সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৬ আলোচন্ত কাল গৈল ভৈলো আশাকতি। তযু পাৱে ইজন্মত নভৈল ভকতি॥ ২৬৯॥ তোমাহ্মাৰেসে অংশ আমি যত জীৱ লোক। হেন উপদেশ হৃদীশ্বৰ দিয়া মোক॥ তযু ৰূপ হৃদয়ত থাকে মুখে নাম। নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ২৭০॥ ॥ দুলড়ী॥ সত্যায়ে বোলয় শুনিয়ো সখী পাঞ্চালী। যেন মতে মোৰ স্বামী ভৈলা বনমালী॥ -কু ৰুক্ষেত্ৰ আত অনন্তৰে 110 পৰম ঈশ্বৰ কোশল ৰাজ্যত ৰাজ ৰাজেশ্বৰ আছন্ত আমাৰ পিতা। ৰূপে গুণে আমি আতি অনিন্দিতা স্নেহৰ তান দুহিতা॥ ২৭১॥ মোৰ অনুৰূপ নাপাই বৰ বাপে মনত গুণিয়া আছি। সাত গোটা বৃষ বলিষ্ঠ দষ্ঠি দেশৰ আনিলা বাছি॥ মহা তীক্ষ্ণত শৃঙ্গ আগে পৰি মাখিয়ো হোৱে দোহাৰ। আকে একেদাই বান্ধৈ জিনি যিটো ইটো কন্যা বোৱে তাৰ॥ ২৭২॥ হেন শুনি মহা মহা ৰাজা যত আসে দণ্ড ছত্ৰ তুলি। কাছিয়া একলে শৰীৰৰ বলে বৃষক ধৰে হাস্ফুলি॥ তাকো সাত বৃষে বেঢ়িয়া হাণ্ডেকি চিৰে উৰু কৰ কটি। ডিহাৰ চোটত উফৰিয়া কতো কেঙ্কাৱে দান্ত প্ৰকটি॥ ২৭৩॥ Scanned with CamScanner