সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ কতোক্ষণে ভৈলস্ত মাধৱ সন্ধুক্ষণ। পিতৃৰ মাতৃৰ দুইৰো ধৰিয়া চৰণ॥ বিনয় বচনে কৰি ক্ৰন্দন নিৰোধ। অনেক বচনে দুইকো কৰিয়া প্ৰবোধ॥৯৩॥ পৰম অতৰ্ক গতি কাল ঈশ্বৰৰ। দৈৱৰ অধীন সমাগম বান্ধৱৰ॥ 'কৈৰপৰা আনি জীৱ কৰে এক ঠাই। ক্ষণেকতে পনুহো পেহ্লাৱে বিহৰাই॥ ৯৪॥ জলৰ বেগত এক থান হোৱে ফেন। ক্ষণেক থাকিয়া ক্ষনেকতে সিলে যেন॥ সেহিমত সংযোগ বিয়োগ সুহৃদৰ। ঈশ্বৰৰ বশ্য কেহো নোহে স্বতন্তৰ॥৯৫॥ এহি পৰমাৰ্থ কথা নোহে আত বোধ। চিৰকাল নগোবাই কৰিলো অপৰাধ॥ কৰোহোঁ কাতৰ মোৰ মৰষিয়ো দোষ। হেন শুনি ভৈল নন্দ যশোদা সন্তোষ॥ ৯৬॥ ৰোহিণী দৈৱকী পাচে আসিলা বজাই। যশোদাক দেখিয়া পৰম প্ৰীতি পাই॥ হাসি প্ৰাণ সখি বুলি সাৱটিয়া ধৰি। বাহু মেলি দুহাতো ধৰিলা ব্ৰজেশ্বৰী॥ ৯৭॥ পাপী কংসে যত যত ভুঞ্জাইলা নিকাৰ। সুমৰিয়া যশোদা পূৰ্ব্বৰ উপকাৰ॥ দ্ৰৱিল হৃদয় অতি দুইৰো স্নেহ চড়ে॥ ভৈলা সকৰুণ নীৰ নেত্ৰব নিগৰে॥ ৯৮॥ লোতকে নিৰেৱে কণ্ঠ গদগদ বাক। বুলিলন্ত পৰম সাদৰে যশোদাক॥ বিপদৰ বান্ধৱ পৰম উপকাৰী। তোমাঠেৰ গুণ আমি শুনিতে নাপাৰি॥৯৯॥ সপিলো তোহ্মাকে ইটো তনয় দুখানি। প্ৰতিপাল পুষিলা তোমাৰ দুয়ো প্ৰাণী। উপজি নপাইলা পুতাই পিতৃক মাতৃক। তুলিলাহা সখি দেখি প্ৰাণতো অধিক॥১০০৷ ৩১ Scanned with CamScanner