সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
৩৩
 

গোধূলি বেলাত থাকো পদূলিত চাই।
বৎস লৈয়া আসে সোণা মুখে বংশী বাই॥
আগবাঢ়ি ধৰিয়া আঞ্চলে মোছোঁ ধূলি।
প্ৰাণ পুত্ৰ বুলি বুকে সাৱটোহোঁ তুলি॥১০৯॥
স্নান কৰাই পিন্ধাওঁ গন্ধ চন্দন ভূষণ।
নিতে পঞ্চামৃতে কৰাওঁ কৃষ্ণক ভোজন॥
সুৱৰ্ণ খাটত শুৱাওঁ বিছাই হংস তুলী।
বুকত সাৱটি থাকো প্ৰাণ পুত্ৰ বুলি॥১১০॥
হেন কৃষ্ণ বাপ হন্তে ভৈলোহো বঞ্চিত।
ইটো সুখ খান্তি সখি নাহিকে কিঞ্চিত॥
কৃষ্ণ সূৰ্য বিনে দেখো আন্ধাৰ দুৰ্ঘোৰ।
আউৰ গৃহ কৰ্মত নপৰে চিত্ৰ মোৰ॥১১১॥
পুত্ৰৰ সিসৱ লীলা সুমৰি সুমৰি।
নিদ্ৰা নাসে ৰাত্ৰিয়ো লোতক যায় ঝৰি॥
কৃষ্ণকেসে দেখো মাত্ৰ সচিতে সপোনে।
শূন্য ভৈল ব্ৰজ মোৰ কৃষ্ণ অৱিহনে॥১১২॥
কৃষ্ণৰ ক্ৰীড়াৰ ভূমি বৃন্দাবন স্থান।
কালিন্দীক দেখি সখি ফুটে যেন প্ৰাণ॥
ধ্বজ বজ্ৰ পঙ্কজ খোজতে আছে বান্ধি।
তাক দেখি কৃষ্ণ বুলি আমি মৰো কান্দি॥১১৩॥
আজিও সোণাৰ বংশী ঘৰে আছে পৰি।
দেখি দশগুণে মোৰ মৰ্ম যায় চড়ি॥
ওলাই আৰো পশিবে নপাৰো সিটো ঘৰ।
কতনো কহিব গুণ গোৱিন্দ পুত্ৰৰ॥১১৪॥
গোকুলত যত লীলা কৰিলন্ত হৰি।
দৈৱকীৰ আগে বৰ্ণাইলন্ত ব্ৰজেশ্বৰী॥
শুনন্তে কহন্তে সিটো গোবিন্দৰ যশ।
আনন্দত মজিল পৰম প্ৰেম ৰস॥১১৫॥
দৈৱকী যশোদা আদি নাৰী অসংখ্যাত।
কৃষ্ণৰ চৰিত্ৰচয় শুনে সিবেলাত॥
বহয় লোতক পুলকিত অতি তনু।
প্ৰেমত সমুদ্ৰত মন মজে পুনু পুনু॥১১৬॥