সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
২১
 

কৃষ্ণৰ চৰণে সৱে লৈয়া অনুমতি।
নামিয়া জলত সৱে যাদৱ সন্ততি॥
ৰামৰ হ্ৰদত ৰঙ্গে কৰিলন্ত স্নান।
দেৱতা পিতৃৰ সন্তৰ্পিয়া দিলা দান॥৩০॥
বিশিষ্ট বিপ্ৰক আনি কৰিলা সৎকাৰ।
শ্ৰাদ্ধায়ে পিন্ধাইলা গন্ধ বস্ত্ৰ অলঙ্কাৰ॥
দিলা দাস দাসী দোলা হয় হস্তী ৰথ।
ভৈলন্ত সন্তোষ পৰিপূৰ্ণ মনোৰথ॥৩১॥
সুৱৰ্ণৰ শৃঙ্গ ৰজতৰ খুৰা চাৰি।
গলে হেমমাল্য দিব্য বসনে আৱৰি॥
কৰিলন্ত দান হেম ধেনু অসংখ্যাত।
মিলোক ভকতি বুলি কৃষ্ণ দেৱতাত॥৩২॥
পুনৰপি সবংশে কৰিলা মোক্ষ-স্নান।
মহন্ত বিপ্ৰক পুনু কৰিয়া সন্মান॥
কৃষ্ণৰ চৰণে হৌক ভকতি আহ্মাৰ।
এহি বুলি দিলন্ত সুৱৰ্ণ একো ভাৰ॥৩৩॥
পাচে কৃষ্ণদেৱ যদুবংশৰ লগতে।
কাৰিলা আপুনি স্নান দান বিধিৱতে॥
অনুমতি পায়া সৱে কৃষ্ণৰ চৰণে।
কৰিলা ভোজন ভাগ্যৱন্ত যদুগণে॥৩৪॥
মহা হৰিষিত চিত্ত উঠি সমদলে।
ছায়া অনুসৰি বসিলন্ত তৰুতলে।
আসি আছে পৃথিৱীৰ যত ৰাজাগণ।
চিৰকাল অন্যোঅন্যে ভৈল দৰশন॥৩৫॥
যাদৱ বংশক দেখি আনন্দ হৃদয়।
বিদৰ্ভ কৈকেয় কুৰু কাম্বোজ সৃঞ্জয়॥
বিৰাট দ্ৰুপদ মদ্ৰ কৌৰৱ পাণ্ডৱ।
পৰম সুহৃদ কোহো সম্বন্ধী বান্ধৱ॥৩৬॥
ভৈলা দেখাদেখি সৱে আসি কুৰুক্ষেত্ৰ।
হৰিষে প্ৰফুল্ল মুখ পদ্ম সম নেত্ৰ॥
সাৱটন্ত অন্যোঅন্যে মিলে প্ৰেমভাৱ।
ঝাৰে নয়নৰ নীৰ ৰোমাঞ্চিত গাৱ॥৩৭॥