সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৱাৰ মাজত যাস্ত জগত নিৱাস। নক্ষত্ৰৰ মাজে যেন চন্দ্ৰৰ প্ৰকাশ॥ মৌক্তিক ছত্ৰেক আছে শিৰৰ উপৰে। সাত্যকি উদ্ধৱো চলে ধৱল চামৰে॥ ২২॥ দাৰুকে ডাকত ৰথ চলে লাসে লাসে। দিব্য যন্ত্ৰ যতেক বজাৱে লাসেৱেশে॥ ছিন্ন চৌণ্ড দণ্ড নচুবাৱে তুলি তুলি। নটে ভাটে ৰটে জয় জয় কৃষ্ণ বুলি॥২৩॥ ঈষত হসিত মুখ নৱ পদ্মকোষ। অৰুণ দুই চৰণ দেখন্তে সন্তোষ॥ শ্যাম শৰীৰত ৰত্নময় অলঙ্কাৰ। নবীন মেঘৰ যেন বিজুলী সঞ্চাৰ॥২৪॥ ৰূপৰ সম্পত্তি আতি প্ৰকাশে প্ৰচুৰ। কোটি কন্দৰ্পৰো দৰ্প দেখি হৱৈ চূৰ॥ বাহু বক্ষঃস্থলত যাহাৰ পৰে দৃষ্টি জুৰাই তনু মন যেন অমৃতৰ বৃষ্টি॥২৫॥ দৈৱকী প্ৰমুখ্যে নাৰী যাদৱ বংশৰ। ৰুক্মিণী প্ৰমুখ্যে যত মহিষী কৃষ্ণৰ। শৰীৰক মণ্ডি ৰত্নময় অলঙ্কাৰে। ত বিমানত চড়ি লৰি যান্ত জাতিষ্কাৰে॥২৬॥ যতেক যাদৱী সেনা তাৰো নাহি সীমা। যাহন্তে কীৰ্ত্তন কৰে কৃষ্ণৰ মহিমা। পূৰিলেক কৃষ্ণ গুণে গগণ মণ্ডল। শুনে মানে ধ্বনি পলাই পাপ অমঙ্গল।৷২৭॥ কৃষ্ণেসে পৰম ইষ্ট দেৱ কৃষ্ণ প্ৰাণ। নাজানে যাদৱী সেনা কৃষ্ণ বিনে আন॥ কৃষ্ণৰেসে যশ কথা নিৰন্তৰে গাৱে। সলোতক নয়ন বয়ন প্ৰেমভাৱে॥২৮॥ অসংখ্যাত ৰথ ঘোষ বাদ্য ভণ্ড ৰোলে। হয় হস্তী গিৰি মহীসগুল হিন্দোলে॥ এহিমতে যান্ত যদুবংশ প্ৰদীপ অনন্তৰে পাইল কুৰুক্ষেত্ৰৰ সমীপ॥২৯॥ -কুৰুক্ষেত্ৰ Scanned with CamScanner