্বামীৰ হাতত চুৰ ভৈল দুইৰো দৰ্প।
গৰুড়ৰ আগে যেন দুই ক্ষুদ্ৰ সৰ্প॥২৬০॥
ধৰিলা খন্দাক কৃষ্ণে কাটিবাক লাগি।
পাৱে পৰি পাছে দুইৰো জীৱ লৈলো মাগি॥
মোৰ পদে এৰিলন্ত কালি চূণে চুই।
সমজ্যাৰ গুচিল লাঞ্ছনা অতি হুই॥২৬১॥
পিতৃৰ মনত ভৈলা পৰম উৎসাহ।
বিধিৱতে দিলা আসি আমাক বিৱাহ॥
এহেন্তে ঈশ্বৰ যেন ভৈলা মহা জ্ঞান।
সমস্ত সম্পত্তি উৎসৰ্গিয়া দিলা দান॥২৬২॥
সুৱৰ্ণ ৰজত ৰত্ন গজ বাজী ৰথ।
দিলন্ত যৌতুক যত পুৰি মনোৰথ॥
দিলা লগে সলঙ্কৃত যতেক পদ্মিনী।
চতুৰঙ্গ সেনা আৰো এক অক্ষৌহিনী॥২৬৩॥
বাদ্য ভণ্ড দণ্ড ছত্ৰ চামৰ চিড়লে।
মোক লৈয়া আইল প্ৰভু মহা কুতূহলে॥
কতবা জন্মত পুণ্য সাঞ্চি আছো আমি।
সিকাৰণে পৰম ঈশ্বৰ পাইলো স্বামী॥২৬৪॥
এহিমতে বাঞ্ছো কৰি প্ৰভুত ভকতি।
জন্মে জন্মে তাহান চৰণে হৌক ৰাতি॥
প্ৰভু পদ ধূলাকে কৰো অভিনন্দনা॥
এহি বুলি সলোকত ভৈল নিত্ৰবৃন্দা॥২৬৫॥
প্ৰেমত দ্ৰৱিল চিত্ত ৰোমাঞ্চ শৰীৰ।
দেখি নাৰী সৱাৰো নয়নে কৰে নীৰ॥
ভকতিত ভৈলা সৱে পুলকিত কায়া।
কৰিলা প্ৰশংসা সাধু সাধু কৃষ্ণ জায়া॥২৬৬॥
শুনা সামাজিক জল কৃষ্ণৰ চৰিত।
আত পৰে গতি দতা নাহিকে কলিত॥
মনুষ্য জন্মৰ আয়ু বৃথা যায় জানি।
সদায় চিত্তত চিন্তিয়োক চক্ৰপাণি॥২৬৭॥
নমো নমো কৃষ্ণ মধূসূদন দৈত্যাৰি।
হে দামোদৰ দীন দুখ ভয়হাৰী॥
সংসাৰৰ তিনি তাপে বাপ মাৰে পুলি।
কৰা নাথ নিস্তাৰ ভৃত্যৰো ভৃত্য বুলি॥২৬৮॥
জৰা ৰোগে পীড়ি আসে আয়ু ভৈল ক্ষীণ।
অদ্যাপিও পাতেকী নভৈলো মোহ হীন॥
আলোচন্ত কাল গৈল ভৈলো আশাকতি।
তযু পাৱে ইজন্মত নভৈল ভকতি॥২৬৯॥
তোমাহ্মাৰেসে অংশ আমি যত জীৱ লোক।
হেন উপদেশ হৃদীশ্বৰ দিয়া মোক॥
তযু ৰূপ হৃদয়ত থাকে মুখে নাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥২৭০॥
॥দুলড়ী॥
আত অনন্তৰে সত্যায়ে বোলয়
শুনিয়ো সখী পাঞ্চালী।
পৰম ঈশ্বৰ যেন মতে মোৰ
স্বামী ভৈলা বনমালী॥
কোশল ৰাজ্যত ৰাজ ৰাজেশ্বৰ
আছন্ত আমাৰ পিতা।
ৰূপে গুণে আমি আতি অনিন্দিতা
স্নেহৰ তান দুহিতা॥ ২৭১॥
মোৰ অনুৰূপ নাপাই বৰ বাপে
মনত গুণিয়া আছি।
সাত গোটা বৃষ বলিষ্ঠ দৰ্পিষ্ঠ
দেশৰ আনিলা বাছি॥
মহা তীক্ষ্ণত শৃঙ্গ আগে পৰি
মাখিয়ো হোৱে দোহাৰ।
আকে একেদাই বান্ধৈ জিনি যিটো
ইটো কন্যা বোৱে তাৰ॥২৭২॥
হেন শুনি মহা মহা ৰাজা যত
আসে দণ্ড ছত্ৰ তুলি।
কাছিয়া একলে শৰীৰৰ বলে
বৃষক ধৰে হাম্ফুলি॥
তাকো সাত বৃষে বেঢ়িয়া হাণ্ডেকি
চিৰে উৰু কৰ কটি।
ডিহাৰ চোটত উফৰিয়া কতো
কেঙ্কাৱে দান্ত প্ৰকটি॥২৭৩॥
কাহাঙ্কো শৃঙ্গতে তুলিয়া ফুৰাৱে
দামুৰি যেন ডেডাই।
হেন নাহি বীৰ বৃষকো জঙ্কায়
আচোকে যাইব এৰাই॥
মোৰ কথা শুনি পাছে প্ৰাণ প্ৰভু
যদুবংশী শিৰোমণি।
দ্বাৰকাৰ পৰা আসিলন্ত বাদ্য
ভণ্ডে দণ্ডে ছত্ৰে ছানি॥২৭৪॥
দেখি আগ বাঢ়ি পৰি পিতৃ মোৰ
কৰিল স্তুতি বিনয়।
ঈশ্বৰ পুৰুষ আসিলা গৃহক
কিনো মোৰ মহোদয়॥
ব্ৰহ্মা হৰে ইটো ধ্যানতো নেদেখে
অৰুণ চৰণ দুই।
সাক্ষাতে পুজিবে পাইলো প্ৰভু মই
অধম মনুষ্য হুই॥২৭৫॥
এহি বুলি পাদ্য অৰ্ঘ্য ধূপে পূজি
কৃষ্ণৰ পাদ পদ্মক।
কিবা প্ৰয়োজন সাধিবো মাধৱ
আদেশা নিজ ভৃত্যক।
হেন শুনি হাসি মাধৱে বোলন্ত
শুনিয়োক মহাৰাজ।
ইটো প্ৰয়োজন মহন্ত জনৰ
কহন্তে উপজে লাজ॥২৭৬॥
দিয়ো কন্যাৰত্ন নৃপতি আহ্মাক
কন্যায়ো আহ্মাক বাঞ্চে।
পিতৃয়ো বোলন্ত আৰো আত পৰে
মোৰ মহা ভাগ্য আছে॥
কিন্তু বৃষভক বলে সিটো জিনি
ইটো কন্যা হুইবে তাৰ।
হেন বাক্য বাপ লোকক শুনায়া
কৰি আছো অঙ্গীকাৰ॥২৭৭॥
আৱে যদুদেৱ হৰম্ভ বৃষক
জিনিয়া নিয়া কন্যাক।
উঠি কৃষ্ণে পাছে কাছি পীত বস্ত্ৰে
সাজ ভৈলা যুজিবাক॥
সাত মূৰ্তি হুয়া সাতো বৃষভক
ধৰিলা হাম্ফুলি বলে।
মঞিঁ মাত্ৰ দেখো প্ৰভুৰ মহিমা
সভাত আনে নাকলে॥২৭৮॥
শৃঙ্গত ধৰিয়া মুচড়িল ঘাৰ
মাটিত পৰি ডেডাই।
তেজি মল মূত্ৰ হ্ৰেসনি কাঢ়য়
প্ৰাণান্তিক পীড়া পায়॥
আজুৰিয়া নিয়া স্তম্ভত বান্ধিলা
শিশু যেন ছাগ জাক।
বাজে বাদ্য ভণ্ড দিলেক প্ৰজায়ে
জয় কৃষ্ণ বুলি ডাক॥২৭৯॥
কৃষ্ণৰ মাথাত মালা পিন্ধাই পাছে
বৰিলো পাবত পৰি।
শৰীৰ শিহৰি প্ৰেম যায় চড়ি
লোতক পৰে নিগড়ি॥
আশ্বসিয়া পাছে ধৰি প্ৰাণনাথে
মনত মিলাই উৎসাহ।
পৰম প্ৰাৰম্ভে পাছে পিতৃ মোক
আনন্দে দিলা বিবাহ॥২৮০॥
সালঙ্কৃত তিনি সহস্ৰ সুন্দৰী
দাসী কৰি মোৰ সঙ্গে।
হাজাৰ দশেক ঘটস্ববা ধেনু
দিলন্ত পৰম ৰঙ্গে॥
মত্ত হস্তী নৱ হাজাৰ সেনাৰ
ৰথ নৱলক্ষ মান।
সুৱৰ্ণ পাখৰে নৱ কোটি ঘোঁৰা
যৌতুক কৰিলা দান॥২৮১॥
নৱ শত কোটি দিলন্ত পদাতি
কছাই বস্ত্ৰ অলঙ্কাৰে।
বাদ্য ভণ্ডে আগ বঢ়াইলে আহ্মাক
পিতৃ মহা চমৎকাৰে॥
নিৰন্তৰ ৰাজা এক সাজু ভৈলা
মোত আতি আশা ভঙ্গে।
আমাৰ কন্যাক কেনে কৃষ্ণ নিব
আগ ভেটি আছে খঙ্গে॥২৮২॥
তোহ্মাৰ মধ্যম পতি ধনঞ্জয়
স্বামীৰ নেৰন্ত কাছ।
দেখি খঙ্গে অতি আগুৱাইল কাছি
কৃষ্ণক কৰিয়া পাছ॥
ধনুক টঙ্কাৰি হৃদয় বিদাৰি
শৰ প্ৰহাৰিলা ৰাগি॥
বাঘৰ আগত ছাগৰ ফটালি
ফাট দি পলাইল ভাগি॥২৮৩॥
তোহ্মাৰ স্বামীৰ পৰম বীৰত্ব
স্বচক্ষে দেখিলো আমি।
এহিমতে আমি পৰম ঈশ্বৰ
কেশৱকো পাইলো স্বামী॥
সোপনে সচিতে এহিমানে বাঞ্ছো
কৃষ্ণৰ ধুৱাইব ভৰি।
জন্মে জন্মে সখী হুইবো প্ৰাণ মঞিঁ
কৃষ্ণৰ গৃহ কিঙ্কৰী॥২৮৪॥
এতেকে বোলন্তে লোতক ঝৰিল
তনু ৰোমাঞ্চিত আতি।
প্ৰেম বসে মজি ভৈলন্ত আকুল
থাকিলা তম্ভি নমাতি॥
তাহান ভকতি দেখি সমস্তৰে
নয়নৰ পৰে পানী।
সাধু সাধু সত্যা সাৰ্থক জন্মিলা
বুলিলা প্ৰশংসা বাণী॥২৮৫॥
॥ছবি॥
শুনিয়োক সভাসদ মহা ভাগৱত পদ
কৃষ্ণ কথা কৰ্ণৰ অমৃত।
যাৱে নতো ধৰে কালে আছা মানে ভালে ভালে
শুনা নিতে কৃষ্ণৰ চৰিত।
এহি মানে মাত্ৰ সাৰ দুৰ্ঘোৰ কলিত আৰ
নাহি গতি দাতা আত পৰে।
ভুকুতি মুকুতি বীজ কৃষ্ণসে সুহৃদ নিজ
জানি লৈয়ো শৰণ সত্বৰে॥২৮৬॥
নমো নমো নমাই মাথ হে বাপ জগন্নাথ
মই অধমৰ কেন হৌক।
মহা মোহে ভৈলো অন্ধ নাহি ভকতিৰ গন্ধ
যাইবে আবে লাগে পৰলোক।
লভিয়া মনুষ্য কায়া তুমি হেন প্ৰভু পায়া
নিচিন্তিলো চৰণ তোহ্মাৰ।
কৃষ্ণৰ সেৱাক ত্যজি বিষয় ৰসত মজি
চিন্তিলো আপুনি মই মাৰ॥২৮৭॥
বাক্যে গুণ নাম ধৰে মনে যে তোহ্মাক স্মৰে
তাকে থাকা মোৰ বুলি ৰাখি।
জানিয়া ইসৱ তত্ত্ব আছা এহি হৃদয়ত
তথাপি নভজি খালো আখি॥
মোৰ বন্ধু নাহি কেৱ তুমি দয়াশীল দেৱ
আপুনি ৰক্ষাৰ কৰা কাম।
যিমতে তোহ্মাত ৰতি হোৱে হেন দিয়া মতি
নিৰন্তৰে বোলা ৰাম ৰাম॥২৮৮॥
আত অনন্তৰে দিলা লক্ষ্মণা সিদ্ধান্ত।
শুনিয়ো দ্ৰোপদী এৱে আমাৰ বৃত্তান্ত॥
বৃবৎসেন নামে মহাৰাজা মোৰ পিতা।
তাহন দুহিতা মই গুণে অনিন্দিতা॥২৮৯॥
নাৰদৰ মুখে শুনি কৃষ্ণৰ চৰিত।
কৃষ্ণ পাদ পদ্মত ধৰিলা মোৰ চিত॥
শিশু হন্তে যিমতে ভজিলা মিত্ৰবৃন্দা।
কৃষ্ণত সিমত মোৰ ভৈল অভিনন্দা॥ ২৯০॥
অনন্তৰে পিতৃ মোৰ বুজি অভিপ্ৰায়।
কৃষ্ণক পাইবাক লাগি চিন্তিল উপায়॥
যিমতে তোহ্মাৰ পিতৃ অৰ্জ্জুনক আশে।
নিৰ্স্মিয় চক্ৰত মৎস্য ভ্ৰমাইলা আকাশে॥২৯১॥
সেহিমতে মোৰো পিতৃ কৰিয়া যতন।
কিন্তু আমাঠেৰ মৎস্য মবা বিলক্ষণ॥
বাহিৰৰ্ত ঢাকি আছে তোমাঠেৰ মৎস্য।
স্তম্ভকো চাহিলে জানো তাহাৰ ৰহস্য॥ ২৯২॥
আমাসাৰ মৎস্য যিটো অনেক উচ্ছৃত।
বাহিৰে ভিতৰে ছন্ন নুহিকে বিদিত॥
আধোমুখে পানীক ছায়াৰ চাহি তাৰ।
তেৱেসে কৰিৰে পাৰে শৰক প্ৰহাৰ॥ ২৯৩॥
কৃষ্ণ বিনে আনে ইটো নাজানে ৰহস্য।
এতেকেহে শ্ৰেষ্ঠ আতি আমাঠেৰ মৎস্য॥
সিটো মৎস্য ভেদে যিটো সি পাবে কন্যাক।
দেশে দেশে দূত সৱে বুলিলা ৰাজাক॥২৯৪॥
কথা শুনি পৃথিৱীৰ নৃপ নিৰন্তৰ।
কাছি পাৰি আইলা সৱে আহ্মাৰ নগৰ॥
ধনুত পাৰ্গত শিক্ষা গুৰু সৱ সঙ্গে।
ৰথ গজ বাজী সাজি আইল মহা ৰঙ্গে॥ ২৯৫॥
কৌৰৱ পাণ্ডৱ পৃথিৱীৰ ৰাজা যত।
আমাৰ সভাত ভৈল সৱে উপগত॥
