সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
৬১
 

শিশু হন্তে যিমতে ভজিলা মিত্ৰবৃন্দা।
কৃষ্ণত সিমত মোৰ ভৈল অভিনন্দা॥ ২৯০॥
অনন্তৰে পিতৃ মোৰ বুজি অভিপ্ৰায়।
কৃষ্ণক পাইবাক লাগি চিন্তিল উপায়॥
যিমতে তোহ্মাৰ পিতৃ অৰ্জ্জুনক আশে।
নিৰ্স্মিয় চক্ৰত মৎস্য ভ্ৰমাইলা আকাশে॥২৯১॥
সেহিমতে মোৰো পিতৃ কৰিয়া যতন।
কিন্তু আমাঠেৰ মৎস্য মবা বিলক্ষণ॥
বাহিৰত ঢাকি আছে তোমাঠেৰ মৎস্য।
স্তম্ভকো চাহিলে জানো তাহাৰ ৰহস্য॥ ২৯২॥
আমাসাৰ মৎস্য যিটো অনেক উচ্ছৃত।
বাহিৰে ভিতৰে ছন্ন নুহিকে বিদিত॥
আধোমুখে পানীক ছায়াৰ চাহি তাৰ।
তেৱেসে কৰিবে পাৰে শৰক প্ৰহাৰ॥ ২৯৩॥
কৃষ্ণ বিনে আনে ইটো নাজানে ৰহস্য।
এতেকেহে শ্ৰেষ্ঠ আতি আমাঠেৰ মৎস্য॥
সিটো মৎস্য ভেদে যিটো সি পাবে কন্যাক।
দেশে দেশে দূত সৱে বুলিলা ৰাজাক॥২৯৪॥
কথা শুনি পৃথিৱীৰ নৃপ নিৰন্তৰ।
কাছি পাৰি আইলা সৱে আহ্মাৰ নগৰ॥
ধনুত পাৰ্গত শিক্ষা গুৰু সৱ সঙ্গে।
ৰথ গজ বাজী সাজি আইল মহা ৰঙ্গে॥ ২৯৫॥
কৌৰৱ পাণ্ডৱ পৃথিৱীৰ ৰাজা যত।
আমাৰ সভাত ভৈল সৱে উপগত॥
যাক যেন যোগ্য পিতৃ কৰিলা সন্মান।
দিয়াইলা আসন আনি বসিবাৰ থান॥ ২৯৬॥
আইলা যদুবংশ শিৰোমণি মোৰ পদে।
কোটি মহেন্দ্ৰতোধিক মহা পৰিষদে॥
বণ্ডে ছাত্ৰে চানি বাদ্য ভণ্ড ৰোলে।
দলদোপ মাহী মহা প্ৰজাৰ আন্দোলনে॥২৯৭॥
আগবাঢ়ি পিতৃ পাছে আৰ্চ্চিলা চৰণ।
মাথাত কৰিয়া দিলা দিব্য সিংহাসন॥