সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫২ কত কোটি জন্মে আৰাধিলো তপ ব্ৰত। তাতেসে কৃষ্ণক স্বামী পাইলো অভিমত॥২৩৭॥ আন নবাঞ্চোহো সখী কহো সত্য কৰি। জন্মে জন্মে হুইবো তান চৰণ কিঙ্কৰী॥ এহি বুলি সলোতক ভৈলন্ত কালিন্দী। বীজ প্ৰেম পৰশিলা মৌনে থাকিলন্ত কান্দি॥২৩৮॥ ভৈল সকৰুণ সমজ্যাত যত নাৰী। কৃষ্ণৰ প্ৰেমত আতি অবৈ নেত্ৰে ঝৰি॥ অনন্তৰে ভদ্ৰাদেৱী দিলন্ত সিদ্ধান্ত। শুনিয়ো পাঞ্চালি আৱে মোহোৰ বৃত্তান্ত।৷২৩৯॥ কৈকেয় ৰাজ্যত মহাৰাজা মোৰ পিতা। তান জীউ মই ৰূপে গুণে অনিন্দিতা॥ মোৰ অনুৰূপে পৃথিৱীত নাই বৰ। ৰাজাগণ অনায়া পাতিলন্ত স্বয়ম্বৰ॥২৪০॥ এক এক ৰাজা যেন মহেন্দ্ৰ সাক্ষাত। দিগ্গজ পৰায় বসি আছে সমজ্যাত॥ ধৱল চামৰ ধৰি ঢোলে দুই কাছে। ॥ শিৰৰ উপৰে শ্বেত ছত্ৰ তুলি আছে॥২৪১॥ সঙ্গে চতুৰঙ্গে সেনা সৱ আছে সাজি। গজ ঘণ্টা টঙ্কাৰে চিহৰে গজ বাজী॥ ঠাৱে ঠাৱে বাৱে বাদ্য ভণ্ডৰ কহোলে। দলদোপ মহী মহা প্ৰজাৰ আন্দোলে॥২৪২॥ মহা পৰিচ্ছদে পাছে প্ৰভু হৃষীকেশ। সেহি সমজ্যাত আসি ভৈলন্ত প্ৰৱেশ॥ মাথে আনি দিলা পিতৃ সুৱৰ্ণ আসন। আতি প্ৰীতি পখালিয়া অৰ্চ্চিলা চৰণ॥২৪৩॥ নজলে নৃপতি সৱ কৃষ্ণৰ প্ৰকাশে। চন্দ্ৰৰ উদয় যেন নক্ষত্ৰ আকাশে॥ সুৰ্যৰ আগত যেন কাতিৰ জোৱতি। ভৈল নিশব্দ দেখি সমস্ত নৃপতি॥ ২৪৪॥ মই সাল কৃতা সখীসৱ অসংখ্যাত। সুৱৰ্ণৰ মালা লৈয়া উঠিলো সভাত॥ -কু ৰু ক্ষেত্ৰ Scanned with CamScanner