সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৬ ষোড়শ হাজাৰ গৃহে পাতিয়া সমাজ। একে লগ্নে বিহাক কৰিলন্ত যদুৰাজ॥ ঘৰে ঘৰে পঢ়ে মন্ত্ৰ গৰ্গ পুৰোহিত। কৃষ্ণৰ মহিমা দেখি জগত বিস্মিত॥ ৩৩১॥ পৰম ঈশ্বৰ পূৰ্ণ কাম প্ৰভু হৰি। জন্মে জন্মে হুইবো আন চৰণ কিঙ্কৰী॥ সাৰ্ব্বভৌম ইন্দ্ৰৰ সম্পদ সৱ মিছা। বৈকুণ্ঠৰ মোক্ষতো নকৰে সখা ইচ্ছা॥৩৩২॥ ব্ৰহ্মাদি দেৱৰো সেব্য যিটো মহালক্ষ্মী। সেৱন্ত ৰেণুক সংসাৰতে সাৰ দেখি॥ তথাপি দুৰ্ল্লভ পদৰেণু নোহে দেখা॥ অপ্ৰয়াসে পাৱে সিটো দেৱতাৰ লেখা।। ৩৩৩॥ বৃন্দাবনে ধেনুক চৰান্তে কৃপাময়। পাইলে এহি মহা ভাগ্যৱতী গোপীচয়॥ তৃণত লাগিয়া থাকে দেখি মহা সুখে। কিৰাতৰো পত্নী আনি ঘৰে আখি মুখে॥৩৩৪॥ পায়া আছে গোপ গোকুলৰ যত ধেনু। ভকত দুৰ্ল্লভ জানা কৃষ্ণ পদৰেণু॥ এতেকেসে বাঞ্চো আমি কৃষ্ণ ভাৰ্যা যত। আহানেসে পদৰেণু বহিবো শিৰত॥ ৩৩৫।৷ জন্মে জন্মে হুইবো আন গৃহ সেৱকিনী। এতেকে বোলন্তে যত কৃষ্ণৰ গৃহিনী॥ উপজিল প্ৰেম কৰে লোতক নয়নে। নিশৱদ ভৈলন্ত কৃষ্ণক ধৰি মনে॥৩৩৬॥ যিটো ভকতৰ আত্মা ঈশ্বৰ মুৰাৰি। তান্তে তাসম্বাৰ প্ৰেম দেখি যত নাৰী॥ পৰম বিস্ময় ভৈল সমস্তৰ মনে। বহৱে সৱাৰো আতি লোতক নয়নে॥৩৩৭॥ যশোদা দ্ৰৌপদী কুন্তী সুভদ্ৰা গান্ধাৰী ৰাজ ভাৰ্য্যা যতেক ভকত গোপনাৰী॥ কৃষ্ণ পত্নীগণক প্ৰশংসি বাৰে বাৰ পাউলা প্ৰীতি আতি আনন্দৰ নাহি পাৰ॥ ৩৩৮॥ - কু ক ক্ষেত্ৰ Scanned with CamScanner