যাক যেন যোগ্য পিতৃ কৰিলা সন্মান।
দিয়াইলা আসন আনি বসিবাৰ থান॥ ২৯৬॥
আইলা যদুবংশ শিৰোমণি মোৰ পদে।
কোটি মহেন্দ্ৰতোধিক মহা পৰিষদে॥
বণ্ডে ছাত্ৰে চানি বাদ্য ভণ্ড ৰোলে।
দলদোপ মাহী মহা প্ৰজাৰ আন্দোলনে॥২৯৭॥
আগবাঢ়ি পিতৃ পাছে আৰ্চ্চিলা চৰণ।
মাথাত কৰিয়া দিলা দিব্য সিংহাসন॥
তাতে বসি প্ৰকাশিলা প্ৰভু আতিশয়।
নক্ষত্ৰৰ মাজে যেন চন্দ্ৰৰ উদয়॥২৯৮॥
থৈলা আনি আগত লোহাৰ ধনু খান।
দিলা পিতৃ সৰাকো সম্বোধি সমিধান॥
পাৰে দিবা বীৰে ইটো কন্যা ৰত্নে তাক॥২১৯॥
শুনি মহা মহা ৰাজা উঠিল ত্বৰিত।
মোৰ ৰূপে সমস্তৰে ভোল গৈল চিত॥
ধৰে ধনু বস্ত্ৰ কাছি কতো কূতুহলে।
দাঙ্গিব নুবাৰে ধৰে শৰীৰৰ বলে॥৩০০॥
কতো কথামপি তুলি দশন কামুৰি।
নুৱাৰিল গুণ দিব ধনুক আজুৰি॥
কতো গুণ দেন্তে পৰে আপুনি উফৰি।
মোক চাহি নিশ্বাস ফোকাৰে দন্ততৰি॥৩০১॥
ভাগি গৈল গৰ্ব সৰে বদন বিৱৰ্ণ।
তাক দেখি হাসি ভীম দুৰ্যোধন কৰ্ণ॥
মাগধ চেদিপ আনো মোৰ ৰূপে ভুলি।
ধনুৰ লগাইবে গুণ ধৰিল হাম্ফুলি॥৩০২॥
হানে বাণ নাজানে মৎস্যৰ থান থিত।
ব্যৰ্থ হুয়া পৰে বাণ উলতি মাটিত॥
মোহোৰ নৈৰাশে মন মলিন সৱাৰে।
পালটিয়া বসি হুম নিশ্বাস ফোকাৰে॥৩০৩॥
উঠিলন্ত কাছি পাছে আনন্দে অৰ্জ্জুন।
নিমিষেকে ধনুত লগাইলা হাসি গুণ॥
জানি থিত মৎস্যৰ ছায়াক চাহি জলে।
প্ৰহাৰিলা বাণ বীৰে শৰীৰৰ বলে॥৩০8 |
কথমপি মৎস্যক চুইলেক মাত্ৰ শৰে।
নুৱাৰিলে ছেদিবা অৰ্জ্জুন ধনুৰ্দ্ধৰে॥
উৰুত চৰণ দিয়া বসিলা পালটি।
তেৱে সৱ বীৰৰ ভাগিল চটচটি॥৩০৫॥
জগত ঈশ্বৰ যদুদেৱ চাহি আছি।
উঠিল কটিত পাছে পীত বস্ত্ৰ কাছি॥
ধনুত লগাইলা গুণ কৰি অল্প হাস।
একবাৰ চাইল মাত্ৰ জলত আভাস॥৩০৬॥
আভিজিত মুহূৰ্ত্তত প্ৰহাৰিলা বাণ।
লীলায়ে ছেদিলা মৎস্য দেখি বিদ্যমান॥
দুই খণ্ড হুয়া মত্স্য পৰিলা মাটিত॥
প্ৰজা জয় শৱদ কৰিলা বিপৰীত॥৩০৭॥
বজাৱে দুন্দুভি দেৱে আকাশত থাকি।
বৰষিলা পুষ্প দেৱে কেশৱক ঢাকি॥
তেৱেসে জানিলা পাইলেক মাধৱ স্বামীক।
মিলিল আনন্দ মোৰ মোক্ষতো অধিক॥৩০৮॥
শুনিয়া দ্ৰৌপদী মই পাছে মহাৰঙ্গে।
অসংখ্যাত সালঙ্কতা সখীলৱ সঙ্গে॥
চলি গৈলো লয়লাসে সমীপ স্বামীৰ।
চৰণে জ্বলকে আতি ৰত্নৰ মন্দিৰ॥৩০৯॥
জলে অঙ্গে উত্তম বসন পাট পীত।
ৰত্নৰ মেখলা বাৱে কিঙ্কিণী কটিত॥
অমূল্য ৰত্নৰ হাৰ প্ৰকাশে হিয়াত।
কণক উজ্জ্বল ৰত্নমালা আছে তাত॥৩১০॥
জল মল কৰে কৰ্ণে মকৰ কুণ্ডল।
তাৰে ৰশ্মি প্ৰকাশে পাণ্ডুৰ গণ্ডস্থল॥
কপালে চঞ্চল চাৰু অলকা পঙ্কতি।
উত্তম খোপাত ভাসে চম্পক মালতী॥৩১১॥
হৰে তাপ হেন হাস্য কটাক্ষ বিলাসে।
চাহন্তে মোহিত হোৱে ৰাজা দুই পাশে॥
সখী সৱে বজাৱে যন্ত্ৰত তুলি নাদ।
মদনে অকুল চিত্ত হুয়া নিশবদ॥৩১২॥
পৰম সুৰভি কপূৰ ধূলি সিঞ্চে।
দুয়ো পাশে ধৱল চামৰে মোক বিষ্ণে॥
প্ৰভুৰ সমীপ পাইলো অনুৰাগী বালা।
পিন্ধাইলো কণ্ঠত দিয়া দিব্য ৰত্নমালা॥৩১৩॥
স্বামী ভাৱে বৰিয়া কৰিলো নমস্কাৰ।
বহে নয়নৰ নীৰ আনন্দে আহ্মাৰ॥
পুলকিত অঙ্গ লাজে নচাও তুলি মাথ।
মোক আশ্বাসিলা তুলি জগতৰ নাথ॥৩১৪॥
বাৱে বাদ্য অসংখ্য গোমুখ শঙ্খ ঢোল।
ডিণ্ডিম ডগৰ ঢাক তৱলৰ ৰোল॥
বজাৱে মৃদঙ্গ ৰঙ্গে নাচে নটীচয়।
গায়নে যোগাৱে গীত ভটকে চপয়॥৩১৫॥
হেন দেখি মহা কোপে ৰজগণ যত।
অস্ত্ৰ শস্ত্ৰ ধৰি ধাইল পৰম ক্ৰোধত॥
বাঘে যেন গৰ্জে যত মহাবীৰ।
তাক দেখি সখী মোৰ কম্পিল শৰীৰ॥৩১৬॥
দেখি পাছে দিব্য ৰথ অনিলা মুৰাৰি |
যতে আছে উত্তম ঘোটক ৰত্ন চাৰি॥
মোক আশ্বসিয়া তাৰ তুলিলা উপৰে।
উঠিলা আপুনি পাছে কাছি দামোদৰে॥৩১৭॥
এক হাতে বাণ আউৰ হতে ধনু ধৰি।
মোক দুই হাতে সাৱটিলা দেৱ হৰি॥
চাৰি বাহু বেকত কৰিলা সিবেলাত।
যুদ্ধক সম্মুখ ভৈলা দেখিলো সাক্ষাত॥৩১৮॥
দাৰুকে ডাকিল হেমময় মহা ৰথ।
ধৰিলা চাৰিও ঘোৰা দ্বাৰকাৰ পথ॥
মৃগৰ মাজৰ পৰা যেন সিংহৰাজে।
মোক লৈয়া যান্তে চাহি আছে সামৰাজে॥৩১৯॥
অস্ত্ৰ ধৰি সেনাসৱ চলে দুয়ো কাছে।
দেখি ৰাজাগণে বেঢ়িলেক আগে পাছে॥
শৰধনু ধৰি কৰে আটোপ টঙ্কাৰ।
আহ্মাৰ কন্যাক নিবে শকতি কাহাৰ॥৩২০॥
প্ৰমত্ত সিংহৰ আগে কৰি যেন থেড়ি।
অসংখ্যা কুকুৰে ভুকে চতুৰ্ভিতি বেঢ়ি॥
প্ৰভু প্ৰহাৰিলা শৰ সাৰঙ্গ টঙ্কাৰি।
নিসাৰে মাৰিলা কাকো হৃদয় বিদাৰি॥৩২১॥
কাৰো উৰু কৰ কটি কাটিলন্ত জাঙ্গ।
কাৰো শিৰ ছেদিলা ৰুধিৰে বহে গাঙ্গ॥
হতশেষ ৰাজা কতো পলাই বিভঙ্গে।
বিপক্ষক খেদাই চলি গৈলা প্ৰভু ৰঙ্গে॥৩২২॥
আনন্দে দুন্দুভি বাদ্য বজাৱে স্বৰ্গত।
হৰিষে বৰিষে পুষ্প কৃষ্ণৰ শিৰত।
দশোদিশ পুৰিলেক জয় কৃষ্ণ ৰৱে।
দাৰুকে ডাকন্ত ৰথ পৰম উৎসৱে॥ ৩২৩॥
মোক লৈয়া গৈয়া পাছে দ্বাৰকা নগৰ।
ধ্বজ দণ্ড পতাকা তোৰণ মনোহৰ॥
পূৰ্ণ কুম্ভ পতাকা প্ৰকাশে শাৰী শাৰী।
অয়াযাত কৰে যত সালঙ্কৃতা নাৰী॥৩২৪॥
স্বামী সমে প্ৰৱেশিলো হেন দিব্য পুৰী।
ভাৰ্যা সমে সূৰ্য যেন যায় অস্তগিৰি॥
আসিলা পাছত পিতৃ অনেক সম্ভাৰে।
অৰ্চ্চিলন্ত সুহৃদক বস্ত্ৰ অলঙ্কাৰে॥৩২৫॥
দাস দাসী গজ বাজী মহাৰত্ন যত।
দিলন্ত যৌতুক সৱ আমাৰ লগত॥
এহিমতে পাইলো স্বামী ঈশ্বৰ কৃষ্ণক।
কি কহিবো প্ৰাণ সখী আহ্মাৰ ভাগ্যক॥৩২৬॥
জন্মে জন্মে হুইবো তান চৰণৰ দাসী।
এতেকে বোলন্তে প্ৰেম পৰশিল আসি॥
শিহৰিল তনু নয়নৰ নীৰ ঝৰে।
দেখি সকৰুণ ভৈল নাৰী সমস্তৰে॥৩২৭॥
নেত্ৰৰ লোতক পৰে বড়ে ৰাম হৰি।
লক্ষ্মণাকো প্ৰশংসিলা যতেক সুন্দৰী॥
অনন্তৰে দ্ৰৌপদীত ৰোহিণী বদতি।
আমাৰ বৃত্তান্ত আৱে শুনয়োক সতী॥৩২৮॥
কৰি দিগবিজয় নৰক দুৰাচাৰ।
আলিনা কন্যাক কাঢ়ি ষোড়শ হাজাৰ॥
থৈলেক নিৰোধি সৱ বহু মনে
কৃষ্ণৰ চৰণে মনে পশিলো শৰণে॥৩২৯॥
যাহাৰ স্মৰণে হৰে সংসাৰৰ ভয়।
গৰুড় বাহন হৰে সংসাৰৰ ভয়।
গৰুড় বাহন হেন কৃষ্ণ কৃপময়॥
মেলাইলন্ত আহ্মাক তাহাক মাৰি ৰণে।
কৰিলন্ত বিবাহ সৱাকো একেক্ষণে॥৩৩০॥
ষোড়শ হাজাৰ গৃহে পাতিয়া সমাজ।
একে লগ্নে বিহাক কৰিলন্ত যদুৰাজ॥
ঘৰে ঘৰে পঢ়ে মন্ত্ৰ গৰ্গ পুৰোহিত।
কৃষ্ণৰ মহিমা দেখি জগত বিস্মিত॥৩৩১॥
পৰম ঈশ্বৰ পূৰ্ণ কাম প্ৰভু হৰি।
জন্মে জন্মে হুইবো আন চৰণ কিঙ্কৰী॥
সাৰ্ব্বভৌম ইন্দ্ৰৰ সম্পদ সৱ মিছা।
বৈকুণ্ঠৰ মোক্ষতো নকৰে সখা ইচ্ছা॥৩৩২॥
ব্ৰহ্মাদি দেৱৰো সেব্য যিটো মহালক্ষ্মী।
সেৱন্ত ৰেণুক সংসাৰতে সাৰ দেখি॥
তথাপি দুৰ্ল্লভ পদৰেণু নোহে দেখা॥
অপ্ৰয়াসে পাৱে সিটো দেৱতাৰ লেখা॥৩৩৩॥
বৃন্দাবনে ধেনুক চৰান্তে কৃপাময়।
পাইলে এহি মহা ভাগ্যৱতী গোপীচয়॥
তৃণত লাগিয়া থাকে দেখি মহা সুখে।
কিৰাতৰো পত্নী আনি ঘৰে আখি মুখে॥৩৩৪॥
পায়া আছে গোপ গোকুলৰ যত ধেনু।
ভকত দুৰ্ল্লভ জানা কৃষ্ণ পদৰেণু॥
এতেকেসে বাঞ্চো আমি কৃষ্ণ ভাৰ্যা যত।
আহানেসে পদৰেণু বহিবো শিৰত॥৩৩৫।৷
জন্মে জন্মে হুইবো আন গৃহ সেৱকিনী।
এতেকে বোলন্তে যত কৃষ্ণৰ গৃহিনী॥
উপজিল প্ৰেম কৰে লোতক নয়নে।
নিশৱদ ভৈলন্ত কৃষ্ণক ধৰি মনে॥৩৩৬॥
যিটো ভকতৰ আত্মা ঈশ্বৰ মুৰাৰি।
তান্তে তাসম্বাৰ প্ৰেম দেখি যত নাৰী॥
পৰম বিস্ময় ভৈল সমস্তৰ মনে।
বহৱে সৱাৰো আতি লোতক নয়নে॥৩৩৭॥
যশোদা দ্ৰৌপদী কুন্তী সুভদ্ৰা গান্ধাৰী
ৰাজ ভাৰ্য্যা যতেক ভকত গোপনাৰী॥
কৃষ্ণ পত্নীগণক প্ৰশংসি বাৰে বাৰ।
পাউলা প্ৰীতি আতি আনন্দৰ নাহি পাৰ॥৩৩৮॥
কুৰুক্ষেত্ৰ জুৰি কৃষ্ণৰ চেষ্টা যত।
নাহি কহে নাৰী পুৰুষে পুৰুষত॥
আন একো গ্ৰাম্য কথা নাছিল তথাত।
মহোদয় লোকৰ মিলিল সিবেলাত॥৩৩৯॥
কুৰুক্ষেত্ৰে জুৰি যেন জগত আধাৰ।
পাতিলা প্ৰচুৰ প্ৰভু প্ৰেমৰ প্ৰসাৰ॥
জগতৰ ৰাজা প্ৰজা বেহাইলেক হাট।
কৰাইলা ঈশ্বৰ কৃষ্ণে প্ৰেমময় নাট॥৩৪০॥
॥তীৰ্থযাত্ৰা শেষ॥
কহে শুক শুনা অনন্তেৰে পৰীক্ষিত।
আইল মুনিসৱ পাছে কৃষ্ণক দেখিত॥
নাৰদ দেৱল বামদেৱ চ্যৱন।
বিশ্বমিত্ৰ অত্ৰি দ্বিজ শতানন্দ॥৩৪১॥
