সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ আতেসে সন্তুষ্ট গুণ লুবুধা মাধৱ। সততে চিন্তিয়ো কৃষ্ণ চৰণ পল্লৱ॥ ৩৫৪॥ নমো নমো হে কৃষ্ণ মঞি মন্দমতি। তযু পাৱে ই জন্মত নভৈল ভকতি॥ পৰলোকে গৈলে গতি কি হৈবে আহ্মাৰ। কৃপাময় কৃষ্ণ কৰা আপুনি উদ্ধাৰ॥৩৫৫॥ তুমিসে সুহৃদ আত্মা প্ৰিয়তম মোৰ। তথাপি পামৰ মই ভৈলো সেৱা চোৰ। বৃথা মনোৰথে আয়ু ভৈল সমাপতি। বান্ধৱ মাধৱ সধা অগতিৰ গতি॥৩৫৬॥ মঞি পাতাকীৰ মোৰ বন্ধ ছেদ হৌক। তোহ্মাৰ চৰণে ৰতি ভকতি মিলোক॥ আতপৰে আন কিছু নবাঞ্ছোহো কাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ৩৫৭॥ ॥ দুলড়ী॥ কৃষ্ণৰ কপট বাক্য শুনি সিটো মোহ ভৈল যত মুনি। নুহি বুদ্ধি থিৰ অধোমুখে সৱে আছিলা মনত সামান্য মনুষ্য যেন ইটো কৃষ্ণে কৰিল আহ্মাক স্তুতি। কিবা হেতু ইটো একোমতে চিন্তি নপাইলো তাৰ যুগুতি॥ ৩৫৮॥ কি কাৰণে মনে মিলিল আহ্মাৰ হেন ভ্ৰম অদ্ভুত। জানো নজানিলে হোৱন্ত ঈশ্বৰ ইটো বসুদেৱ সুত॥ কৃষ্ণৰ মায়াত মোহ হুয়া আতি তম্ভি আছে সৱে মুনি। পাছে চিৰকালে ভৈল বুদ্ধি থিৰ বুজিলো মনত গুণি॥ ৩৫৯॥ ৬৯ Scanned with CamScanner