সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কুৰুক্ষেত্ৰ
 

হয় হস্তী ৰথ আসি জুৰিল কুণ্ডিল।
হেন শুনি ভয়ে মোৰ সুৰুতি উৰিল॥১৮৯॥
সেৱিতে নাপাইবো সিটো কৃষ্ণৰ চৰণ।
আৱেসে জানিলো মোৰ মিলিল মৰণ॥
কৃষ্ণৰ বিয়োগ দুখে ফুটি যায় প্ৰাণ।
নাসে মুখে বচন নুৰুচে অন্নপান॥১৯০॥
বিপ্ৰ মুখে শুনিয়া মোহোৰ মহা দুখ
স্বামীৰ মনত মহা মিলিল আসুখ॥
স্নেহে আথেবেথে আইলা একৰথে সাজি।
পাছতেসে পাইলা আহি সেনা গজবাজী॥১৯১॥
জৰাসন্ধ প্ৰমুখ্যে যতেক ৰাজাচয়।
দাৰুণ দৰ্পিষ্ঠ দুষ্ট সামৰে নিৰ্দ্দয়॥
চেদিক দিবাক মোক মনে বাঞ্ছা কৰি।
যুদ্ধক প্ৰৱন্ধে আছে শৰ ধনু ধৰি॥১৯২॥
কৰিলা আটোপে কোপে সমৰ দুৰ্ঘোৰ।
লীলায়ে জিনিলা স্বামী বিপক্ষক মোৰ॥
কদৰ্থিয়া সৱাৰো মাথাত দিয়া ভৰি।
আনিলা আনন্দে আতি আহ্মাক উদ্ধাৰি॥১৯৩॥
ছাগল যুথক যেন কটাক্ষে খেদাই।
মত্ত সিংহৰাজে নিজ ভাগ লৈয়া যায়॥
মোৰ শ্ৰেষ্ঠ ভাই পাপী ৰুক্মী নাম যাৰ।
ঝণ্টইলেক যুদ্ধ তাৰ কটকটাই ঘাৰ॥১৯৪॥
খাণ্ডা ধৰি চুলধৰি কৰন্ত দোহাৰ।
কতেক কাতৰে প্ৰাণ ৰাখিল তাহাৰ॥
মণ্ড মুণ্ডি এৰিলন্ত কালি চূণে ছুই।
থাকিল পাপীষ্ঠ পৰি মৃত্যুবৎ হুই॥১৯৫॥
এহিমতে আনি মোক মিলাইলা উৎসাহ।
কৰিলা কেশৱ প্ৰভু প্ৰথম বিবাহ॥
ত্ৰৈলোক্যৰ লোকে দিল উৎসৰ্গি যৌতুক॥
এহিমতে পাইলো প্ৰভু ঈশ্বৰ কৃষ্ণক॥১৯৬॥
আন নবাঞ্চোহো মই স্বামীক উপাসি।
জন্মে জন্মে হুইবো তাৰ চৰণৰ দাসী॥