পুলস্ত্য অগস্ত ভৃগু বশিষ্ঠ গৌতম।
কশ্যপ কুশাৰু মাৰ্কণ্ডেয় নৰোত্তম॥
ভৰদ্বাজ যমদাগ্নি ব্যাস বৃহস্পতি।
অঙ্গিৰা অসিত ৰাম গালৱ প্ৰভৃতি॥৩৪২॥
আসিয়া অনেক মুনি মিলিলা তহিত।
দেখি সৱ সমাজে উঠিল সচকিত॥
কৌৰৱ পাণ্ডৱ ৰাজাচয় কৃষ্ণ ৰাম।
বসুদেৱ সমে পৰি কৰিলা প্ৰণাম॥৩৪৩॥
বৈসইলা সৱাকো আনি সুৱৰ্ণ আসনে।
পুছিল কুশল কথা মধুৰ বচনে॥
গন্ধে পুষ্পে দূপে দীপে দৈৱকী নন্দন।
গৌৰৱে সৱাকো আনি অৰ্চিলা চৰণ॥৩৪৪॥
পখালিয়া পাৱক আপুনি জগন্নাথে।
পৰম সাদৰে পদোদক লৈলা মাথে॥
মৌন হুয়া সমস্ত সমাজে চাই আছে।
কৃতাঞ্জলী হুয়া কৃষ্ণে বুলিলন্ত পাছে॥৩৪৫॥
কিনো ভাগ্যে দেখিলো চৰণ তোমাসাৰ
জন্মৰ সফল ভৈল আজিসে আহ্মাৰ॥
দেৱৰো দুৰ্ল্লভ ইটো আমাসাৰ দেখা।
আমি অল্প পুণ্য মনুষ্যৰ কোন লেখা॥৩৪৬॥
আহ্মাৰ তপস্যা বুদ্ধি তীৰ্থৰ যাত্ৰাত।
কেৱলে দেৱতা বুদ্ধি কৰো প্ৰতিমাত॥
তথাপি পুজিবে পালো তোমাসাক লাগ।
আশ্চৰ্যতো আশ্চৰ্য্য আহ্মাৰ কিনো ভাগ॥৩৪৭॥
যত জলময় তীৰ্থ সিয়ো তীৰ্থ হয়।
সিয়ো দেৱ যতেক মৃত্তিকা শিলাময়॥
কিন্তু চিৰকালে তীৰ্থ দেৱে শুদ্ধি কৰে।
দৰশন মত্ৰ সাধু সৱে পাপ হৰে॥৩৪৮॥
চন্দ্ৰ সূৰ্য বায়ু বহ্নি নভ ভূমি জল।
ভেদ বুদ্ধি নৰৰ নৰহে পাপ মল॥
পৰম নিষ্কামে মাধৱক মনে স্মৰে।
মুহূৰ্ত্তে সেৱাতে তাৰ সৱ পাপ হৰে॥৩৪৯॥
হেন সাধু এৰি কৰে আনত আনন্দ
জানিবাহা আত পৰে নাহি মহানন্দ॥
আপোনাকে আপুনি বঞ্চিলে কুলাঙ্গাৰ।
পশুতো অধম পশু শুনা কথা তাৰ॥৩৫০॥
শৰীৰ সৱক মই বোলে যিটো চিত্তে।
কৰে যিটো মমত পত্নী পুত্ৰ বিত্তে॥
প্ৰতিমাত মাত্ৰ যাৰ ভৈল দেৱ বুদ্ধি।
তীৰ্থ বুলি কেৱলে জলত কৰে শুদ্ধি॥৩৫১॥
মহা মহন্ততো নাই ইটো বুদ্ধি চাৰি।
গৰুতো অধম জানা সিটো অহঙ্কাৰী॥
সেহিতো পামৰ নপাইলেক তত্ত্বজ্ঞান।
নেড়াইলে সংসাৰ যতনাতে যায় প্ৰাণ॥৩৫২॥
মহা ভকতক নজানয় কৰ্ম্মজড়।
তীৰ্থতো দেৱতো কৰি সৱ বৰ॥
এতেকে তোহ্মাত আমি কৰিলো বন্দন।
এহি বুলি মৌন ভৈলা দৈৱকী নন্দন॥৩৫৩॥
কৃষ্ণৰ চৰিত্ৰচয় শুনা সভাসদ।
এহিসে খণ্ডাৱে ঘোৰ সংসাৰ আপদ॥
আতেসে সন্তুষ্ট গুণ লুবুধা মাধৱ।
সততে চিন্তিয়ো কৃষ্ণ চৰণ পল্লৱ॥৩৫৪॥
নমো নমো হে কৃষ্ণ মঞি মন্দমতি।
তযু পাৱে ই জন্মত নভৈল ভকতি॥
পৰলোকে গৈলে গতি কি হৈবে আহ্মাৰ।
কৃপাময় কৃষ্ণ কৰা আপুনি উদ্ধাৰ॥৩৫৫॥
তুমিসে সুহৃদ আত্মা প্ৰিয়তম মোৰ।
তথাপি পামৰ মই ভৈলো সেৱা চোৰ।
বৃথা মনোৰথে আয়ু ভৈল সমাপতি।
বান্ধৱ মাধৱ সধা অগতিৰ গতি॥৩৫৬॥
মঞি পাতাকীৰ মোৰ বন্ধ ছেদ হৌক।
তোহ্মাৰ চৰণে ৰতি ভকতি মিলোক॥
আতপৰে আন কিছু নবাঞ্ছোহো কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৩৫৭॥
॥দুলড়ী॥
কৃষ্ণৰ কপট বাক্য শুনি সিটো
মোহ ভৈল যত মুনি।
নুহি বুদ্ধি থিৰ অধোমুখে সৱে
আছিলা মনত গুণি॥
সামান্য মনুষ্য যেন ইটো কৃষ্ণে
কৰিল আহ্মাক স্তুতি।
কিবা হেতু ইটো একোমতে চিন্তি
নপাইলো তাৰ যুগুতি॥৩৫৮॥
কি কাৰণে মনে মিলিল আহ্মাৰ
হেন ভ্ৰম অদ্ভুত।
জানো নজানিলে হোৱন্ত ঈশ্বৰ
ইটো বসুদেৱ সুত॥
কৃষ্ণৰ মায়াত মোহ হুয়া আতি
তম্ভি আছে সৱে মুনি।
পাছে চিৰকালে ভৈল বুদ্ধি থিৰ
বুজিলো মনত গুণি॥৩৫৯॥
লোকক শিখান্ত ইটো মহাধৰ্ম
জানিলো জজত পতি।
পৰম গৌৰৱ আহ্মাক কৰিলা
সিহেতু তুতি ভকতি॥
মাথা তুলি পাছে প্ৰসন্ন বদনে
সৱেয়ো তুলিলা হাস।
কৰি কৰযোৰ বুলিবে লাগিলা
কৃষ্ণৰ চাপিয়া পাশ॥৩৬০॥
যত প্ৰজাপতি যত তত্ত্ব জ্ঞানী
সৱাকো আমি ঈশ্বৰ।
আহ্মাকো মুহিলে যিটো মায়া তাত
থিৰ হৈৱে কোন নৰ॥
মায়ায়ে মোহিয়া কৰি আছে ছন্ন
দেখি মনুষ্যৰ নয়।
পৰম অতৰ্ক সৃষ্টিত তোহ্মাৰ
বুজিবে কোন আশয়॥৩৬১॥
সৃষ্টি স্থিতি লয় কৰা মায়াময়
বিভঞ্জিয়া আপোনাক।
ঘট শৰ ভেদে দেখি বহুবিধ
যেন এক মৃত্তিকাক॥
নোহা বসুদেৱ পুত্ৰ পৰিপূৰ্ণ
ঈশ্বৰ তোমাৰ দুই।
তযু জন্ম কৰ্ম্ম বিৰম্বন মাত্ৰ
ইটো পৰমাৰ্থ নুই॥৩৬২॥
ধৰ অৱতাৰ দুষ্টক দণ্ডিয়া
ভকতৰ ৰক্ষা হেতু।
যিটো শুদ্ধ বেদ পথ থাপা তাক
তুমিয়ে গড়ুৰ কেতু॥
ৰত্নে মন্ত্ৰগণে তোহ্মাক প্ৰকাশে
তাঙ্কে আছে যিটো ধৰি॥
কৰা আপোনাতো কৰি॥৩৬৩॥
সেইটো ব্ৰাহ্মণ কুলক সন্মান
কৰা আপোনাতো কৰি॥৩৬৩॥
এতেকে লোকক শিখায়া আহ্মাক
কৰিলাহা সতকাৰ।
আজিসে জন্মক সাফলিলো আমি
চৰণ দেখি তোহ্মাৰ॥
ভগৱন্ত কৃষ্ণ তোহ্মাক প্ৰণামো
তুমি পৰমাত্মা দেৱ।
ছন্ন কৰি আছা মায়ায়ে মহিমা
তোহ্মাক নজানে কেৱ॥৩৬৪॥
যত ৰজাগণ যত যদুবংশ
সদা একেলগে থাকে।
জগত ঈশ্বৰ বুলিয়া তথাপি
নজানে কেহো তোহ্মাকে॥
যেন স্বপনত যি দেহ ধৰিছে
তাকে মই বুলি মানে।
শয্যাত পৰিছে যি দেহ নিদ্ৰাত
তাহাক আউৰ নজানে॥৩৬৫॥
বিষয় চেষ্টাত আতি অচেতন
যতেক নৰ পামৰ।
এহিমতে দেৱ তোহ্মাক নিচিনে
তুমিসে আত্মা ঈশ্বৰ॥
মহা মহা পাপ সহস্ৰক হৰে
গঙ্গাৰো এহি আশ্ৰয়।
চিত্তে মাত্ৰ মনে নেদেখে সাক্ষাত
যাক মহা যোগীচয়॥৩৬৬॥
হেন পাদ পদ্ম দেখিলো সাক্ষাতে
কতবা পুণ্যৰ ফলে।
এহি কৃপা কৰা থাকোক ভকতি
তোহ্মাৰ পদ কমলে॥
হেনবা বুলিবা নালাগে ভকতি
কৰা তপ পূৰ্বৱতে।
নাহি নাহি প্ৰভু তপস্যাত সিদ্ধি
জানো তাক ভালমতে॥৩৬৭॥
আন পৰিহৰি তোহ্মাৰ ভকতি
মাত্ৰত যাৰ প্ৰৱন্ধ।
সেহিসে মহন্ত হৃদয়ত তাৰ
চিণ্ডে অহঙ্কাৰ বন্ধ॥
তেসম্বেসে পাইলে তোহ্মাৰ গতিক
নাচৰিয়া তপ জ্ঞান।
এতেকে তোহ্মাৰ চৰণে মাগোহো
ভকতি প্ৰসাদ দান॥৩৬৮॥
এতেকে বিনয় বুলিলা কৃষ্ণক
গৈলন্ত মাগি মেলানি।
যুধিষ্ঠিৰ ধৃত ৰাষ্ট্ৰ সমজ্যাকে
প্ৰবোধি মধুৰ বাণী।
আশ্ৰমক লাগি যাইবাক চাহন্তে
দেখি উঠি বসুদেৱ।
সৱাকো আসনে বসায়া সাদৰে
চৰণে কৰিলা সেৱ॥৩৬৯॥
সাৱৰো পাৱত ধৰি বাসুদেৱ
বুলিলা কৰি সাদৰ।
সৰ্ব দেৱময় মুনিবৰ মোৰ
প্ৰশ্নৰ দিয়া উত্তৰ॥
কোন কৰ্ম্মে কৰে কৰ্ম্ম বন্ধ ছেদ
কহিয়ো বিচাৰি তাক।
তুমি সৱ বিনে আনে নজানয়
কৰিয়ো কৃপা আমাক॥৩৭০॥
হেন শুনি পাছে মহা মুনিসৱে
ভৈলন্ত আতি বিস্ময়।
আগত ঈশ্বৰ কৃষ্ণক এৰিয়া ৰীতি
আহ্মাত পুছে সংশয়॥
ভৈলন্ত বিস্মৃতি বসুদেৱ দেখা
ঘৰতে জগনিৱাস।
তথাপি নিচিনে চাই অন্যো অন্যে
কৰিলন্ত অতি হাস॥৩৭১॥
॥ছবি॥
শুনা সভাসদ যত ইটো মহা ভাগৱত
ধৰ্ম্মৰ মধ্যত ইসে সাৰ।
কৃষ্ণৰ চৰিত্ৰ যশ সম্যকে অমৃত ৰস
কৰ্ণ ভৰি পীয়া বাৰে বাৰ।
যাৱে নতু ধৰে কালে আছে যাৱে ভালে ভালে
কৃষ্ণ পাৱে পশিয়া শৰণে।
কৃষ্ণত অৰ্পিয়ো চিত্ত কৃষ্ণেসে সুহৃদ হিত
হৈবা হৰি সহায় মৰণে॥৩৭২॥
ননো হেন কৃষ্ণদেৱ মোত পৰে নাহি কেৱ
জানিলো অধম মূঢ়মতি।
আছা এই হৃদয়ত তুমি হেন ঈশ্বৰত
নকৰিলো একান্ত ভকতি॥
তুমি দেৱ সদাশিৱ তুমি জগতৰে জীৱ
ব্ৰহ্মাদিৰো তুমি বুদ্ধি সাক্ষী।
তুমি মোৰ গতি দাতা তুমিসে সুহৃদ আত্মা
তথাপি নভজি খাইলো আসি॥৩৭৩॥
মই দীন দয়াময় তুমি দেৱ কৃপাময়
কৰা যেন যুৱাই হেন জানি।
তোহ্মাৰ চৰণে ৰতি হোক যেন দিয়া মতি
তোহ্মাকেসে আছো গুৰু মানি॥
নুহিকো কিছোৰে পাত্ৰ তোহ্মাৰ চৰণে মাত্ৰ
সৰ্ব্বথা থাকোক মোৰ চিত
ছাৰি বিষয়ৰ কাম নিৰন্তৰে ৰাম ৰাম
বোলা যেৱে তৰিবা কলিত॥৩৭৪॥
॥পদ॥
শুক নিগদতি ৰাজা শুনা একমনে।
যেবে বসুদেৱক হাসিলা মুনিগণে॥
সবাকো সম্বোধি পাছে নাৰদ বদতি।
নহাসিবা কেহো বসুদেৱক সম্প্ৰতি॥৩৭৫॥
পুত্ৰ বুলি কৃষ্ণক কৰিয়া অনাদৰ।
আহ্মাৰ পুছিলা কথা অৰ্পণা কৰ্ম্মৰ॥
নাহিকে আশ্চৰ্য্য আত নুহিবা বিস্ময়।
মায়ায়ে মোহিত মনুষ্যৰ হেন নয়॥৩৭৬॥
যদ্যপি কাছত আছা দেৱ নাৰায়ণ।
সমীপত বাসা অনাদৰৰ কাৰণ॥
যেন তীৰবাসী গঙ্গাজল তেজি যায়।
অন্যত্ৰ জলত স্নানে সিদ্ধিক আশায়॥৩৭৭॥
যাহাৰ জ্ঞানক কালে নকৰে লুপুত
মায়ায়ে কৰিছা নিজ মহিমা গুপুত॥
নিচিনে ঈশ্বৰ বুলি দৈৱকীৰ পোক।
হিমে মেঘে ছন্ন হেন বোলে আদিত্যক॥৩৭৮॥
সুখ দুখ তিনি গুণময় অহঙ্কাৰে।
