সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৬ কহে অনন্তৰে সুত শুনিয়া শৌনক মুনি কৃষ্ণ কথা শুনিবাৰ ফল। বৰ্ণইলা ব্যাসৰ পুতে কৃষ্ণৰ চৰিত্ৰ যত জগতৰ হৰে পাপ মল॥ ইসি সুখময় নিজ এসিতে মোক্ষৰ বীজ ভকত কৰ্মৰ অলঙ্কাৰ। কৃষ্ণ নিবেদি চিত্ত আক যিটো শুনে নিত বৈকুণ্ঠে নিৱাস হোৱে তাৰ॥ ৫৯৭॥ ॥ দুলড়ী॥ শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ আসনত থাকি মুখে এহিসে পৰম পুৰুষাৰ্থ জানি শুনা মহন্তৰ মুখে॥ হৰি ভকতিৰ পথত থাকিয়া শুনৈ ভনৈ যিটো নৰে। হৰৈ কলিমল মিলৈ মহাকাল নমো নমো হেৰ সংসাৰ তাপত তৰে॥ ৫৯৮॥ মৰষা দোষ আহ্মাৰ। মহেশ্বৰ হৰি হুয়া মহা মূঢ় তযু কথা গূঢ় ৰচিলো আৰ প্ৰয়াৰ॥ তুমিসি পৰম গুৰু হৃদীশ্বৰ দিলা যেন মোক মতি। তাতাসে আশ্ৰয় কৰি কৃপাময় কহিলো কথা সম্প্ৰতি॥ ৫৯৯॥ টাটেকীয় যেন জড় পুতলাক যন্ত্ৰ তুলি নচাৱে। তুমিসি চৈতন্য বোলৱা বচন প্ৰভু মোক সেহি ভাৱে॥ কু ক ক্ষেত্ৰ Scanned with CamScanner