সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুক ক্ষেত্ৰ এতেকে বোলতে নীৰ নেত্ৰৰ বহয়। ৰুক্মিণীক দেখি প্ৰেমভাৰ আতিশয়। ১৯৭॥ 'ভৈল সলোতক সমজ্যাব যত নাৰী। মনত কৰন্ত ভক্তি কৃষ্ণ কৃষ্ণ যাবি॥ মিলিলা বিস্ময় দেখি দেবীৰ ভকতি। শুনা সখি মোৰ কথা কহে জাম্ববতী॥১৯৮|| সিংহে অৰণ্যত মাৰিলেক প্ৰসেনক। তাক মাৰি পিতৃ আনিলেক স্যমন্তক॥ সত্ৰাজিতে নাজানি কৃষ্ণক দিলা দোষ। হেন শুনি স্বামীৰ মিলিল অসন্তোষ॥১৯৯ ভাল ভাল লোকক লগত লৈয়া বাছি। খোজ গুৰি গৰ্ভত পশিলা বস্ত্ৰ কাছি॥ একেশ্বৰে পাইলা আসি আহ্মাৰ নগৰ। যেন মহেন্দ্ৰৰ পুৰি মহা মনোহৰ || ২০০ ক্ষণেকে আণ্টাইলা ঋক্ষ বাজাৰ আৱাস। কৰে ৰত্নময় মহ মন্দিৰ প্ৰকাশ॥ পশিল ভিতৰ দ্বাৰ গৈয়া প্ৰভৃ পাছে। 153131 মণি লৈয়া ধাই শিশু ওমলান্তে আছে॥ ২০১॥ বস্ত্ৰ কাছি চলিযাস্ত মণিক লৈবেক। দেখি মহা ভয়ে দিলা ধাই ধাউ ডাক॥ কোঠেৰ মনুষ্য গোটে মণি নেই কাঢ়ি। । ত্বৰিতে বজাইলা পিতৃ ওৱাৰিক ছাৰি॥২০২॥ কঙ্কালত বস্ত্ৰ কাছি কৰি মহা ছটি। ধৰিলা আটোপে কোপে কৃষ্ণক সাৰটি॥ মাধৱে ধৰিলা মোৰ পিতৃক কোলাবে। মোড়ে হাড় বিহৰাৱে পাৰে পাৰে॥ ২০৩॥ চাপৰ চৰ্পত কিল ভুকুৰে চৰবে। দুইকো দুই ধৰিলা প্ৰৱন্ধে কান্ধ ভিৰে॥ জৰাজৰি কৰি কতো পৃথিৱীত পৰে। হুয়া একপিণ্ড কতো মাটিত বাগৰে॥ ২০৪॥ কৰ কৰ কৰিয়া দশন চোৱাৱন্ত। ভ্ৰূকুটি কুটিল কোপে চক্ষু পকাই চাও॥ 82 Scanned with CamScanner