যাহাক সৱেয়ো আৱৰিবেও নপাৰে॥
যিটো মায়া আমাকো মুহিলে আজি দেখা।
ইহাত গৃহস্থ মনুষ্যৰ কোন লেখা॥৩৭৯॥
যিটো মায়া কৰে ব্ৰহ্মদিৰো জ্ঞান নাশ।
জানি বসুদেৱক নকৰা উপহাস॥
এহি বুলি নাৰদ প্ৰমুখ্যে ঋষি যত।
কহিবে লাগিলা বসুদেবৰ আগত॥৩৮০॥
শুনি আছে যত সমাজ্যাৰ ৰাজামানে।
তথাপি আছম্ভ ৰাম কৃষ্ণ বিদ্যমানে॥
যিৱা কৰ্ম্মে কৰে সৱে কৰ্ম্মক নিহাৰে।
শুনা বসুদেৱ আৱে কথা কহো তাৰ॥৩৮১॥
শ্ৰদ্ধায়ে যজিবে হৰি যজ্ঞ ঈশ্বৰক।
নাহিকে উত্তম কৰ্ম্ম আত ব্যাতিৰেক॥
এহি ধৰ্ম্ম হেতু হোৱে চিত্ত উপসাম।
জ্ঞানীগণো কহে আক উপায় সুগম॥৩৮২॥
এহি ধৰ্ম্মে হবে মহা অন্ধকাৰ বন্ধ।
কিছো কিছো কৰি মিলে মনত আনন্দ॥
পৰম নিষ্কামে অতিশয় শুদ্ধ চিত্তে।
ঈশ্বৰক যজিবে প্ৰত্যক্ষ একচিত্তে॥৩৮৩।
গৃহস্থ দ্বিজত ইসে কল্যাণৰ পথ।
আত হন্তে সিজে কাম মোক্ষ ধৰ্ম্ম অৰ্থ॥
যজ্ঞ দান কৰিয়া ত্যজিবে বিচেষ্টাক।
ভোগ কৰি এৰিবেক তনয় ভাৰ্য্যাক॥৩৮৪॥
বিনাশী জানিয়া এৰিলেক স্বৰ্গ আশা।
কৃষ্ণক চিত্তিবে তপোবনে কৰি বাসা॥
দেৱঋষি পিতৃৰ তিনিৰো ভিন্ন ভিন্ন।
উপজিলে মনুষ্যত লাগে তিনি ঋণ॥৩৮৫॥
ব্ৰহ্মচৰ্য্যে ঋষি ঋণ যজ্ঞে দেৱতাৰ।
উপজিয়া পুত্ৰক পিতৃৰ শুজৈ ধাৰ॥
তিনি ঋণ নুশুজিয়া যিটো মোক্ষ সাধৈ।
নৰকত পৰৈ দৈৱে তাহাকো নবাধৈ॥৩৮৬॥
ইটো কৰ্ম্ম সকৰ্ম্মীৰ কহিলা পৰমাৰ্থ।
তোহ্মাৰ নালাগে তুমি ভৈলাহে কৃতাৰ্থ॥
পৰম ঈশ্বৰ হৰি জগতৰ পতি।
তাহাঙ্ক অৰ্চ্চিলা তোৰা পৰম ভকতি॥৩৮৭॥
এতেকেসে তোৰা দুইৰ পুত্ৰ ভৈল হৰি।
নাহি ভাগ্যৱন্ত আৰো তোমাঠেৰ সৰি॥
বসুদেৱ শুনি মুনিসৱৰ বচন।
পৰি প্ৰণমিলা পাছে সবাৰো চৰণ॥৩৮৮॥
পাত্ৰ হুয়া তুমি সবে কৰায়োক যজ্ঞ।
নিস্তৰো হেনবা আৱে মই মহা অজ্ঞ॥
নাৰদ প্ৰমুখ্যে বাক্য নবাধিলা কেৱে।
সৱাকো বৰিলা পাত্ৰ পাছে বসুদেৱে॥৩৮৯।৷
বসনে ভূষণে সৱ ঋষিক অৰ্চ্চিল।
সেহি কুৰুক্ষেত্ৰে মহা যজ্ঞ আৰম্ভিল॥
কৃষ্ণৰ জনক ভৈল জগত দীক্ষিত।
দেখি বৃষ্ণিবংশ ভৈলা সৱে অনন্দিত॥৩৯০॥
স্নানিয়া পিন্ধিয়া ধৌত বস্ত্ৰ অলঙ্কাৰ।
সুবৰ্ণ পদ্মৰ মালা গলে জাতিষ্কাৰ॥
বংশত প্ৰধান ৰাম ঈশ্বৰ মাধৱ।
পিতৃৰ দেখিয়া আতি যজ্ঞ মহোৎসৱ॥৩৯১॥
চড়াইলা অঙ্গত আতি ৰত্ন অলঙ্কাৰ।
ভৈলা নীল পীত বস্ত্ৰে আতি জাতিষ্কাৰ॥
উদ্ধৱ প্ৰমুখ্যে আছে যত যদুবীৰ।
বসনে ভূষণে সৱে ভূষিল শৰীৰ॥৩৯২॥
তাসম্বাকে লগে লৈয়া পাছে কৃষ্ণৰাম।
অধিষ্ঠিল আপুনি যজ্ঞত যত কাম॥
ৰুক্মিণী প্ৰমুখ্যে কৃষ্ণ পত্নীগণ যত।
ভৈলা সালংকৃতা সৱে উৎসৱ মনত॥৩৯৩॥
সিটো মহোৎসৱক দেখিবে অনুৰাগ।
প্ৰৱেশিলা যজ্ঞশালা শিশু কৰি আগ॥
দৈৱকী প্ৰমুখ্যে বসুদেৱ পত্নী যত।
পিন্ধিলন্ত দিব্য ধৌত বস্ত্ৰ শৰীৰত॥৩৯৪॥
কুম্বুমে লেপিত তনু জ্বলে অলঙ্কাৰ।
কৰ্ণত কুণ্ডল ডোলে গলে হেমহাৰ॥
গাৱে গাৱে বস্ত্ৰ অৰিহণা ধৰি হস্তে।
প্ৰৱেশিলা যজ্ঞশালা সুন্দৰী সমস্তে॥৩৯৫॥
স্বামীৰ সমীপ চাপি ৰহিল হৰিষে।
বাৱে দেৱে দিব্য ঢাকি কুসুম বৰিষে॥
মৃদঙ্গ দুন্দুভি ভেৰী তবলৰ ৰোল।
ডিণ্ডিম দগড় দণ্ডি বীৰ ঢাক ঢোল॥৩৯৬॥
বজাৱে কৰ্ত্তাল তাল আনন্দে মৃদঙ্গ।
নাচে নট নৰ্ত্তকী কৰিয়া অঙ্গ ভঙ্গ॥
আতি মহা উঋসৱে চপয় পঢ়ে ভাট।
বাৱে বিদ্যাধৰ অপেশ্বৰা কৰে নাট॥৩১৯৭॥
শৰীৰৰ লাৱণ্য দৰশৈ ভঙ্গি ভাৱে।
সুস্বৰে গন্ধৰ্ব্বী সৱে স্বামী সঙ্গে গাৱে॥
ৰুদ্ৰক বিলাস বীণা বেণুৰ সম্বাদ।
বাৱে মহা বিপঞ্চি পঞ্চম তুমি নাদ॥৩৯৮॥
কোকিলৰ কণ্ঠ সম সুস্বৰ সঙ্গীত।
শুনন্তে অমৃত স্ৰৱৈ মোহ হোৱে চিত॥
ভৈলা বসুদেৱ মৃগ চৰ্ম্মে সুসম্ভৃত।
কৰিলন্ত ঋষিসৱে যজ্ঞত দীক্ষিত॥৩৯৯॥
অভিনৱ নৱমী লেপিত অঙ্গচয়।
অঞ্জনে ৰঞ্জিল তাৰ নয়ন দুতয়॥
দৈৱকী প্ৰমুখ্যে মহা মহিষী যতেক।
তেসম্বে সহিত কৰিলন্ত অভিযেক॥৪০০॥
সিঞ্চিলন্ত শক্তি মন্ত্ৰ উচ্চৰি উৎসৱে।
দশোদিশ পুৰিলেক বাদ্য ভণ্ড ৰৱে॥
দেৱ বাদ্য যতেক আকাশ ছানি বাজে॥৪০১॥
দৈৱকী প্ৰমুখ্যে যত পৰম সুন্দৰী।
আছন্ত সমজ্যা ৰঞ্জি স্বামীক আৱৰি॥
দেৱাঙ্গ বসনে সৱে হুৱা বিভূষিত।
কঙ্কণে কেয়ুৰ মহা হাৰ সালঙ্কৃত॥৪০২॥
কটি তটে কনক কিঙ্কিণী আতি জলে।
ৰত্নৰ নুপূৰ জ্বলে চৰণ কমলে॥
কিৰীটি কুণ্ডল মুখ প্ৰকাশে সভাত।
হেনয় পৰম ভাৰ্যা সমে সিবেলাত॥৪০৩॥
কৰন্ত প্ৰকাশে বসুদেৱ আতিশয়।
তাৰাৰ মধ্যত যেন চন্দ্ৰৰ উদয়॥
নাৰদ প্ৰমুখ্যে মহাপাত্ৰ যত মুনি।
পিন্ধিলা পাচোব পাছে পাট পীত ভুনি॥৪০৪॥
গন্ধে পুষ্পে চন্দনে দেখন্তে মনোহৰ।
জ্বলে ৰত্নময় অলঙ্কাৰ কলেবৰ॥
হুয়া মহা তুষ্ট যত আচাৰ্য ঋত্বিজ।
প্ৰসন্ন বদনে উচ্চাৰন্ত মন্ত্ৰ বীজ॥৪০৫॥
কৰম্ভ প্ৰকাশ চন্দ্ৰসমান যজ্ঞত।
বঢ়াইলা বহুত বসুদেৱৰ মহত॥
যত স্বৰ্গবাসী পাতালৰ যত নাগ।
উৎসৰ্গি নিলন্ত আসি আপোনাৰ ভাগ॥৪০৬॥
চাই আছে পৃথিৱীৰ যত ৰাজাচয়।
যজ্ঞৰ মহিমা দেখি পৰম বিস্ময়॥
যিটো যজ্ঞ পুৰুষ কাৰণ জগতৰ।
দ্ৰব্য কৰ্ম্ম মন্ত্ৰ ইটো তিনিৰো ঈশ্বৰ॥৪০৭॥
অগ্নিহোত্ৰ আদি কৰি যজ্ঞ অসংখ্যাত।
যজিলন্ত বসুদেৱে তাহাঙ্ক সাক্ষাত॥
পূৰি মনোৰথ পাছে সৌৰি সৰ্বজান।
যজ্ঞ সঙ্গ কৰিয়া দক্ষিণা দিলা দান॥৪০৮॥
ঋত্বিজ সৱক পুনু কৰি অলঙ্কৃত।
গো ভূমি কন্যা ৰত্ন দিলা বহু বিত॥
ৰাম হ্ৰদে নামি আগ কৰি যজমান।
কৰিলন্ত ঋষিসৱে অবভূথ স্নান॥৪০৯॥
পত্নী সমে সৌৰিও নামিলা ৰাম হ্ৰদে।
দশোদিশ পূৰে জয় বাদ্যৰ শৱদে॥
দৈৱকী প্ৰমুখ্যে যত কৃষ্ণ মাতৃগণ।
দিলা নট নৰ্ত্তকীক বসন ভূষণ॥৪১০॥
কুকুৰ চণ্ডাল সীমা যত প্ৰাণী মানে।
কৰালা তৃপিতি সমস্তকে অন্নপানে॥
আপুনি লক্ষ্মীৰ স্বামী প্ৰৱেশি সভাতে।
সুৱৰ্ণ ৰজত দান দেন্ত সঞিহাতে॥৪১১॥
এক গুণ ধন শত গুণ হন্ত দেন্তে।
হাজাৰেক গুণ হন্ত বোজা বান্ধি নেন্তে॥
যেন পঞ্চৰত্নে বৰষিল দেৱ হৰি।
আদৰিদ্ৰ ভৈল দুখী ভিক্ষী দেশান্তৰী॥৪১২॥
মহাধন লে্ভী সৱে এৰিলা আক্ৰোশ।
হেন নাহি যজ্ঞত নভৈল পৰিতোষ॥
পৰিশ্ৰম কৰি ৰাম মাধৱে আপুনে।
মনোৰথ পিতৃৰ পুৰিলা সত্ব গুণে॥৪১৩॥
দেখি বসুদেৱৰ মহিমা আতিশয়।
ত্ৰৈলোক্যৰ লোক ভৈল পৰম বিস্ময়॥
দেৱাসুৰ মনুষ্যে প্ৰশংসা কৰে আতি।
বসুদেৱ মহন্তৰ থাকিল খিয়াতি॥৪১৪॥
আপুনি তনয় যাৰ ভৈল ভগৱন্ত।
কোনে কৰি পাৱে তাৰ মহিমা অনন্ত॥
দেৱঋষি পিতৃ যত কিন্নৰ চাৰণ।
বসণে ভূষণে সৱ সন্তোষিলা মন॥৪১৫॥
কৃষ্ণত অনুজ্ঞা সৱে মাগি মন তুষ্টি।
যজ্ঞক প্ৰশংসা কৰি গৈলা সৱে উঠি॥
বিদৰ্ভ কৌশল কুৰু কৈকেয় সৃঞ্জয়।
ইসৱ প্ৰমুখ্যে যত আনো ৰাজাচয়॥৪১৬॥
পুত্ৰ পত্নী সমে সৱে কৰি সতকাৰ।
যাক যেন যোগ্য দিলা বস্ত্ৰ অলঙ্কাৰ॥
পায়া বসুদেৱৰ সন্মান আতিশয়।
পৰম সন্তোষ ভৈল আনন্দ হৃদয়॥৪১৭॥
যজ্ঞত মহিমা দেখি প্ৰশংসা অশেষ।
কৃষ্ণত মেলানি লৈয়া চলি গৈলা দেশ॥
ভীষ্ম দ্ৰোণ দ্ৰোণী কৃপ কৰ্ণ কুন্তিভোজ।
পুত্ৰ সমে ধৃতৰাষ্ট্ৰ বিদুৰ কাম্বোজ॥৪১৮॥
মহাৰাজা যুধিষ্ঠিৰ ভীম ধনঞ্জয়।
নকুল কনিষ্ঠ সহদেৱ মহাশয়॥
সম্বন্ধী বান্ধৱ আৰো সুহৃদ যতেক।
সৱাকো তুষিলা বস্ত্ৰ ভূষণে প্ৰত্যেক॥৪১৯॥
তেসম্বো আলিঙ্গি স্নেহে সবংশে কৃষ্ণক।
সলোকত নোত্ৰে চলি গৈলন্ত দেশক॥
সত্যৱতী কুন্তী শান্তি দ্ৰৌপদী গান্ধাৰী।
আসি আছে কৌৰৱ পাণ্ডৱ যত নাৰী॥৪২০॥
দৈৱকী ৰোহিণী কৰি সৱাকো সন্মান।
বস্ত্ৰ অলঙ্কাৰে কৰাইলন্ত পৰিধান॥
মহা স্নেহে ধৰিয়া সাবাকো সাৱটিল।
সজল নয়নে অন্যো অন্যে আলিঙ্গিল॥৪২১॥
কৃষ্ণত মেলানি মাগি প্ৰশংসি অশেষ।
সুহৃদ বিৰহ দুখে চলি গৈলা দেশ॥
যতেক সুহৃদ গোপগণ আদি কৰি।
যশোদা প্ৰমুখ্যে যত গোপৰ সুন্দৰী॥৪২২॥
তাসম্বাক দিলা দিব্য বস্ত্ৰ অলঙ্কাৰ।
সবাকো অধিক কৰি কৰিলা সৎকাৰ॥
এহিমতে সাঙ্গ কৰি যজ্ঞ মহোৎসৱ।
অপ্ৰায়াসে কৰি মনোৰথ মহাৰ্ণৱ॥৪২৩॥
সপুত্ৰ বান্ধৱে বসুদেৱ মহাশয়।
ভৈল কৃতকৃত্য আতি অনন্দ হৃদয়॥
