সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ক ক্ষে ত্ৰ - যজ্ঞ দান কৰিয়া ত্যজিবে বিচেষ্টাক। ভোগ কৰি এৰিবেক তনয় ভাৰ্য্যাক॥৩৮৪॥ বিনাশী জানিয়া এৰিলেক স্বৰ্গ আশা। কৃষ্ণক চিত্তিবে তপোবনে কৰি বাসা॥ দেৱঋষি পিতৃৰ তিনিৰো ভিন্ন ভিন্ন উপজিলে মনুষ্যত লাগে তিনি ঋণ॥৩৮৫॥ ব্ৰহ্মচৰ্য্যে ঋষি ঋণ যজ্ঞে দেৱতাৰ। উপজিয়া পুত্ৰক পিতৃৰ শুজৈ ধাৰ। তিনি ঋণ নুশুজিয়া যিটো মোক্ষ সাধে নৰকত পৰৈ দৈৱে তাহাকো নবাধৈ॥৩৮৬॥ ইটো কৰ্ম্ম সকৰ্ম্মীৰ কহিলা পৰমাৰ্থ। তোহ্মাৰ নালাগে তুমি ভৈলাহে কৃতাৰ্থ॥ পৰম ঈশ্বৰ হৰি জগতৰ পতি। তাহাঙ্ক অৰ্চ্চিলা তোৰা পৰম ভকতি॥৩৮৭॥ এতেকেসে তোৰা দুইৰ পুত্ৰ ভৈল হৰি। নাহি ভাগ্যৱন্ত আৰো তোমাঠেৰ সৰি॥ বসুদেৱ শুনি মুনিসৱৰ বচন। পৰি প্ৰণমিলা পাছে সবাৰো চৰণ॥৩৮৮॥ পাত্ৰ হুয়া তুমি সবে কৰায়োক যজ্ঞ। নিস্তৰো হেনবা আৱে ম‍ই মহা অজ্ঞ।। নাৰদ প্ৰমুখ্যে বাক্য নবাধিলা কেৱে। সৱাকো বৰিলা পাত্ৰ পাছে বসুদেৱে॥৩৮৯।৷ বসনে ভূষণে সৱ ঋষিক অৰ্চিল। সেহি কুৰুক্ষেত্ৰে মহা যজ্ঞ আৰম্ভিল॥ কৃষ্ণৰ জনক ভৈল জগত দীক্ষিত। দেখি বৃষ্ণিবংশ ভৈলা সৱে অনন্দিত॥৩৯০॥ স্নানিয়া পিন্ধিয়া ধৌত বস্ত্ৰ অলঙ্কাৰ। সুবৰ্ণ পদ্মৰ মালা গলে জাতিষ্কাৰ।। বংশত প্ৰধান ৰাম ঈশ্বৰ মাধৱ। পিতৃৰ দেখিয়া আতি যজ্ঞ মহোৎসৱ॥৩৯১॥ চড়াইলা অঙ্গত আতি ৰত্ন অলঙ্কাৰ। ভৈলা নীল পীত বস্ত্ৰে আতি জাতিষ্কাৰ॥ ৭৫ Scanned with CamScanner