বাৱে বাদ্য অসংখ্য গোমুখ শঙ্খ ঢোল।
ডিণ্ডিম ডগৰ ঢাক তৱলৰ ৰোল॥
বজাৱে মৃদঙ্গ ৰঙ্গে নাচে নটীচয়।
গায়নে যোগাৱে গীত ভটকে চপয়॥৩১৫॥
হেন দেখি মহা কোপে ৰজগণ যত।
অস্ত্ৰ শস্ত্ৰ ধৰি ধাইল পৰম ক্ৰোধত॥
বাঘে যেন গৰ্জে যত মহাবীৰ।
তাক দেখি সখী মোৰ কম্পিল শৰীৰ॥৩১৬॥
দেখি পাছে দিব্য ৰথ অনিলা মুৰাৰি |
যতে আছে উত্তম ঘোটক ৰত্ন চাৰি॥
মোক আশ্বসিয়া তাৰ তুলিলা উপৰে।
উঠিলা আপুনি পাছে কাছি দামোদৰে॥৩১৭॥
এক হাতে বাণ আউৰ হতে ধনু ধৰি।
মোক দুই হাতে সাৱটিলা দেৱ হৰি॥
চাৰি বাহু বেকত কৰিলা সিবেলাত।
যুদ্ধক সম্মুখ ভৈলা দেখিলো সাক্ষাত॥৩১৮॥
দাৰুকে ডাকিল হেমময় মহা ৰথ।
ধৰিলা চাৰিও ঘোৰা দ্বাৰকাৰ পথ॥
মৃগৰ মাজৰ পৰা যেন সিংহৰাজে।
মোক লৈয়া যান্তে চাহি আছে সামৰাজে॥৩১৯॥
অস্ত্ৰ ধৰি সেনাসৱ চলে দুয়ো কাছে।
দেখি ৰাজাগণে বেঢ়িলেক আগে পাছে॥
শৰধনু ধৰি কৰে আটোপ টঙ্কাৰ।
আহ্মাৰ কন্যাক নিবে শকতি কাহাৰ॥৩২০॥
প্ৰমত্ত সিংহৰ আগে কৰি যেন থেড়ি।
অসংখ্যা কুকুৰে ভুকে চতুৰ্ভিতি বেঢ়ি॥
প্ৰভু প্ৰহাৰিলা শৰ সাৰঙ্গ টঙ্কাৰি।
নিসাৰে মাৰিলা কাকো হৃদয় বিদাৰি॥৩২১॥
কাৰো উৰু কৰ কটি কাটিলন্ত জাঙ্গ।
কাৰো শিৰ ছেদিলা ৰুধিৰে বহে গাঙ্গ॥
হতশেষ ৰাজা কতো পলাই বিভঙ্গে।
বিপক্ষক খেদাই চলি গৈলা প্ৰভু ৰঙ্গে॥৩২২॥
পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
কুৰুক্ষেত্ৰ