যতেক সাত্বিক দেৱ ভকত মহন্ত।
জানিলো আমিসি ততোধিক ভাগ্যৱন্ত॥
যক্ষ ৰক্ষ ভূত প্ৰেত পিশাচ যতেক।
বিদ্যাধৰ সিদ্ধ সৰ্প দানৱ অনেক॥৫৬৭॥
গন্ধৰ্ব্ব প্ৰথম দুষ্ট দৈত্য অসংখ্যাত।
বৈৰভাৱে পাইল সিদ্ধি মাধৱ তোহ্মাত॥
দ্বেষ্য ভাৱে স্নেহে কতো স্মৰি কাম ভাৱে।
ৰাজসিক তামসিক সিটো গতি পাৱে॥৫৬৮॥
শুদ্ধ সত্ব দেৱগণো নেদেখন্ত যাক।
আহ্মাৰেসে নিজ বন্ধু জানিলো তোহ্মাক॥
হেনবা বুলিবা শুদ্ধ সত্য ভৈল হেঠ।
ৰাজসিক তামসিক সিসো ভৈল শ্ৰেষ্ঠ॥৫৬৯॥
নুহিকে আশ্চৰ্য্য ইটো প্ৰভু চক্ৰপাণি।
তযু যোগ মায়াক নজানে মহাজ্ঞানী।
ইসে হুই ইসে নুই নোৱাৰে তৰ্কিত।
ব্ৰহ্মা মহেশ্বৰো যাৰ মায়ায়ে মোহিত॥৫৭০॥
নাবাচে আচাৰ জাতি তোহ্মাৰ ভকতি।
যেই সেই ভজৈ মাত্ৰ তাকে দেন্ত গতি॥
যদি বৈৰ ভাৱে পাৱে পৰম হৰিক।
তথাপিতো নাথ মোক কৰিয়ো সাত্বিক॥৫৭১॥
তোহ্মাৰ আগত বাপ কহিলো স্বৰূপ।
হেন মন কৰৈ এৰো গৃহ অন্ধকূপ॥
সুতল সম্পত্তি যত তাতো এৰি আশা।
ফল মূল ভক্ষি তৰুতলে কৰো বাসা॥৫৭২॥
হৌক ভিক্ষা ভোজন বসন কনিকষ্ঠা।
তযু পদ পঙ্কজক চিন্তিবো সৰ্ব্বথা॥
মুখে লৈবো নাম হৃদয়ত ৰূপ ধৰি।
ৰহোক তোমাৰ গুণ নাম কৰ্ণ ভৰি॥৫৭৩॥
মহন্তে সহিতে সদা থাকিবো আলাপে।
তেৱেসে নপাইবে বাপ সংসাৰৰ তাপে॥
পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
কুৰুক্ষেত্ৰ