ত্ৰৈলোক্যৰ লোকে সৱে প্ৰশংসে সাদৰে।
কেশৱৰ প্ৰসাদে অচলা লক্ষ্মী ঘৰে॥৪২৪॥
বৰষিল পঞ্চৰত্ন যজ্ঞত প্ৰচুৰ।
তথাপিতো অক্ষয় ভাণ্ডাৰ ভৰপূৰ॥
নিগদতি শুক শুনা নৃপ পৰীক্ষিত।
আত অনন্তৰে শুনা কৃষ্ণ চৰিত॥৪২৫॥
শুনা সাৱধান কৰি চিত্ত একান্ত।
যেন ভৈল নন্দ বসুদেৱৰ বৃত্তান্ত॥
বংশে সমে ৰাম কৃষ্ণ উগ্ৰসেন ৰাজা।
নন্দ আদি গোপক কৰিলা সৱে পূজা॥৪২৬॥
কতো দিন তথাত বঞ্চিলা মহা স্নেহে।
এৰিবে খোজন্তে পীড়ে বন্ধুৰ বিৰহে॥
সুহৃদ বৎসল সিটো যত যদুবংশী।
গোকুলবাসীৰ সিয়ো গুণক প্ৰশংসি॥৪২৭॥
কৰন্ত সন্মান সিটো গোপক গোপীক।
অন্যো অন্যে দেখে যেন প্ৰাণতো অধিক॥
একে আসনতে থাকে নন্দ বসুদেৱ।
যশোদা দৈৱকী দুয়ো নেৰৈ কাকো কেৱ॥৪২৮॥
কৃষ্ণ পত্নী সমে সৱ গোপীৰ আলাপ।
কৃষ্ণৰ কথায়ে বঞ্চৈ সংসাৰৰ তাপ॥
ভকতৰ বশ্য কৃষ্ণ ত্ৰৈলোক্য ঈশ্বৰ।
পৰম গৌৰৱে কৰে সৱাকো আদৰ॥ ৪২৯॥
যশোদা নন্দনক থাকে প্ৰবোধি দিনত।
নেড়ন্ত গলত বান্ধি পৰম স্নেহত॥
বালক চৰিত্ৰচয় সুমৰি সুমৰি।
কান্দে দুয়ো প্ৰাণীৰ লোতক পৰৈ ঝৰি॥৪৩০॥
শুঙ্গে নাকে যেন স্নেহে চেলেক জিহ্বাই।
ফোকাৰে নিশ্বাস মুখপদ্ম চাই চাই॥
যশোদা কান্দন্ত ধৰি কৃষ্ণক সাৱটি।
নকৰিলা শুধি দুনাই আহ্মাক পালটি॥৪৩১॥
স্বপুত্ৰে বঞ্চিত হুয়া জীয়াহো অভাগী।
সিটো ধন গোমধনক সাঞ্চো কাক লাগি॥
প্ৰাণ পুত্ৰ বিয়োগে নগৈলো কিয় মৰি।
এহি বুলি কৰণ কৰন্ত ব্ৰজেশ্বৰী॥৪৩২॥
মাতৃৰ বিলাপ দেখি নসহে হৃদয়।
লগতে কান্দিলা দুখে কৃষ্ণ কৃপাময়॥
পীত বস্ত্ৰে মুছি মুখ যশোদা নন্দৰ।
বোলন্ত প্ৰবোধ দুইকো কৰিয়া কাতৰ॥৪৩৩॥
কুন্ধচ সংসাৰ ইটো হেনয় কুনয়।
সুহৃদ সংযোগ চিৰকাল নৰহয়॥
জানা মায়াময় ইটো পিতৃ পুত্ৰ দেহ।
নাটক টাটক সৱ বান্ধৱৰ স্নেহ॥৪৩৪॥
হেন অনুমানি সান্ত কৰিয়োক চিত্ত।
এহি বুলি দোহাঙ্কো বুজান্ত প্ৰতিনিত॥
ৰাত্ৰি ভৈলে বিৰলত বুজান্ত গোপীক।
জানা তুমি সৱ মোৰ প্ৰাণতো অধিক॥৪৩৫॥
সদায়ে হৃদয়ে কৰো তোমাসাক ধ্যান।
নাহি প্ৰিয়তম তুমি সৱ বিনে আন॥
কান্দে গোপীসৱে সুমৰিয়া কৃষ্ণ কেলি।
প্ৰবোধন্ত ধৰি স্নেহে চাৰি বাহু মেলি॥৪৩৬॥
আঞ্চলে মুচন্ত মুখ কান্দিয়া লগতে।
সমস্ত ৰজনী যায় নিতে এহিমতে॥
একদিন বসুদেৱ আছন্ত সমাজে।
লগতে আছন্ত বসি নন্দ গোপৰাজ॥৪৩৭॥
সমস্তে সুহৃদে আছে লগতে আৱৰি।
বসুদেৱে বোলন্ত নন্দৰ হাতে ধৰি॥
শুনা সখি গোপৰাজ বচন আহ্মাৰ।
ঈশ্বৰ নিৰ্ম্মিত স্নেহ পা বজ্ৰসাৰ॥৪৩৮॥
জ্ঞান বলে যোগীগণে নপাৰে ছেদিত।
ইটো কথা ভৈল সখি তোহ্মাৰ বিদিত॥
তুমিহেস মহন্ত মহা সাধু মধ্যে সাৰ।
কৰি আছা আহ্মাৰ উত্তম উপকাৰ॥৪৩৯॥
নুসুমৰো আমি সিটো গুণক কিঞ্চিত।
তথাপি আহ্মাৰ এতমান স্নেহ চিত॥
এতেকে দুস্ত্যজ স্নেহ জানিলোহো মনে।
নুশুজিলো তযু গুণ যি কাৰণে॥৪৪০॥
আপদত আছিলো নাছিল ধন অৰ্থ।
উপকাৰ কৰিবে সিবেলা অসমৰ্থ॥
এৱে শ্ৰীমদে অন্ধ ভৈলো সমুদায়।
নুসুমৰো তুমি হেন মিত্ৰক সদায়॥৪৪১॥
একেমতে নুশুজিলো উপকাৰ ঋণ।
মই মিত্ৰ বঞ্চক পৰম বুদ্ধি হীন॥
কুশলক আশা যাৰ থাকিবেক ভালে।
জানো ৰাজশ্ৰীক সিটো বাঞ্ছৈ একোকালে॥৪৪২॥
শ্ৰীমদে সুহৃদ বন্ধুক কৰে হেলা।
দেখিও নেদেখে যেন দিনতে অন্ধলা॥
এহিমতে বোলন্ত নন্দৰ হাতে ধৰি।
দ্ৰৱিল হৃদয় সৌৰি সুহৃদ সুমৰি॥৪৪৩।
যত পুৰ্ব্ব উপকাৰ কহিয়া প্ৰকটি।
কান্দিবে লাগিলা ধৰি সখিক সাৱটি॥
নেত্ৰৰ লোতক বহে নসহে হৃদয়।
কৰন্ত ক্ৰন্দন বসুদেৱ মহাশয়॥৪৪৪॥
কৰিলা আশ্বাস ধৰি নন্দে হেন দেখি।
মোক আৱে বুলিবে নালাগে প্ৰাণ সখি॥
কতবা জন্মৰ মোৰ আছে মহাভাগ।
তুমি হেন মহন্তক মিত্ৰ পালো লাগ॥।৪৪৫॥
জগত প্ৰসিদ্ধ তুমি মহা ভাগৱত।
প্ৰত্যেক্ষে দেখিলো আমি যজ্ঞৰ মহত॥
বুলিলা মধুৰ বাক্য অনেক সাদৰি।
কৰন্ত সন্মান তাঙ্ক নিতে ৰাম হৰি॥৪৪৬॥
অনুদিনে বাঢ়ে অন্যো অন্যে স্নেহ পাশ।
আজি কালি কৰিতে গৈলেক তিনি মাস।
নন্দে আলোচন্ত আসি চলিকো প্ৰভাতে।
লন্ত অনুমতি যদুবংশৰ সৱতে॥৪৪৭॥
কথাতে গধূলি ভৈল নজানন্ত তাক।
কালি যাবা বুলি বসুদেৱ দেন্ত হাক॥
কাকো কেৱে এৰিবাক নাপৰে স্নেহত।
পুনু পুনু যদুগণে নেদন্ত সন্মত॥৪৪৮॥
ক্ষণ প্ৰায় প্ৰেমে বঞ্চিলেক মাস তিনি।
নন্দক সবংশে অৰ্চিলন্ত ভিন্ন ভিন্নি॥
বসুদেৱ উগ্ৰসেন সাত্যকি উদ্ধৱ।
জগতৰ প্ৰভু ৰাম ঈশ্বৰ মাধৱ॥৪৪৯॥
যশোদা নন্দক সাদৰিয়া বহু ভাৱে।
দিন দিব্য ভূষণ সন্দেস গাৱে গাৱে।
পৰম বান্ধৱ গোপ গোপী নিৰন্তৰে।
ভূষিলা সৱাকো বস্ত্ৰ ভূষণে আদৰে॥৪৫০॥
মনুষ্যত অপ্ৰচাৰ অমূল্য ৰতনে।
ভৰাইলে শকট সৱ সুৱৰ্ণ ভাজনে॥
যশোদাক আনি পাছে দৈৱকী ৰোহিণী।
দিলা দুয়ো অলঙ্কাৰ দিব্য বস্ত্ৰ ভিন্নি॥৪৫১॥
কৃষ্ণ পত্নী সৱো আসি কৰি সতকাৰ।
প্ৰাণ শাশু বুলি দিলা ৰত্নৰ সম্ভাৰ।
কৃষ্ণৰ পৰম প্ৰিয়া যতেক গোপিনী।
দিব্য বস্ত্ৰ অলঙ্কাৰ পিন্ধাই ভিন্নি ভিন্নি॥৪৫২॥
সাৱটি সৱাকো কৃষ্ণে কৰিলা সন্মান।
জানা তুমি তেবেসে মোহোৰ জীৱ প্ৰাণ॥
মোক লাগি খেদ আৰো নকৰিবা মনে।
তোমসাৰ সঙ্গ মই নেৰো সৰ্বক্ষণে॥৪৫৩॥
এৱে সবান্ধৱে গোকুলক যায়ো চলি।
গাৱে গাৱে দিলা দুনাই ৰত্নৰ অঞ্জলি॥
কৃষ্ণৰ সন্মানে গোপী সমস্তৰে মন।
ভৈল আতি তুষ্ট আনো যত গোপীগণ॥৪৫৪॥
দিলা আগ কৰি বঢ়ানে অনেক সেনা সঙ্গে।
চলিবাক চান্ত গোপৰাজ মহাৰঙ্গে।
শুনা সভাসদ পদ মহা ভাগৱত॥
জানা ধন জন বন্ধু সৱে অশাশ্বত॥৪৫৫॥
হাটে বাটে কৈত কেতিক্ষণে পৰে প্ৰাণ।
কৃষ্ণ বিনে নাহি আন যাতনাত ত্ৰাণ॥
নমো নমো হেন কৃষ্ণ মঞিঁ নমাই মাথ।
শুনি আছা তুমি দেৱ অনাথৰ নাথ॥৪৫৬॥
তাতেসে তোহ্মাত লৈলো শৰণ আপুনি।
যেন যুৱাই কৰা এৱে মোক মনে গুণি॥
দুৰ্ল্লভ মনুষ্য জন্ম বৃথা গৈল মোৰ।
তুমি হেন ঈশ্বৰত ভৈলো সেৱা চোৰ॥৪৫৭॥
মই অধমৰ দোষ গুণ নিবিচাৰি।
দয়াশীল দেৱ মোক নিয়োক নিস্তাৰি॥
অগ বক পূতনাক দিলা দেৱ গতি।
হৃদয়ৰ বন্ধু মোক নেৰিবা সম্প্ৰতি॥৪৫৮॥
তোহ্মাৰেসে অংশ হুয়া মঞিঁ ভৈলা বাম।
বোলা নিৰন্তৰে নৰে জয় জয় ৰাম॥৪৫৯॥
॥ছবি॥
শুক নিগদতি ৰাজা শুনা গোকুলৰ প্ৰজা
যাইবে যেৱে সৱে ভৈল সাজ।
কৃষ্ণত গলত বান্ধি নন্দ যশোদায়ে কান্দি
আছিলা লোতক ভৈল বাজ॥
প্ৰাণ পুতাই থাকিয়োক পৰিছেদা দেখা মোক
আমি চলি যাঞঁ নিজ থান।
কৃষ্ণৰ বিৰহ বহ্নি উধাই শৰীৰত ছানি
এৰিবে খোজন্তে যায় প্ৰাণ॥৪৬০॥
পিতৃক মাতৃক ধৰি লগতে কান্দন্ত হৰি
আনো যত সুহৃদ সমাজ।
ভিজায়া নেত্ৰৰ জলে কৃষ্ণক ধৰিয়া গলে
কথমপি ভৈলা তৈৰ বাজ॥
অনেক কাতৰ কৰি পিতৃক মাতৃক ধৰি
তুলিলন্ত সাৱটি ৰথত।
হে কৃষ্ণ নমো বুলি পৰেশ চৰণ ধূলি
গোপগণে যাহন্তে পথত॥৪৬১॥
বিয়োগে দহৱৈ হিয়া কৃষ্ণ মুখ নিৰীক্ষিয়া
কান্দৈ মহাপ্ৰেমে ব্ৰজবাসী।
যতেক ভকত গোপী কৃষ্ণৰ সমীপ চাপি
ধৰৈ পাদপদ্মক উল্লাসি॥
ঘষে আনি আখি মুখে মহা বিয়োগৰ দুখে
কান্দি কান্দি বোলে প্ৰেম বাক।
আমি হুৱা নিজ চেৰী প্ৰাণ প্ৰভু যাঞো এৰি
পৰিছেদা দেখিলো তোহ্মাক॥৪৬২॥
কমল লোচন স্বামি দুনাই নেদেখিবো আমি
বেঢ়ি কৰে কৃষ্ণক ক্ৰন্দন।
লগতে কান্দেন্তে যান্ত কতো ধৰি নিচুকান্ত
মহা স্নেহে দৈৱকী নন্দন॥
যতেক যাদৱগণ সৱাকো আকুল মন
বিয়োগত ব্ৰজৰ বধূৰ।
সাৱটিয়া গাঁৱে গাঁৱে অনেক বিনয় ভাৱে
আগ বঢ়াই থৈলা কতো দূৰ॥৪৬৩॥
ব্ৰজবাসী চলি যায় তম্ভিয়া তাহাক চায়
আছে হাতে লোতক মচন্তে।
কৃষ্ণ মুখ নিৰীক্ষিয়া বিৰহে দহিবে হিয়া
যায় গোপী সমস্তে কান্দন্তে॥
কৃষ্ণক দেখিলে মানে কৰযোৰে সাৱধানে
কত দূৰ গৈল পাছগুৰি।
আৰ ভৈলা কৃষ্ণ প্ৰাণ নেদেখি ধৰিল ধ্যান
কৃষ্ণৰ মূৰ্ত্তিক মনে ধৰি॥৪৬৪॥
নিশ্বাস ফোকাৰে মুখে কৃষ্ণ কৃষ্ণ ৰড়ে দুখে
নাই আন বচন কিঞ্চিত।
বহৱৈ লোতক ধাৰা কৃষ্ণৰ চৰণ পৰা
কাৰো আৰো নবজায় চিত্ত॥
কৃষ্ণত মজিল মন কৃষ্ণ সৱে প্ৰাণ মন
কৃষ্ণ বিনে নজানন্ত আন.
