এতেকে বোলন্ত আসি দ্ৰৱ ভৈল মন।
বহয় লোতক নাহে মুখত বচন॥২৫৩॥
তাহান কৰুণা দেখি নাৰী সমস্তয়।
হৰি হৰি স্মৰিয়া কান্দিলা অতিশয়॥
সাধুব্বদে ভদ্ৰাক কৰিলা অভিনন্দনা।
অনন্তৰে দ্ৰোপদীত কহে মিত্ৰাবৃন্দ॥২৫৪॥
আমাৰ বৃত্তান্ত আৱে শুনিয়া পাঞ্চালী।
যিমতে দুৰ্ল্লভ স্বামী পাইলো বনমালী॥
অৱন্তী দেশৰ মহাৰাজা মোৰ পিতা।
কৃষ্ণৰ ভকত মঞি তাহান দুহিতা॥২৫৫॥
সন্বন্ধে মোমাত ভাই মোৰ যদুদেৱ।
স্বামী ভাৱে তথাপি মনত কৰো সেৱ॥
বুজিলন্ত পিতৃ পাছে মোহোৰ ইঙ্গিত।
দিনে ৰাত্ৰি তাহানো কৃষ্ণতে মাত্ৰ চিত॥২৫৬॥
আপুনি আনিলা মাধৱক বৰ বাছি।
মোক বিহা দিৱেক সাদৰে তান্ত যাচি।
দেখি বিন্দু অনুবিন্দু মোহেৰে সোদৰ।
নেদে বিহা দিবো দুয়ো পৰম পামৰ॥২৫৭॥
কৃষ্ণক নসহে মহা দাৰুণ দুস্মতি।
শিশু হন্তে দুষ্ট দুৰ্যোধনৰ সঙ্গতি॥
মহা মদগৰ্ব নুশুনয় কাৰো হাক।
বুলিল অনেক গোবিন্দক নিন্দাবাক॥২৫৮॥
উঠি গছিলন্ত বাপে বিষ্ণু বিষ্ণু বুলি।
কৃষ্ণক ধৰিবে দুয়ো আসিলা হাম্ফুলি॥
হাসি হৰি দুইকো মচৰিলা ধৰি ঘাৰ।
ভূমিত পৰিয়া দিলা চৱৰ প্ৰহাৰ॥২৫৯॥
চৱৰৰ চোটে গাল ভৈল ভিণ্ডাকাৰ।
পৰি আছে নিশাৱদে দুয়ো কুলাঙ্গাৰ॥
স্বামীৰ হাতত চুৰ ভৈল দুইৰো দৰ্প।
গৰুড়ৰ আগে যেন দুই ক্ষুদ্ৰ সৰ্প॥২৬০॥
ধৰিলা খন্দাক কৃষ্ণে কাটিবাক লাগি।
পাৱে পৰি পাছে দুইৰো জীৱ লৈলো মাগি॥
পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কুৰুক্ষেত্ৰ