কেয়ূৰ কঙ্কণ মণি মুকুতাৰ হাৰ।
নীল অম্বৰত যেন বিদ্যুত সঞ্চাৰ॥
পীত পট কটি তটে ৰত্নৰ মেখলা।
আজানুলম্বিত জ্বলে বৈজয়ন্তী মালা॥১২৫॥
চৰণ পঙ্কজ দুইক দেখন্তে সন্তোষ।
ঈষত ৰাতুল যেন নৱ পদ্মকোষ॥
ৰত্নৰ নূপুৰে তাত কৰে ৰুণঝুণ॥
যেন ৰত্ন মন্ত্ৰগণে পৰি গাৱে গুণ॥ ১২৬॥
আঙ্গুলিত ৰত্নৰ উজন্তি কৰে কান্তি।
দৰ্পণ নিৰ্মল নখ চন্দ্ৰমাৰ পান্তি॥
পৰম আনন্দময় মূৰ্তি সিবেলাত।
চিৰকাল গোপীসৱে দেখিল সাক্ষাত॥১২৭॥
প্ৰাণতো অধিক মাধৱক দেখা পাইলা।
প্ৰসন্ন নয়নে সৱে নিৰীক্ষিয়া চাইলা॥
কৃষ্ণ দৰ্শনে সৱে ভৈল কৃতকৃত্য।
জুৰাই তনু মন যেন বৰিষে অমৃত॥১২৮॥
নাহি অহঙ্কাৰ যাৰ দেহত কিঞ্চিত।
ব্ৰহ্মাত সাতকাৰ কৰে সমাধিত॥
হেন মহাজ্ঞানীৰো দুৰ্ল্লভ যিটো হৰি।
পায়া তাঙ্ক গোপীসৱে চাইলা চক্ষু ভৰি॥১২৯॥
নয়নৰ পথে নিয়া হৃদয় কমলে।
আনন্দ সিন্ধুত মজি ভৈল কৃষ্ণময়।
পুলকিত তনু আতি দ্ৰবিল হৃদয়॥১৩০॥
ধাৰায়ে লোতক নয়নৰ পৰা পৰে।
পাইলন্ত পৰম প্ৰীতি আতি প্ৰেম চড়ে
হিয়াত আছন্ত ধৰি পৰম হৰিক।
মিলিল আনন্দ আতি মোক্ষতো অধিক॥১৩১॥
প্ৰেমধাৰে নেত্ৰৰ লোতক যায় বহি।
পৰিপূৰ্ণ ভাৱে তম্ভি আছে সৱে ৰহি॥
পৰম যোগীৰ যেন শাৰীৰ নিশ্চল।
প্ৰীতি প্ৰফুল্ল মুখ পৰম উজ্বল॥১৩২॥
আছে এহিমতে মনে মাধৱক ধৰি।
গোপীকাৰ পৰম ভাৱনা দেখি হৰি॥
পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/২২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
৩৫