কৃষ্ণৰ হৃদয় ধৰি কৃষ্ণক মনত স্মৰি
গৈল ব্ৰজবাসী নিজ থান॥৪৬৫॥
ব্ৰজৰ লোকৰ ভাৱ দেখি শিহৰাইল গাৱ
অনন্তৰে যত যদুবংশী।
পৰম বিস্ময় মতি চলে দ্বাৰকাক প্ৰতি
গোপী গোপ সৱক প্ৰশংসি॥
মাধৱক মধ্য কৰি যায় চপকৰে চলি
পৰম বৈষ্ণৱ বৃষ্ণিগণ।
আতিশয় প্ৰীতিভাৱে কৃষ্ণ গুণ নাম গাৱে
নেৰৈ মনে কৃষ্ণৰ চৰণ॥৪৬৬॥
প্ৰেম ৰসে দ্ৰৱে চিত্ত হৱৈ তযু ৰোমাঞ্চিত
ভিজে মুখ নয়নৰ জলে।
সংসাৰক কৰৈ শুদ্ধি এহিমতে যদুবংশী
পাইলা যদুপুৰ সমদলে।।
তীৰ্থ যাত্ৰা সময়ত ভৈল মহা মহোৎসৱ
কহে সৱ প্ৰকটি লোতক।
শুনিয়া বিস্ময় মন ভৈল সৱ প্ৰজাগণ
সিটো বসুদেৱৰ মহত্ব॥৪৬৭॥
পিতৃৰ পৰম যশ ভকতিত হুয়া বশ
জগততে কৰিলা প্ৰখ্যাত।
বহুবিধ লীলা কৰি এহিমতে দেৱ হৰি
হৰিষে বঞ্চিলা দ্বাৰকাত।
ঈশ্বৰ গৰুড় কেতু জগত নিস্তাৰ হেতু
ভৈলা দৈৱকীত অৱতাৰ।
মহিমা কহিবো কত ভৈল কথা সমাপত
ইটো কুৰুক্ষেত্ৰৰ যাত্ৰাৰ॥৪৬৮॥
॥দুলড়ী॥
শুনা সভাসদ হুয়া নিশৱদ
হুইয়ো সাৱধান চিত্ত।
কলিৰ পাপক সংসাৰ তাৰক
কৃষ্ণৰ লীলা চৰিত॥
মিলাৱে ভুকুতি মুকুতিৰ মতি
শ্ৰৱণে কৃষ্ণৰ কথা।
শুনিও অৱশ্যে ইহেন মনুষ্য
জন্ম নকৰিও বৃথা॥৪৬৯॥
নমো নমো কৃষ্ণ ইষ্ট দেৱ হেৰ
ভূমিত নমায়া মাথ।
কৰোহো মিনতি অগতিৰ গতি
কৰা মোক প্ৰাণনাথ॥
তুমিসে পৰম গুৰু গোপীনাথ
এৱেসে জানিলো আমি।
তুমি প্ৰিয় আত্মা তথাপি নভজো
কিনো মই অধোগামী॥৪৭০॥
যতেক শুনোহো হিয়াত নাথাকে
তথাপি ইসৱ কথা।
মই মূঢ়মতি নভৈল ভকতি
ইটো জন্ম গৈল বৃথা॥
হৃদি পদ্ম মধ্যে আছাহা মাধৱ
বান্ধৱ ততো নাদৰো।
যেন বিষ বিষ্ঠা বিষয়ৰ চেষ্টা
তাকেসে আচৰি মৰো॥৪৭১॥
অমৃত তেজিয়া ভূঞ্জোহো গৰল
তৰল মই কুমতি।
নাপায়ো চেতন গৰুড় কেতন
তুমি বিনে নাই গতি॥
তুমি গুণ যশ ইসে মহাৰস
তথাপি চিত্তে নুৰুচে।
দিওক সুপন্থ মিছা মনোৰথ
যিমতে মনৰ গুছে॥৪৭২॥
কাল গ্ৰাসে গিলে কৈত মৃত্যু মিলে
গৈলো পৰা অধোগতি।
কৰা কৃপা মোক অবিলম্বে হোক
তোহ্মাৰ চৰণে ৰতি॥
দেহু এহি দান নবঞ্ছোহো আন
তোহ্মাত পশি শৰণে।
ছাড়ি আন কাম ডাকি বোলা ৰাম
সামাজিক যত জনে॥৪৭৩॥
॥পদ॥
শুক নিগদতি শুনা নৃপতি সাক্ষাত।
বহুবিধ লীলা হৰি কৰি দ্বাৰকাত॥
ভকতৰ মনোৰথ পূৰিলা অশেষ।
কৰিবো বেকত সিটো তোহ্মাত নিঃশেষ॥৪৭৪॥
বসুদেৱ দৈৱকী বাক্যত নাৰদৰ।
জানিলা কৃষ্ণক এন্তে পৰম ঈশ্বৰ॥
নোহন্ত আহ্মাৰ পুত্ৰ পুৰুষ পুৰাণ।
হৃদয়ৰ নুগুচে ঈশ্বৰ মহাজ্ঞান॥৪৭৫।
একদিন পিতৃ গৃহে গৈলা কৃষ্ণৰাম।
বসুদেৱ দৈৱকীক কৰিলা প্ৰণাম॥
দেখি দুয়ো প্ৰাণী আতি হৰিষিত মন।
বসিবাক লাগি দিলা আনন্দে আসন॥৪৭৬॥
মুনি সমস্তৰ বাক্য শুনিয়া সভাত।
প্ৰভাৱ প্ৰত্যেক দেখি গৈলোহো সঞ্জাত॥
পৰম ঈশ্বৰ দুয়ো সাক্ষাতে আকলি।
বুলিবে লাগিলা সৌৰি কৰি কৃতাঞ্জলি॥৪৭৭॥
হে কৃষ্ণ কৃষ্ণ মহেশ্বৰ নাৰায়ণ।
হে হলিৰাম দুয়ো দেৱ সনাতন॥
নিশ্চয়ে জানিলো আমি নুহিক মনুষ্য।
জগত কাৰণ যিটো প্ৰকৃতি পৰুষ॥ ৪৭৮॥
তাহাৰো কাৰণ তোৰা জানিলো সম্প্ৰতি।
তোহ্মাৰ অধীন দুয়ো পুৰুষ প্ৰকৃতি॥
কাৰণৰো কাৰণ সাক্ষাত নাৰায়ণ।
এতেকে জানিয়া লৈলো তোহ্মাত শৰণ॥৪৭৯॥
যৈত যিবা কালত যাহাৰ হেৱে খ্যাত।
যাৰ অৰ্থে যিটো কৰৈ কৰাৱে সাক্ষাত॥
যাক কৰৈ সিয়ো সৱে পুৰুষ পুৰাণ।
তাহাৰ কাৰণে হয়ো দেৱতা ঈশান॥৪৮০॥
ইটো নানাবিধ সৃষ্টি কৰি জগতৰ।
আপুনি পশিয়া প্ৰভু তাৰ অভ্যন্ত॥
জ্ঞানৰূপ শকতি আপুনি হুয়া হৰি।
জগতৰ জীৱৰ প্ৰাণক আছা ধৰি॥৪৮১॥
যতেক চোব্বিশ তত্ত্ব সৃষ্টিৰ নিদান।
যিবা শক্তি কৰৈ সৱ জগত নিৰ্ম্মাণ॥
সিয়ো সৱে শকতিৰ প্ৰেৰক ঈশ্বৰ।
প্ৰহাৰে পুৰুষে যেবে তেবে যায় শৰ॥৪৮২॥
বায়ুৰ শকতি যেন চলে তৃণ বন।
সেহিমতে জগতৰ ঈশ্বৰ কাৰণ॥
প্ৰকৃতি মহত যত তত্ত্ব নিৰন্তৰ।
জানিলো তুমিসে মাত্ৰ চৈতন্য ঈশ্বৰ॥৪৮৩॥
আকাশে শৱদ গুণে ৰসে সম জল।
গন্ধ গুণে সমে ইটো পৃথিৱী মণ্ডল॥
ৰূপে সমে চন্দ্ৰ সূৰ্য অগ্নিৰ জ্যোতি।
পৰশে সহিতে বায়ু তোহ্মাৰে শকতি॥৪৮৪॥
ইন্দ্ৰিয়ৰো তুমি সৱে শকতি বিধাতা।
অধিষ্ঠাতা দেৱৰো তুমিসে অধিষ্ঠাতা।
বুদ্ধিৰো নিশ্চয়াত্মিকা তুমি লক্ষ্মীপতি।
জীৱৰো তুমিসে অনুসন্ধান শকতি॥৪৮৫॥
ৰাজসিক সাত্ত্বিক তামস অহঙ্কাৰ।
তিনিৰো ঈশ্বৰ তুমি জগত আধাৰ॥
জন্ম মৰণৰো যিটো কাৰণ প্ৰকৃতি।
জীৱকো আৱৰৈ সিটো তোহ্মাৰ শকতি॥৪৮৬॥
জগতক ব্যাপি কৰা আপুনি প্ৰকাৰ।
জগতকে বিনাশে তোহ্মাৰ নাহি নাশ॥
যেন ঘট আকাশে কুণ্ডল হোৱে ছন্ন।
নুহি নষ্ট কদাচিতো মৃতিকা সুৱৰ্ণ॥৪৮৭॥
তুমি সত্য ব্ৰহ্ম মিছা জগত স্ৰজনা।
তোহ্মাৰ মায়ায়ে কৰৈ তোহ্মাৰ কল্পনা॥
প্ৰকৃতিত আছে মাত্ৰ ব্যৱহাৰ ধৰ্ম্ম।
তুমিসি স্বৰূপ পৰিপূৰ্ণ পৰমব্ৰহ্ম॥৪৮৮॥
ইটো মহা তত্ত্বজ্ঞান পৰম নিগূঢ়।
ইহাক নাজানে যত জীৱ মহামূঢ়॥
শৰীৰক মই বুলি কৰে কৰ্ম্ম যত।
সেহি কৰ্ম্মে অন্ধ হুয়া ভ্ৰমে সংসাৰত॥৪৮৯॥
ইটো তত্ত্বজ্ঞান কিছো নুবুজো তোহ্মাৰ।
ই জন্মতো নতৰিলো দুৰ্ঘোৰ সংসাৰ॥
জানিলো নোৱাৰো মঞিঁ নিয়মিবে চিত্ত।
কিনো অধমৰ মোৰ বুদ্ধি বিপৰীত॥৪৯০॥
এহিমতে বোলন্তে মিলল অনুতাপ।
কৃষ্ণৰ আগত সৌৰি কৰন্ত বিলাপ॥
ধাৰায়ে বহৱে দুয়ো নেত্ৰৰত লোতক।
কৰম্ভ কৰুণা চাই ঈশ্বৰ কৃষ্ণক॥৪৯১॥
নৰহে ঈশ্বৰ জ্ঞান তৰিবো কিমতে।
দুৰ্ল্লভ মনুষ্য জন্ম লভিলো ভাৰতে॥
ভৈলো মহামত্ত মঞিঁ আপোনাৰ অৰ্থে।
তোহ্মাৰ মায়ায়ে আয়ু গৈল সৱ ব্যৰ্থে॥৪৯২॥
ধন জন পুত্ৰ ভাৰ্যা আকে বোলো মোৰ।
শৰীৰক মঞিঁ বুলি ভৈলো সেৱা চোৰ॥
এহি অপৰাধে স্নেহ পাছে আছে বান্ধি।
নিবেদন্ত দুখ বসুদেৱে কান্দি কান্দি॥৪৯৩॥
কতো কোটি জন্ম মঞি ভ্ৰমো সংসাৰত।
কৃমি কীট পক্ষী হুয়া আছে৷ নানা মত॥
মই মহা দীন দেৱ পৰম অনাথ।
কৰা পৰিত্ৰাণ আৰে বাপ জগন্নাথ॥৪৯৪॥
হেনবা বুলিবা আমি তোহ্মাৰ তনয়।
কিসক বোলয় মোক এতেক বিনয়॥
মোহোৰ আগত কেনে কৰা অনুতাপ।
ইহাৰ সিদ্ধান্ত আৱে শুনিয়োক বাপ॥৪৯৫॥
নুহিকা মোহোৰ পুত্ৰ তুমি নাৰায়ণ।
জগত কাৰণ যিটো তাহাৰ কাৰণ॥
যত দুষ্ট ক্ষত্ৰিয় ভূমিৰ মহা ভাৰ।
তাক সহৰিবে মৈতে ভৈলা অৱতাৰ॥৪৯৬॥
ঈশ্বৰৰো ঈশ্বৰ তুমিসে মহহৰি।
মায়ায়ে মনুষ্য চেষ্টা কৰা অৱতৰি॥
মুনি সমস্তৰ বাক্য শুনিয়া সভাত।
জানিলো প্ৰভাৱ প্ৰভু দেখিলো সাক্ষাত॥৪৯৭॥
ছোদিয়োক স্নেহ মঞিঁ মোৰ মহাপাশ।
বিষময় বিষয়ে গুচোক অভিলাস॥
সলোতক মুখে দখে কৰন্ত কাতৰ।
ত্ৰাহি মহা অজ্ঞানীক মোক মহেশ্বৰ॥৪৯৮॥
তযু পাদ পঙ্কজত পশিলো শৰণে।
ভকতৰ ভয় হৰৈ এহিসে চৰণে॥
আৱে দীনবন্ধু মোক কৰা পৰিত্ৰাণ।
দিওক উপায় গুচে যিমতে অজ্ঞান॥৪৯৯॥
মই ইন্দ্ৰিয়ৰ সুখ সাধো প্ৰতিনিতি।
শৰীৰত মাত্ৰ আত্মা বুদ্ধি কৰো আতি॥
তুমি হেন ঈশ্বৰত ভৈল পুত্ৰ বোধ।
কৰিও বান্ধৱ ইটো কুবুদ্ধি নিৰোধ॥৫০০॥
হেনবা বুলিবা নোহো ঈশ্বৰ সাক্ষাত
তোহ্মাৰেসে পুত্ৰ মই জগতে প্ৰখ্যাত॥
ইহাৰ উত্তৰ শুনা জগতৰ স্বামি।
সুমৰিলো সুতিকা গৃহৰ কথা আমি॥৫০১॥
যি কালত দৈৱকীৰ গৰ্ভে ভৈলা জাত।
পৰম ঈশ্বৰ ৰূপ দেখিলো সাক্ষাত॥
দুয়ো প্ৰাণী পৰি স্তুতি কৰিলো কাৰুণি।
উপৰি জন্মৰ কথা কহিলা আপুনি॥৫০২॥
আছিলা সুতপা পৃঞ্চি নামে প্ৰজাপতি।
পৃষ্ণি গৰ্ভ নামে মই ভৈলো উতপতি॥
অদিতি কাশ্যপ পাছে ভৈলা তোৰা দুই।
উপজিলো তোহ্মাতে বামন ৰূপ হুই॥৫০৩॥
বসুদেৱ দৈৱকী সম্প্ৰতি ভৈলা আসি।
নিজ ৰূপে ভৈলো পুত্ৰ মহিমা প্ৰকাশি॥
তোহ্মাৰ মুখৰ কথা পৰিল মনত।
জানিলোহো তুমিসে ঈশ্বৰ মহাতত্ত্ব॥৫০৪॥
নানা বিধ ধৰা তনু লীলায়ে মাধৱ।
বুজিবেক কোনে যোগ মায়াৰ বৈভৱ॥
হৰিও অজ্ঞান মোৰ জ্ঞানে দামোদৰ৷
সংসাৰ জগত মৰো কৰোহোঁ কাতৰ॥৫০৫॥
এতেকে বোলতে প্ৰেমে পৰসিল বাবে।
নয়নৰ নীৰ সৰসৰি ঝৰি পৰে॥
লোতকে বেঢ়িলে কণ্ঠ গদগদ মাত।
তম্ভিল কৃষ্মক চাহি কৰি যোৰহাত॥৫০৬॥
পৰীক্ষিত ৰাজাত কহন্ত শুক মুনি।
পিতৃ বসুদেৱৰ কাৰুণ্য বাণী শুনি॥
ভৈলন্ত সন্তুষ্ট কৃষ্ণ দেৱ কৃপাময়
বুলিলন্ত হাসি হাসি বচন বিনয়॥৫০৭॥
নলাগয় জ্ঞান তুমি স্বভাৱে কৃতাৰ্থ।
যতেকে কহিলা মানে এহি পৰমাৰ্থ॥
পৰম মহন্ত পিতৃ পৰিহৰা খেদ।
তথাপিতো কহো জ্ঞান লোৱা পৰিচ্ছেদ॥৫০৮॥
আহ্মাক উদ্দেশি নিৰূপিলা তত্ত্ব যত।
এহিতো পৰম জ্ঞান মোহোৰ সন্মত॥
কিন্তু সমস্ততে কৰা এহি ব্ৰহ্ম দৃষ্টি।
তাপ দূৰ হোৱৈ যেন অমৃতৰ বৃষ্টি॥৫০৯॥
মই তুমি সব যদুবংশ নিৰন্তৰ।
দেখা শুনা মানে আনো যত চৰাচৰ॥
সব ব্ৰহ্ময় ইটো কহিলো তোহ্মাত।
জ্ঞান দৃষ্টি নিৰীক্ষণে দেখিবো সাক্ষাত॥৫১০॥
নিত্য নিৰঞ্জন স্বপ্ৰকাশ আত্মা এক।
মায়া উপাধিৰ পদে দেখিয় অনেক॥
যতেক আকৃতি মানে মায়াময় সৃষ্টি।
হেন জানি কেৱল ব্ৰহ্মত দিয়া দৃষ্টি॥৫১১॥
স্বৰূপত একে মাত্ৰ মৃত্তিকা আকাৰ।
ঘট পট ভেদে দেখি অনেক প্ৰকাৰ॥
এহিমতে অনেক অদ্বৈত আত্মযুদ্ধ।
