সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮০ -কু ক ক্ষেত্ৰ বৰষিল পঞ্চৰত্ন যজ্ঞত প্ৰচুৰ। তথাপিতো অক্ষয় ভাণ্ডাৰ ভৰপূৰ॥ নিগদতি শুক শুনা নৃপ পৰীক্ষিত। আত অনন্তৰে শুনা কৃষ্ণ চৰিত॥ ৪২৫॥ শুনা সাৱধান কৰি চিত্ত একান্ত। যেন ভৈল নন্দ বসুদেৱৰ বৃত্তান্ত॥ বংশে সমে ৰাম কৃষ্ণ উগ্ৰসেন ৰাজা। নন্দ আদি গোপক কৰিলা সৱে পূজা॥৪২৬॥ কতো দিন তথাত বঞ্চিলা মহা স্নেহে। এৰিবে খোজন্তে পীড়ে বন্ধুৰ বিৰহে॥ সুহৃদ বৎসল সিটো যত যদুবংশী। গোকুলবাসীৰ সিয়ো গুণক প্ৰশংসি॥ ৪২৭॥ কৰন্ত সন্মান সিটো গোপক গোপীক। অন্যো অন্যে দেখে যেন প্ৰাণতো অধিক। একে আসনতে থাকে নন্দ বসুদেৱ। যশোদা দৈৱকী দুয়ো নেৰৈ কাকো কেৱ॥৪২৮॥ কৃষ্ণ পত্নী সমে সৱ গোপীৰ আলাপ | কৃষ্ণৰ কথায়ে বঞ্চৈ সংসাৰৰ তাপ॥ ভকতৰ বশ্য কৃষ্ণ ত্ৰৈলোক্য ঈশ্বৰ। পৰম গৌৰৱে কৰে সৱাকো আদৰ॥ ৪২৯॥ যশোদা নন্দনক থাকে প্ৰবোধি দিনত। নেড়ন্ত গলত বান্ধি পৰম স্নেহত॥ বালক চৰিত্ৰচয় সুমৰি সুমৰি। কান্দে দুয়ো প্ৰাণীৰ লোতক পৰৈ ঝবি॥ ৪৩০ || শুঙ্গে নাকে যেন স্নেহে চেলেক জিহ্বাই। ফোকাৰে নিশ্বাস মুখপদ্ম চাই চাই॥ যশোদা কান্দন্ত ধৰি কৃষ্ণক সাৱটি। নকৰিলা শুধি দুনাই আহ্মাক পালটি॥৪৩১॥ স্বপুত্ৰে বঞ্চিত হুয়া জীয়াহো অভাগী সিটো ধন গোমধনক সাঞ্চো কাক লাগি॥ প্ৰাণ পুত্ৰ বিয়োগে নগৈলো কিয় মৰি। এহি বুলি কৰণ কৰন্ত ব্ৰজেশ্বৰী॥৪৩২॥ Scanned with Cam Scanner