সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুক ক্ষেত্ৰ- যতেক ভকত দৈত্য বলিৰ সভাৰ। কৃষ্ণ দৰশনে আনন্দৰ নাহি পাৰ॥৫৪৪॥ যথাতে চিটিকি পৰৈ কৃষ্ণ পাদোদক পড়ি পড়ি ঘশৈ তৈতে আপোন মস্তক॥ আজোৰা আজুৰি কৰি কতো ঘলৈ শিৰে। শিহৰে শৰীৰ নীৰ ঋৰে প্ৰেমভৰে॥৫৪৫। কৃষ্ণ মুখে দেখি আতি ভৈল কৃতকৃত্য। তৰিলো তৰিলো বুলি কতো কৰৈ নৃত্য॥ কৃষ্ণক দেখিতে আতি উৎসুক লোকৰ। উভতি আসিল সৱে বলিৰ নগৰ॥৫৪৬।। ৰাম মাধৱক দেখি হৰি হৰি ৰড়ি নিস্তৰিলো বুলি নমৈ দণ্ডৱতে পৰি॥ সমস্তকে কেশৱে চাহান্ত কৃপা দৃষ্টি। শৰীৰত পৰৈ যেন অমৃতৰ বৃষ্টি॥৫৪৭॥ যেন মনে মিলৈ আসি মুকুতিৰ সুখ। চাচা হৰিষতে হুয়া থাকৈ কৃষ্ণক সমুখ। আনন্দৰ নাহি সীমা দানৱ ৰাজাৰ কৃষ্ণক পূজিবে লাগি মিলাইলা সম্ভাৰ॥৫৪৮। ৰত্নময় পাত্ৰচয় চিকিমিকি কান্তি। সুবৰ্ণৰ গছাত প্ৰদীপ দুই পান্তি॥ তি অগৰু সুগন্ধি ধূপ চন্দ কৰ্পূৰ দধি দুৰ্ব্বাক্ষত ধূপ সন্দেশ প্ৰচুৰ॥৫৪৯॥ তাল নাৰিকল কল দিব্য ফল ফুল। শাৰী শাৰী সুৱৰ্ণৰ ঠগিত তাম্বুল॥ ঘনখীৰ খীৰিয়া অমৃত আদি কৰি দিলা দিব্য ষড়স পাত্ৰ ভৰি॥৫৫০॥ দিলা দিব্য বস্ত্ৰ ৰত্ন ভূষণ অমূল্য।। দণ্ড ছত্ৰ চন্দ্ৰতাপ চামৰ চৌদল॥ মহাৰাজ বিভূতি চৌভিতি আবৰিল। জয় কৃষ্ণ ধ্বনি দশোদিশক পৰিল॥৫৫১॥ b ৯৭ Scanned with CamScanner