সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪ ৰুক্মিণী প্ৰমুখ্যে যত কৃষ্ণৰ মহিষী। যশোদাক সাদৰিলা পৰম হৰিষি।। বুলিলা প্ৰশংসা বাণী ব্ৰজ ঈশ্বৰীক। কৰিলা শুশ্ৰূষা সৱে শিশুতো অধিক॥ ১১৭॥ দ্ৰৌপদী প্ৰমুখ্যে যত ৰাজ ভাৰ্যাচয়। কৰিলন্ত যশোদাক তেসম্বো বিনয়।। এহিমানে থওঁ স্ত্ৰীসমস্তৰ কথা আৱে কৃষ্ণ-গোপীৰ সম্বাদ কওঁ তথা॥১১৮॥ সিটো ভাগ্যৱতী গোকুলৰ গোপীগণ। যাহাৰ বিৰহ তাপে দহে তনু মন॥ কথমপি শৰীৰত ৰহিয়াছে প্ৰাণ হেন কৃষ্ণ বন্ধুক দেখিলা বিদ্যমান॥১১৯॥ যিটো বিধি স্ৰজিলন্ত চকুত নিমেষ। পূৰ্বতো শাপিলা তাঙ্ক গোপিকা নিঃশেষ॥ কৃষ্ণ দৰ্শনত পাতিলা ব্যৱধান। নাহি জ্ঞান শূনা সিটো বিধিৰ সমান॥১২০॥ নিমিষেকো নসহিল পূৰ্বত গোপিনী। চিৰ বিৰহত আৱে মহা বিৰহিনী॥ আশাতেসে আছে কথমপি প্ৰাণ ৰাখি। হেন কৃষ্ণএৰে আসি ভৈল দেখা দেখি॥১২১॥ ভূৱন মোহন মহা মূৰ্তি মাধৱৰ। চূৰ হোৱে যাক দেখি ৰূপ কন্দৰ্পৰ॥ প্ৰসন্ন বদন মন্দ মনোহৰ হাস। Pho যেন কৰে এক কোটি শশাঙ্ক প্ৰকাশ॥ ১২২॥ তৰুণ অৰুণ পঙ্কজৰ পাসি প্ৰায়। হেন আতি আয়ত লোচন আছা চাই॥ ধন সুম সুবলিত ভ্ৰূৱে কৰে কান্তি। মাণিকৰ চিকি চাক দশনৰ পন্তি॥১২৩॥ সুন্দৰ নাসিকা চাৰু চিবুক অধৰ। কণ্ঠত কৌস্তুভ শোভে নৱ দিৱকৰ॥ মণিময় মকৰ কুণ্ডল গলে ডোলে। বাহু বক্ষস্থলক দেখন্তে মন ভুলে॥১২৪॥ -কু ক ক্ষেত্ৰ Scanned with CamScanner