সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰু ক্ষেত্ৰ জ্ঞানৰূপ শকতি আপুনি হুয়া হৰি। জগতৰ জীৱৰ প্ৰাণক আছা ধৰি॥৪৮১॥ যতেক চোব্বিশ তত্ত্ব সৃষ্টিৰ নিদান। যিবা শক্তি কৰৈ সৱ জগত নিৰ্ম্মাণ॥ সিয়ো সৱে শকতিৰ প্ৰেৰক ঈশ্বৰ। প্ৰহাৰে পুৰুষে যেবে তেবে যায় শৰ॥৪৮২॥ বায়ুৰ শকতি যেন চলে তৃণ বন। সেহিমতে জগতৰ ঈশ্বৰ কাৰণ॥ প্ৰকৃতি মহত যত তত্ত্ব নিৰন্তৰ। জানিলো তুমিসে মাত্ৰ চৈতন্য ঈশ্বৰ॥৪৮৩॥ আকাশে শৱদ গুণে ৰসে সম জল। গন্ধ গুণে সমে ইটো পৃথিৱী মণ্ডল॥ ৰূপে সমে চন্দ্ৰ সূৰ্য অগ্নিৰ জ্যোতি। পৰশে সহিতে বায়ু তোহ্মাৰে শকতি॥৪৮৪॥ ইন্দ্ৰিয়ৰো তুমি সৱে শকতি বিধাতা। অধিষ্ঠাতা দেৱৰো তুমিসে অধিষ্ঠাতা। বুদ্ধিৰো নিশ্চয়াত্মিকা তুমি লক্ষ্মীপতি। জীৱৰো তুমিসে অনুসন্ধান শকতি॥৪৮৫॥ ৰাজসিক সাত্ত্বিক তামস অহঙ্কাৰ। তিনিৰো ঈশ্বৰ তুমি জগত আধাৰ॥ জন্ম মৰণৰো যিটো কাৰণ প্ৰকৃতি। জীৱকো আৱৰৈ সিটো তোহ্মাৰ শকতি॥৪৮৬॥ জগতক ব্যাপি কৰা আপুনি প্ৰকাৰ। জগতকে বিনাশে তোহ্মাৰ নাহি নাশ॥ যেন ঘট আকাশে কুণ্ডল হোৱে ছন্ন। নুহি নষ্ট কদাচিতো মৃতিকা সুৱৰ্ণ॥৪৮৭॥ তুমি সত্য ব্ৰহ্ম মিছা জগত স্ৰজনা। তোহ্মাৰ মায়ায়ে কৰৈ তোহ্মাৰ কল্পনা॥ প্ৰকৃতিত আছে মাত্ৰ ব্যৱহাৰ ধৰ্ম্ম। তুমিসি স্বৰূপ পৰিপূৰ্ণ পৰমব্ৰহ্ম॥৪৮৮॥ ইটো মহা তত্ত্বজ্ঞান পৰম নিগূঢ়। ইহাক নাজানে যত জীৱ মহামূঢ়॥ ৮৯ Scanned with CamScanner