মায়া উপাধিৰ পদে দেখি বহুবিধ॥৫১২॥
মায়াময় নামৰূপ সৱাকে উপেক্ষা।
অন্তৰ্যামী মই ঈশ্বৰক মাত্ৰ দেখা॥
থিৰ চিত্তে অভ্যাসিও পিতৃ মহাশয়।
দেখিবা জগত সৱ নাৰায়ণময়॥৫১৩॥
কহিলা ৰহস্য মহা তত্ত্বজ্ঞান ভেদ।
শুনি বসুদেবৰ সংশয় ভৈল ছেদ॥
ধৰিলা নিবিড় ধ্যান কৰি থিৰচিত্ত।
গুচিল প্ৰপঞ্চ সৱে ঈশ্বৰ বিদিত॥৫১৪॥
নেদেখন্তা একো আন শৰীৰ পৰ্য্যন্তে।
প্ৰকাশন্ত একমাত্ৰ ব্ৰহ্মক গাৱম্ভে॥
যত নানাবিধ ভেদ বুদ্ধি ভৈল দূৰ।
মিলিল আনন্দ মহা মনত প্ৰচুৰ॥৫১৫॥
দ্ৰৱিল হৃদয় ভৈল লোমাঞ্চ শৰীৰ।
প্ৰেমৰ ভৰত জুৰে নয়নৰ নীৰ॥
মহা প্ৰীতি পাই আছে সৌৰি মহাশয়।
থাকিলন্ত তম্ভিয়া লভিয়া মহোদয়॥৫১৬॥
কহে শুক শুনিলা নৃপতি বিদ্যমান।
যেনমতে বসুদেৱ পাইলা মহা জ্ঞান॥
তত্ত্ব উপদেশে প্ৰভু পিতৃক তোষিলা।
শুনা আৱে আৰো ঈশ্বৰৰ মহা লীলা॥৫১৭॥
॥দৈৱকীৰ মৃত পুত্ৰ অনাৰ প্ৰৰ্থনা॥
বলিৰ সভাৰ পৰা মৰা পোক আনি।
দৈৱকীক দিলন্ত যিমতে চক্ৰপাণি॥
পৰম আশ্চৰ্য যিটো কৃষ্ণৰ চৰিত্ৰ।
শ্ৰৱণ মাত্ৰকে কৰে পাপীকো পৱিত্ৰ॥৫১৮॥
অনন্তৰে দৈৱকীয়ো বসিয়াছা তথা।
সুমৰিলা গুৰু পুত্ৰ আমিবাৰ কথা॥
সন্দিপণি গুৰুৰ মৃতক পুত্ৰ আনি।
দিলা গুৰু দক্ষিণা এহেন্তে চক্ৰপাণি॥৫১৯॥
মোৰো মাৰি আছে কংসে ছয়গুটি পোক।
হেন আলোচন্তে মনে উপজিল শোক॥
অধোমুখ ভৈলন্ত লোকত পৰে কৰি।
কৰন্ত ক্ৰন্দন পুত্ৰ সৱক সুমৰি॥৫২০॥
এহিমতে মৰ্ম্মে কতো আছিলন্ত দুখে।
বুলিলন্ত পুত্ৰ দুইক সলোতক মুখে॥
হে কৃষ্ণ কৃষ্ণ বাপ দেৱ নাৰায়ণ॥
হে হলিৰাম তুমি শিৱ সনাতন॥৫২১॥
জানিলোহো তোৰাসৱ নুহিকা মানুষ॥
জগজত ঈশ্বৰ দুয়ো পৰম পুৰুষ॥
খণ্ডিবাক লাগিয়া ভূমিক মহাভাৰ।
মোহোৰ গৰ্ভত আসি ভৈলা অৱতাৰ॥৫২২॥
ৰাজা হুৱা আছে যত দানৱ দুৰ্জ্জন।
নীচৰ উৎসাহ বঢ়াই পীড়ে সাধুজন॥
তাৰ ভৰে ভৈলা ভূমি পৰম পীড়িত।
তাৰ নাশ হেতু ভৈলা অপুনি বিদিত॥৫২৩॥
তযু মায়া পুৰুষ তাহাৰ মায়া অংশ।
সত্ত ৰজ তম তিনি গুণ তান বংশ॥
তাৰ লয়লেশে হোৱে সৃষ্টি স্থিতি লয়।
হেন মহেশ্বৰ তুমি দেৱ কৃপাময়॥৫২৪॥
জানিয়া তোহ্মাত মঞি পশিলো শৰণ।
মোক শোক সাগৰে তাৰিয়ো নাৰায়ণ॥
তোহ্মাৰ প্ৰভাৱ মঞি কহি নপাঞ সীমা।
শুনি আছো তুমি সৱ অচিন্ত্য মহিমা॥৫২৫॥
মৰা পোক সান্দিপণি মাগিলন্ত দান।
চিৰকাল ভৈল সাগৰত গৈল প্ৰাণ॥
তথাপিতো মৃতক পুত্ৰক চক্ৰপাণি।
দিলা গুৰু দক্ষিণা যমৰো পৰা আনি॥৫২৬॥
মোৰো মাৰি আছে কংসে পুত্ৰ ছয় গুটি।
তাসম্বাক সুমৰন্তে প্ৰাণ যাই ফুটি॥
ময়ো মাগো পুত্ৰ দান দিয়োক সত্ত্বৰ।
উদ্ধাৰিও শোক শল্য হৃদয়ৰ মোৰ॥৫২৭॥
যেনমতে পাৱো সিটো চয়খানি পোক।
হেন কৃপা বাপ কৰিয়োক মোক॥
কতেক কহিবো সিটো পুত্ৰৰ সন্তাপ।
কৃষ্ণৰ আগত পৰি কৰন্ত বিলাপ॥৫২৮॥
পুত্ৰক সুমৰি মহা মৰ্ম্মে যায় চড়ি।
দুয়ো নয়নৰ পৰে লোতক নিগড়ি॥
মহা দুখে আধেমুখে কৰন্ত ক্ৰন্দন।
প্ৰবোধস্ত ৰাম কৃষ্ণে কৰিয়া বন্দন॥৫২৯॥
তাপ ত্যজি মাতৃ সুস্থ কৰিয়ো হৃদয়।
আনি দিবা এখনে তোহ্মাৰ পুত্ৰচয়॥
শুনি দৈৱকীৰ চিত্ত ভৈল উপশান্ত।
দেখি দুয়ো ভাই ৰথে চড়ি লৰি যান্ত॥৫৩০॥
॥দৈৱকীৰ পুত্ৰ আনয়ন॥
ৰঙ্গে ৰাম কৃষ্ণ গৈয়া যোগমায়া বলে।
একে নিমিষেকে আসি পশিলা সুতলে॥
ভুৱন মোহন দিব্য ৰূপ হৃষীকেশ।
বলিৰ সভাত ভৈলা দুভায়ে প্ৰৱেশ॥৫৩১॥
যেন একদায়ে কোটি চন্দ্ৰমা উদয়।
শ্যাম শৰীৰত পীত পাট প্ৰাকাশয়॥
ঝলকে ৰত্নৰ অলঙ্কাৰ কেলেৱৰে।
যেন নীল অম্বুদত বিদ্যুত সঞ্চাৰে॥৫৩২॥
মাথে মণিময় মহা মুকুট অমূল্য।
ৰত্নৰ তিলকে জ্বলে অলকা কপোলে॥
নয়ন পঙ্কজ ৰঞ্জৈ বদন মণ্ডল।
ভ্ৰূযুগ যেন ধনু অধৰ ৰাতুল॥৫৩৩॥
ঈষত হসিত মুখ দশন মানিক।
কণ্ঠত কৌস্তভ নৱ সূৰ্যতো অধিক॥
কঙ্কণ কেয়ুৰ জ্বলে ভূজ চতুষ্টয়।
শোভে আতি আৰকত নখ চন্দ্ৰচয়॥৫৩৪॥
শ্যাম বক্ষস্থলত চমকে হেমহাৰ।
চিকিমিকি কৰৈ কান্তি মণি মুকুতাৰ॥
কটি তটে পাট ভূনি কণক মেখলা।
অজানুলম্বিত গলে বৈজয়ন্তী মালা॥৫৩৫॥
একান্ত ভকতে যত লৱৈ গুণ নাম।
পিন্ধিছা পদ্মৰ মালা কৰি অনুপাম॥
তাহাৰ সুৰভি মধু লোভেমধুকৰে।
মহা মত্ত হুৱা সৱে বঢ়িয়া গুঞ্জৰে॥ ৫৩৬॥
মৌৰে ৰঞ্জিত চাক চৰণ কমল।
উত্তৰ অঙ্গুলি ৰত্ন উজণ্টি উজ্বল॥
আৰকত নখচয় চন্দ্ৰমাৰ পাত্তি।
ৰাতুল কমল পদতলে কৰে কান্তি॥৫৩৭॥
ধ্বজ বজ্ৰ পঙ্কজে অঙ্কুশে অলঙ্কৃত।
হোৱে ভকতৰ যিটো মনত বিদিত॥
কোটি কন্দৰ্পৰো দৰ্প হোৱৈ চূৰ।
হেন ব্ৰহ্মময় মহা মূৰ্ত্তিক প্ৰভুৰ॥৫৩৮॥
সাক্ষাতে দেখিয়া বলি ভৈল সচকিত।
ত্বৰিতে উঠিলা বলি সবংশে সহিত॥
মহা আনন্দত আতি হৃদয় দ্ৰৱিল।
শিহৰি শৰীৰ নীৰ নেত্ৰৰ ঝৰিল॥৫৩৯॥
জগৰৰ আত্মা যিটো পৰম দৈৱত।
মোৰ নিজ প্ৰাণনাথ ভৈলা গৃহাগত॥
এতেকে দেখিলো ব্ৰহ্মাদিৰো আদি মূল।
মিলিল সম্ভ্ৰম আতি আনন্দে আকুল॥৫৪০॥
সপুত্ৰ বান্ধৱে বলি কৃষ্ণ কৃষ্ণ ৰড়ি।
কৰিলা প্ৰণাম পদ পঙ্কজত পৰি॥
ভাগ্যৱন্ত বলি মেলি আপোনাৰ চুলি।
মলচি লৈলন্ত দুই চৰণৰ ধূলি॥৫৪১॥
সুৱৰ্ণৰ সিংহাসন আথে বেথে মাথে।
বসিবাক লাগি পাৰি দিলা দৈত্যনাথে॥
বসিলা আনন্দে দুয়ো দৈৱকী নন্দন।
হৰিসে ধৰিয়া বলি দুহানে চৰণ॥৫৪২॥
ধৱাইবে লাগিল সুৱৰ্ণৰ পাত্ৰ আনি।
সুৱৰ্ণ ভূঙ্গাৰে বিন্ধ্যাৱলী দেন্ত পানী॥
ব্ৰহ্মায়ে সহিতে ইটো সমস্ত ত্ৰৈলোক্য।
পৱিত্ৰ হোৱন্তে আছে যিটো পাদোদক॥৫৪৩॥
তাক ঘৰে পাইলা দুইৰো চৰণ পখালি।
সবান্ধৱে আনন্দতে নাচে শিৰে ঢালি॥
যতেক ভকত দৈত্য বলিৰ সভাৰ।
কৃষ্ণ দৰশনে আনন্দৰ নাহি পাৰ॥৫৪৪॥
যথাতে চিটিকি পৰৈ কৃষ্ণ পাদোদক।
পড়ি পড়ি ঘশৈ তৈতে আপোন মস্তক॥
আজোৰা আজুৰি কৰি কতো ঘলৈ শিৰে।
শিহৰে শৰীৰ নীৰ ঋৰে প্ৰেমভৰে॥৫৪৫।
কৃষ্ণ মুখে দেখি আতি ভৈল কৃতকৃত্য।
তৰিলো তৰিলো বুলি কতো কৰৈ নৃত্য॥
কৃষ্ণক দেখিতে আতি উৎসুক লোকৰ।
উভতি আসিল সৱে বলিৰ নগৰ॥৫৪৬॥
ৰাম মাধৱক দেখি হৰি হৰি ৰড়ি।
নিস্তৰিলো বুলি নমৈ দণ্ডৱতে পৰি॥
সমস্তকে কেশৱে চাহান্ত কৃপা দৃষ্টি।
শৰীৰত পৰৈ যেন অমৃতৰ বৃষ্টি॥৫৪৭॥
যেন মনে মিলৈ আসি মুকুতিৰ সুখ।
হৰিষতে হুয়া থাকৈ কৃষ্ণক সমুখ॥
আনন্দৰ নাহি সীমা দানৱ ৰাজাৰ।
কৃষ্ণক পূজিবে লাগি মিলাইলা সম্ভাৰ॥৫৪৮॥
ৰত্মময় পাত্ৰচয় চিকিমিকি কান্তি।
সুবৰ্ণৰ গছাত প্ৰদীপ দুই পান্তি॥
অগৰু সুগন্ধি ধূপ চন্দ কৰ্পূৰ।
দধি দুৰ্ব্বাক্ষত ধূপ সন্দেশ প্ৰচুৰ॥৫৪৯॥
তাল নাৰিকল কল দিব্য ফল ফুল।
শাৰী শাৰী সুৱৰ্ণৰ ঠগিত তাম্বূল॥
ঘনখীৰ খীৰিয়া অমৃত আদি কৰি।
দিলা দিব্য ষড়ৰস পাত্ৰ ভৰি॥৫৫০॥
দিলা দিব্য বস্ত্ৰ ৰত্ন ভূষণ অমূল্য॥
দণ্ড ছত্ৰ চন্দ্ৰতাপ চামৰ চৌদল॥
মহাৰাজ বিভূতি চৌভিতি আবৰিল।
জয় কৃষ্ণ ধ্বনি দশোদিশক পৰিল॥৫৫১॥
মৃদঙ্গ গোমুখ শঙ্খ শৱদ তম্বুল।
কৃষ্ণক অৰ্চ্চন্ত বলি আনন্দে আকুল॥
দণ্ডৱতে পৰি নমি অনেক যতনে।
দিলা মধুপৰ্ক পাদ্য কৃষ্ণৰ চৰণে॥৫৫২॥
গন্ধে পুষ্পে আভৰণে কৰি সতকাৰ।
উচৰ্গিয়া দিলা জলে সমস্তে সম্ভাৰ॥
যত চিত্ত বিত্ত দেহ পুত্ৰ পৰিৱাৰ।
কৃষ্ণৰ চৰণে অৰ্পিলন্ত বাৰে বাৰ॥৫৫৩॥
সৰ্ব্বভাৱে ইন্দ্ৰসেনে কেশৱক ভজি।
তম্ভিয়া আছন্ত প্ৰেম সাগৰত মজি॥
শিহৰে শৰীৰ নীৰ নেত্ৰৰ নিগৰে।
কৃষ্ণ বন্ধু বুলি বলি মাটিত বাগৰে॥৫৫৪॥
কৃষ্ণক ভজিয়া বলি ভৈল কৃতকৃত্য।
আনন্দে নধৰে চিত্ত উঠি কৰে নৃত্য॥
ভকত দানৱে বায় চৌপাশে চাপৰি।
কৃষ্ণ গুণ গায়া নাচৈ চাপৰি চাপৰি॥৫৫৫॥
অঞ্জলি ভৰিয়া সিঞ্চৈ কৰ্পূৰৰ ধূলি।
দশোদিশে পূৰৈ জয় কৃষ্ণ কৃষ্ণ বুলি॥
ভকতিৰ বলে বলি আকুল হৃদয়।
যৈত পৰৈ দৃষ্টি তৈত দেখে কৃষ্ণময়॥৫৫৬॥
কতো হাসৈ কান্দৈ কতো মৌন হুয়া থাকে।
মই কৃষ্ণ বুলি কতো মানৈ আপোনাকে॥
প্ৰেমে মত্ত হুয়া কৰৈ কৃষ্ণক ভাৱনা।
মাৰৈ স্তনপানে শুষি সম্যকে পুতনা॥৫৫৭॥
উল্টাৱে শকট ভৰিৰ লগাই আগ।
হৃদৰ খেদাৱে দমি দুষ্ট কালিনাগ॥
শিলা পেহ্লাৱৈ গল চেপি চক্ৰবাত।
কেশী কংস ধেনুধৰ কৰৈ কন্ধপাত॥৫৫৮॥
বলিষ্ঠ অৰিষ্ট দুষ্ট মুষ্টিক চাণূৰ।
পেহ্লাৱে সংহৰি অঘ বক বৎসাসুৰ॥
যশোদা বন্ধিলা কঙ্কালত দিলা বল।
উভঞ্জে অৰ্জ্জুন মাজে টানি উড়ুখল॥৫৫৯॥
কৃষ্ণময় হুয়া ফুৰৈ নাহিকে চেতন।
পাসৰিল গৃহ শৰীৰকো ইন্দ্ৰসেন॥
এহিমতে মহা প্ৰেম ৰস যায় চৰি।
কৃষ্ণৰ আগতে আছৈ দণ্ডৱতে পৰি॥৫৬০॥
দৈত্যেন্দ্ৰৰ মহা প্ৰেম ভকতিক চাই।
ভৈলন্ত আশ্চৰ্য্য ৰাম কৃষ্ণ দুই ভাই॥
কতোক্ষণে সন্ধুক্ষণ হুয়া দৈত্যনাথে।
কৃষ্ণ পাদ পদ্ম দুইক তুনি লৈলা মাথে॥৫৬১॥
কতো আখি মুখে ঘসৈ কতো গলে বান্ধৈ।
প্ৰেমভৰে নিৰ্ভৰ আনন্দে কতো কান্দৈ॥
দ্ৰব হুয়া হৃদয় নেত্ৰৰ পৰৈ পানী।
লোতকে নিৰোধে কন্ঠ গদগদ বাণী॥৫৬২॥
শিহৰৈ শৰীৰ প্ৰেম বকতিৰ সুখে।
দোভাইকো কৰন্ত তুতি সলোতক মুখে॥
নমো নমো অনন্ত মহন্ত দেৱ হৰি।
ফণা একাদশে জগতকে আছা ধৰি॥৫৬৩॥
