সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ নিৰ্ভয়ে ভ্ৰমিলা পুতাই তোমাাবেসে গুণে। চক্ষুৰ পীৰিতি যেন ৰাখিলা আপুনে॥ কৰিলা কৃষ্ণত মহা স্নেহ নিৰন্তৰ। নাহিকে আপোন পৰ বুদ্ধি মহত্তৰ॥ ১০১॥ নাহি তোমাঠেত পৰে মহা হিতকাৰী। তোহ্মাৰ মৈত্ৰিক পসৰিবে কোন নাৰী॥ ইন্দ্ৰৰ সম্পদ যদি দেওঁ প্ৰতিদিন। তথাপিতো শুজা নযাই উপকাৰ ঋণ॥ ১০২॥ দ্ৰৱিল হৃদয় দুইৰো এতেকে বোলতে। সৰসৰি পৰে নীৰ নয়নৰ হন্তে॥ প্ৰবোধিলা যশোদা আঞ্চলে মুচি মুখ। কিসক কহস পূৰ্ব্ব আপদৰ দুখ॥ ১০৩॥ ঈশ্বৰৰ ইচ্ছায়ে আসি সুখ দুখ মিলে। সম্পদো নাথাকে দুখো গুচে এততিলে॥ মায়াৰ ৰচনা ইটো জগতকে দেখি। কিছু অনুশোচ নকৰিবা প্ৰাণসখি॥১০৪॥ কতো কোটি জনমৰ মোৰ আছে ভাগ। কৃষ্ণ হেন পুত্ৰক তুলিবে পাইলো লাগ॥ তৰিলো আপদ ঘোৰ কৃষ্ণতেসে হস্তে। দহে দেহা সখি সিটো কথা সুমৰন্তে॥ ১০৫॥ স্তন শুসি লৈলে পুত্ৰে পুতনাৰ প্ৰাণ। কৈলা গল চেপি চক্ৰবাতক নিৰ্য্যাণ॥ কৃষ্ণে মাটি খাইলা বুলি শৰীৰ নসয়। গৰ্ভতে দেখাইলা মোক ভূৱন চৈধ্যয়॥ ১০৬॥ অঘ বক বৎস বেশী ধেনুক অৰিষ্ট। গোকুলত চিত্তে আসি অনেক অনিষ্ট॥ প্ৰলম্ব প্ৰমুখ্যে যত আসিলা অসুৰ। সমস্তকে মাৰি কৰিলন্ত দুখ দূৰ॥ ১০৭॥ হ্ৰদৰ খেদাইলা দমি কালিক নিকালি। বৎস বৎস পালক জীয়াইলা বনমালী॥ জুই আসি বেঢ়িল আহ্মাৰ যায় প্ৰাণ। ৰাখিলন্ত কৃষ্ণে বন বহ্নি কৰি কৰি পাণ॥১০৮ -কু. কক্ষে এ Scanned with CamScanner