সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ বীৰ কৃতবৰ্মা শুক সুচন্দ্ৰ সাৰণ। লগত সহায় দিলা এহি চাৰিজন॥ অনিৰুদ্ধ কুমাৰক প্ৰবোধিয়া হৰি সেনা সমে থৈলা দ্বাৰকাক ৰক্ষা কৰি॥১৪॥ আন যত যদুবংশ মানে নিৰন্তৰ। কৃষ্ণক আৱৰি ৰঙ্গে চলে চপকৰে॥ লৈয়া মহা প্ৰাৰন্তে সম্ভাৰ ভৰি পূৰ। চলে বসু দেবাসুৰ আহুক অক্ৰূৰ॥১৫॥ ৰাম কামদেৱ গদ শাল্ব মহাবীৰ। উগ্ৰসেন শঠ শত্ৰুমৰ্দ্দন মন্দিব॥ শাল্ব ভগদত্ত ভূৰি বিক্ৰয় উৰ্ম্মৰ্ক। ** যৱ যদুগণ সঙ্গে পৰম উৎসুক॥১৬॥ ৰথসৱ চলে' যেন বিমান দেৱৰ। ছানি যায় ধ্বজ দণ্ড চিৰল চামৰ॥ জলকে কিঙ্কিণী সুৱৰ্ণৰ শাৰী শাৰী। তা যায় যদুগণ তাতে সঙ্গে নিজ নাৰী॥১৭৷ যুগে যুগে যায় মত্ত হস্তী একে ঢিকি। ত সুৱৰ্ণ ভূমুকাচয় কৰে চিকিমিকি॥কি যেন ঐৰাৱত গৰ্জ্জনিতে ভূমি চালে। শি কৰ্ণে হানে তাল গজঘণ্টাৰ আম্ফালে॥১৮॥ সুৱৰ্ণ পাখাৰে চলে যত তেজী ঘোৰ। তল বল কৰে বেগে বায়ু নোহে যোৰ॥ ৰাহুতে দেখাৱে লীলা গতি লয়লাসে। সাগৰৰ উৰ্মি যেন উল্লাসে বতাসে॥১৯॥ অলেখ পদাতি চলে পৰম উৎসাহে। চিকিমিকি কৰে দেহা সুৱৰ্ণ সন্নাহে॥ বানান দিব্য বস্তু অলংকাৰে যায় প্ৰকাশন্তে সুৱৰ্ণৰ মালা দোলে কণ্ঠত হাঠন্তে॥২০॥ হৃষ্ট পুষ্ট দপিষ্ঠ বলিষ্ঠ কলেৱৰ। অস্ত্ৰ সস্ত্ৰ ধৰি যেন ধাৱে বিদ্যাধৰ॥ সঙ্গে নিজ নাৰী চলে গলে হেমহাৰ। অপেশ্বৰী সমে যেন দেৱৰ কুমাৰ॥২১॥ ১৯ Scanned with CamScanner