হেনয় বহুত মূৰ্ত্তি তুলি হলধৰ।
তোহ্মাৰ চৰণে মনে নমো নিৰন্তৰ॥
নমো নমো কৃষ্ণ তুমি জগত বিধাতা।
তুমিসি পৰম ব্ৰহ্ম প্ৰভু পৰমাত্মা॥৫৬৪॥
কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি লয়।
তোহ্মাৰ মায়ায়ে অঙ্গে কৰন্তে আছয়॥
পৰম দুৰ্ল্লভ তোৰা দুইৰ দৰশন।
তাৰেসে সুলভ জাত আপুনি প্ৰসন্ন॥৫৬৫॥
মহা তামসিক আমি দুষ্ট দৈত্যচয়।
আহ্মাকো দিলাহা দেখা কিনো কৃপাময়॥
ভৈলা গৃহাগত আত মিলিল আহ্লাদ।
দিলা মোক দেৱতাৰ পৰম প্ৰসাদ॥৫৬৬॥
যতেক সাত্বিক দেৱ ভকত মহন্ত।
জানিলো আমিসি ততোধিক ভাগ্যৱন্ত॥
যক্ষ ৰক্ষ ভূত প্ৰেত পিশাচ যতেক।
বিদ্যাধৰ সিদ্ধ সৰ্প দানৱ অনেক॥৫৬৭॥
গন্ধৰ্ব্ব প্ৰথম দুষ্ট দৈত্য অসংখ্যাত।
বৈৰভাৱে পাইল সিদ্ধি মাধৱ তোহ্মাত॥
দ্বেষ্য ভাৱে স্নেহে কতো স্মৰি কাম ভাৱে।
ৰাজসিক তামসিক সিটো গতি পাৱে॥৫৬৮॥
শুদ্ধ সত্ব দেৱগণো নেদেখন্ত যাক।
আহ্মাৰেসে নিজ বন্ধু জানিলো তোহ্মাক॥
হেনবা বুলিবা শুদ্ধ সত্য ভৈল হেঠ।
ৰাজসিক তামসিক সিসো ভৈল শ্ৰেষ্ঠ॥৫৬৯॥
নুহিকে আশ্চৰ্য্য ইটো প্ৰভু চক্ৰপাণি।
তযু যোগ মায়াক নজানে মহাজ্ঞানী।
ইসে হুই ইসে নুই নোৱাৰে তৰ্কিত।
ব্ৰহ্মা মহেশ্বৰো যাৰ মায়ায়ে মোহিত॥৫৭০॥
নাবাচে আচাৰ জাতি তোহ্মাৰ ভকতি।
যেই সেই ভজৈ মাত্ৰ তাকে দেন্ত গতি॥
যদি বৈৰ ভাৱে পাৱে পৰম হৰিক।
তথাপিতো নাথ মোক কৰিয়ো সাত্বিক॥৫৭১॥
তোহ্মাৰ আগত বাপ কহিলো স্বৰূপ।
হেন মন কৰৈ এৰো গৃহ অন্ধকূপ॥
সুতল সম্পত্তি যত তাতো এৰি আশা।
ফল মূল ভক্ষি তৰুতলে কৰো বাসা॥৫৭২॥
হৌক ভিক্ষা ভোজন বসন কনিকষ্ঠা।
তযু পদ পঙ্কজক চিন্তিবো সৰ্ব্বথা॥
মুখে লৈবো নাম হৃদয়ত ৰূপ ধৰি।
ৰহোক তোমাৰ গুণ নাম কৰ্ণ ভৰি॥৫৭৩॥
মহন্তে সহিতে সদা থাকিবো আলাপে।
তেৱেসে নপাইবে বাপ সংসাৰৰ তাপে॥
দূৰ কৰা নাথ মোৰ সুতল সম্পত্তি।
তোহ্মাৰ চৰণ মাত্ৰ ৰহোক ভকতি॥৫৭৪॥
সদায়ে নেৰোক মনে ভকতিৰ স্বাদ।
পাৱে পৰি মাগো হেবা এতেক প্ৰসাদ॥
হেনবা বুলিবা তই অল্প পুণ্যৱন্ত।
কেনমতে হৈবে এতমান ভাগ্যৱন্ত॥৫৭৫॥
আপুনি শিখায়ো তেৱে তুমি কৃপাময়।
যেনমতে হোৱৈ হেন মোৰ ভাগ্যোদয়॥
তোহ্মাৰ চৰণ শিক্ষা ধৰৈ যিটো নৰ।
সেহিটো ভকত নোহে বেদৰ কিঙ্কৰ॥৫৭৬॥
তুমিসে পৰম গুৰু হৃদীশ্বৰ মোৰ।
হুটোক সদয় তাৰো সংসাৰ দুৰ্ঘোৰ॥
এহি বুলি কৃষ্ণৰ চৰণে থৈয়া মাথ।
পৰম কৰুণা কৰি কান্দৈ দৈত্যনাথ॥৫৭৭॥
ধাৰাসাৰে পৰৈ নয়নৰ নীৰ ঝৰি।
লোতকে তিয়াইলা মাধৱৰ দুই ভৰি॥
দৈত্যেন্দ্ৰৰ দেখি প্ৰেমভাৱ আতিশয়।
স্নেহে ৰাম মাধৱৰ দ্ৰৱিল হৃদয়॥৫৭৮॥
পৰৈ জল কমল নেত্ৰৰ সৰসৰি।
কৰিলন্ত আশ্বাস বলিক তুলি ধৰি॥
শুনা সামাজিক পদ মহাভাগৱত।
ধন জন জীৱন সমস্তে অশ্বাশত॥৫৭৯॥
নকৰিয়ো আয়ু ব্যৰ্থ বিষয়ৰ ভোলে।
চিন্তামণি বেচা যায় যেন কাচ মোলে॥
নমো নমো কৃষ্ণ হেৰ পৰম বান্ধৱ।
মোৰ গতিদাতা তযু চৰণ পল্লৱ॥৫৮০॥
তুমিসি সুহৃদ নিজ জীৱন মৰণে।
ইহাক জানিয়া প্ৰভু পশিলো শৰণে॥
ক্ৰিমি কীট পশু পক্ষী হুয়া লতা তৃণ।
ভ্ৰমো সংসাৰত কৰ্ম গতি এতদিন॥৫৮১॥
কত কোটি জন্মে আসি পাইলো নৰদেহ।
ইজন্মত নাথ মোত নাছাড়িবা স্নেহ॥
সুমৰন্তে কাম্পে তনু যাতনা দুৰ্ঘোৰ।
তোহ্মাৰ চৰণে ৰতি নছাড়োক মোৰ॥
কৰ্ণে কৃষ্ণ কথা মুখে নছাড়োক নাম।
তেৱেসে নিস্তৰো ডাকি বোল ৰাম ৰাম॥৫৮২॥
॥দুলড়ী॥
শুক নিগদতি বলিৰ ভকতি
দেখি মহেশ্বৰ হৰি।
পৰম কৃপায়ে কৰিয়া আশ্বাস
দৈত্যেন্দ্ৰক তুলি ধৰি॥
পাইলা যে পৰম সিদ্ধি দৈত্যেশ্বৰ
আৰো কৰা অনুতাপ৷
মহা প্ৰেম ইটো ভকতিত ভৈলো
ময়ো বশ্য বলি বাপ॥৫৮৩॥
আউৰ অনুশোচ কৰিবে নলাগৈ
লভিলা সংসাৰ পাৰ।
তোহ্মাক দেখিলে শুনিলে কহিলে
জগতে হৈব উদ্ধাৰ॥
জিনিলা দুৰ্জয় মায়াক তুমিসি
জানা নাহি আউৰ বাৰ।
যিবা কৰ্যো আৱে আসি আছো আমি
শুনা প্ৰয়োজন তাৰ॥৫৮৪॥
মৰীচিৰ ছয় তনয় আছিল
প্ৰথম মনুৰ দিলে।
ভৈলা সৱে সৱে তাসম্বাৰ আৱে
নাম শুনা ভিন্নে ভিন্নে॥
স্মৰ পৰিস্বঙ্গ উদ্গীথ পতঙ্গ
ক্ষুদ্ৰভূক্ আৰো ঘৃণী।
এহি ছয়জন পৰম পৱিত্ৰ
আছা কাম ক্ৰোধ জিনি॥৫৮৫॥
যৈসানি ব্ৰহ্মায়ে নিজ দুহিতাক
ক্ৰীড়া কৰিবাক চান্ত।
দেখি ছয়ো দেৱে ব্ৰহ্মাক নিন্দিয়া
উপহাস্য কৰিলন্ত॥
জগতৰ তুমি পিতামহ হুয়া
কৰা গৰিহিত কাম।
শুনি প্ৰজাপতি জাজ্বল্য সন্মান
কোপে নিকলিল ঘাম॥৫৮৬॥
অসুৰ যেনিক যাহা বুলি ব্ৰাহ্মা
শাপ দিলা কোপ মনে
হিৰণ্যকশিপু দৈত্যৰ তনয়
আসি ভৈল ছয়জনে॥
পাছে দৈৱকীৰ গৰ্ভত ছয়োকো
উপজাইলা যোগমায়া।
ধৰি কংসৰায় সৱাকো মাৰিলা
অধৰ্ম একো নাচায়॥৫৮৭॥
সম্প্ৰতি তোহ্মাৰ কাচতে আছন্ত
ছয়ো মোৰ জ্যেষ্ঠ ভাই।
আসম্বাক লাগি সদায় ক্ৰন্দন
কৰন্ত দৈৱকী আই॥
সবৱাহাঙ্কে আজি দ্বাৰকাক নিবো
খণ্ডাইবো মাৱৰ শোক।
মোহৰো প্ৰসাদে শাপ এড়াই আজি
ছয়ো পাইবে স্বৰ্গলোক॥৫৮৮॥
এহিসে কাৰণে তোহ্মাৰ সভাক
আসি আছো দৈত্যপতি।
শুনি উঠি বলি ছয়কো আগতে
যোগাইলা কৰি ভকতি॥
কৃষ্ণৰ চৰণ দুই হাতে ধৰিয়া
শিৰত আছিলা তুলি।
আজিসি সমস্তে পাপ দূৰ ভৈল
জন্ম সাম্ফলিলো বুলি॥৫৮৯॥
পাছে দৈত্যেন্দ্ৰক আশ্বাস বুলিয়া
উৎসাহ আতি বঢ়াইলা।
ছয়ো ভাইক পাছে ৰথত তুলিয়া
ত্বৰিতে দ্বাৰকা পাইলা॥
দৈৱকী মাৱৰ আগতে ছয়োকে
যোগাই ৰঙ্গে কৃষ্ণ ৰাম।
দিলো মৰা পুত্ৰ বুলিয়া মাতৃকা
কৰিলা দুয়ো প্ৰণাম।৷৫৯০॥
॥ছবি॥
পাছে চয়ো ছৱালক নিৰেখি নিৰেখি চাই
চিনিলন্ত দৈৱকী নিশ্চয়।
মাৰিল পাতেকী কংসে যিটো ছয় গুটি পোক
সেহি সৱে মোহোৰ তনয়॥
মহা স্নেহে স্ৰৱৈ স্তন হৰিষিত তনু মন
এহি মোৰ প্ৰাণ পুত্ৰ বুলি।
অথে বেথে ধৰি গলে ভিজাইল নেত্ৰৰ জাল
সাৱটি ধৰিলা বুকু তুলি॥৫৯১॥
ইগুটিকথন্ত কতো সিগুটিক লন্ত তুলি
উৎসুকে পিয়ান্ত কতো খীৰ॥
লুণ্ডি ঘুণ্ডি মহাসুখে কৰন্ত চুম্বন মুখে
ঘনে ঘনে ঘ্ৰাণ পুত্ৰ শিৰ॥
কৌতুকৰ নাহি অন্ত উৎসুক যাচন্ত যেন
বিষ্ণুমায়া মুহিলেক চিত্ত।
দুনাই মৰা পুত্ৰ পাই আনন্দৰ সীমা নাই
ভৈলন্ত দৈৱকী কৃতকৃত্য॥৫৯২॥
একে দৈৱকীৰ স্তন পৰম অমৃতময়
আৰো মাধৱৰ পিত শেষ।
পৰম সন্তোষে তাক ছয়ো কৰিলন্ত পান
দূৰ ভৈল পাতেক নিঃশেষ॥
কৃষ্ণ অঙ্গ পৰশনে পাছে সিটো ছয়োজনে
ঘোৰ ব্ৰহ্ম শাপক তৰিল।
নুহিকো মনুষ্য আমি ছয়ো মৰীচিৰ পুত্ৰ
হৃদয়ত ইহাক স্মৰিল৫৯৩॥
সেহি মৃত্য বিদ্যাধাৰী গাৱে গীত অপেশ্বৰী
বাৱে সুললিত বাদ্যভণ্ড॥
বসুদেৱ দৈৱকীক ছয়ো প্ৰণামিয়া পাছে
কৃষ্ণক নমিলা পাৱে পৰি॥
বলোক প্ৰণাম কৰি অনুমতি লৈয়া পাছে
লৰি গৈল বিমানত চড়ি॥৫৯৪॥
ছয় গোটা সুৰ্যযেন প্ৰাকাশি স্বৰ্গ যায়
চাই আছে লোক সমস্তয়।
দেখিয়া দৈৱকী সতী মনত গুণন্ত ইটো
কিনো ভৈল মহা বিপৰ্যয়॥
আসিল মৃত ছয় তনয় দুনাই মোৰ
এখনো আছিল স্তন খায়া।
আহ্মাক প্ৰণামি পৰি হেৰা স্বৰ্গে যায় লৰি
বুজিলো কৃষ্ণৰ সৱে মায়া॥ ৫৯৫॥
কৈৰপৰা আসে জীৱ কাকা বোলে পুত্ৰ জীউ
মায়া মোহ একোকে নজানি।
এহি বুলি মহা সতী পৰম বিস্ময় মতি
থাকিলেন্ত কৃষ্ণৰ জননী॥
বোলন্ত উৎসুকে শুকে শুনলা নৃপতি তুমি
মহেশ্বৰ কৃষ্ণৰ মহিমা।
এবম্বিধ মাধৱৰ অনন্ত চৰিত্ৰ আছে
কোনো কহি পাৱৈ তাৰ সীমা॥৫৯৬॥
কহে অনন্তৰে সুত শুনিয়া শৌনক মুনি
কৃষ্ণ কথা শুনিবাৰ ফল।
বৰ্ণইলা ব্যাসৰ পুত্ৰে কৃষ্ণৰ চৰিত্ৰ যত
জগতৰ হৰে পাপ মল॥
ইসি সুখময় নিজ এসিতে মোক্ষৰ বীজ
ভকত কৰ্মৰ অলঙ্কাৰ।
কৃষ্ণত নিবেদি চিত্ত আক যিটো শুনে নিত
বৈকুণ্ঠে নিৱাস হোৱে তাৰ॥৫৯৭॥
॥দুলড়ী॥
শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ
আসনত থাকি মুখে।
এহিসে পৰম পুৰুষাৰ্থ জানি
শুনা মহন্তৰ মুখে॥
হৰি ভকতিৰ পথত থাকিয়া
শুনৈ ভনৈ যিটো নৰে।
হৰৈ কলিমল মিলৈ মহাকাল
সংসাৰ তাপত তৰে॥৫৯৮॥
নমো নমো হেৰ মহেশ্বৰ হৰি
মৰষা দোষ আহ্মাৰ।
হুয়া মহা মূঢ় তযু কথা গূঢ়
ৰচিলো আৰ প্ৰয়াৰ॥
তুমিসি পৰম গুৰু হৃদীশ্বৰ
দিলা যেন মোক মতি।
তাতাসে আশ্ৰয় কৰি কৃপাময়
কহিলো কথা সম্প্ৰতি॥৫৯৯॥
টাটেকীয় যেন জড় পুতলাক
যন্ত্ৰ তুলি নচাৱে।
তুমিসি চৈতন্য বোলৱা বচন
প্ৰভু মোক সেহি ভাৱে॥
এতেকে তোহ্মাৰ চৰণে শৰণে
পশিলো প্ৰভু উদ্ধাৰা।
অদ্যাপিও মোক মোহ পাশে বান্ধি
মাধৱ বন্ধু নামাৰা॥৬০০॥
কত কোটি জন্ম যাতনাত ভ্ৰমো
নেৰাইলো সংসাৰ তাপ।
হে কৃষ্ণময় মই অধমক
উদ্ধাৰা মাধৱ বাপ॥
তুমি সুহৃদৰ পৰম আতমা
মহা গুৰু হৃষীকেশ।
চৰণত ধৰো যেন মতে তৰো
দিয়ো দেৱ উপদেশ॥৬০১॥
যৈতে তৈতে জন্ম হৌক যদুনাথ
মোৰ নিজ কৰ্মফলে।
যৈতে তৈতে মঞিঁ জানিবা ঈশ্বৰ
তোহ্মাক হৃদি কমলে॥
তোহ্মাতেসে ৰতি কৰিবেক মতি
বচনে উচ্চাৰি নাম।
কৃষ্ণৰ কিঙ্কৰে তেৱেসে নিস্তৰে
ডাকি বোলা ৰাম ৰাম॥৬০২॥
॥ইতি কুৰুক্ষেত কাব্য সমান্ত॥
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )