সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৮ ঋত্বিজ সৱক পুনু কৰি অলঙ্কৃত। গো ভূমি কন্যা ৰত্ন দিলা বহু বিত॥ ৰাম হ্ৰদে নামি আগ কৰি যজমান। কৰিলন্ত ঋষিসৱে অবভূথ স্নান॥৪০৯॥ পত্নী সমে সৌৰিও নামিলা ৰাম হ্ৰদে দশোদিশ পূৰে জয় বাদ্যৰ শৱদে॥ দৈৱকী প্ৰমুখ্যে যত কৃষ্ণ মাতৃগণ। দিলা নট নৰ্ত্তকীক বসন ভূষণ॥ ৪১০॥ কুকুৰ চণ্ডাল সীমা যত প্ৰাণী মানে। কৰালা তৃপিতি সমস্তকে অন্নপানে॥ আপুনি লক্ষ্মীৰ স্বামী প্ৰৱেশি সভাতে। সুৱৰ্ণ ৰজত দান দেন্ত সঞিহাতে॥৪১১॥ এক গুণ ধন শত গুণ হস্ত দেন্তে। হাজাৰেক গুণ হন্ত বোজা বান্ধি নেন্তে। ক যেন পঞ্চৰত্নে বৰষিল দেৱ হৰি। আদৰিদ্ৰ ভৈল দুখী ভিক্ষী দেশান্তৰী॥৪১২॥ মহাধন ল্ভেী সৱে এৰিলা আক্ৰোশ। বল হেন নাহি যজ্ঞত নভৈল পৰিতোষ॥ পৰিশ্ৰম কৰি ৰাম মাধৱে আপুনে। মনোৰথ পিতৃৰ পুৰিলা সত্ব গুণে॥ ৪১৩॥ দেখি বসুদেৱৰ মহিমা আতিশয়। ত্ৰৈলোক্যৰ লোক ভৈল পৰম বিস্ময়॥ দেৱাসুৰ মনুষ্যে প্ৰশংসা কৰে আতি। বসুদেৱ মহন্তৰ থাকিল খিয়াতি॥৪১৪॥ আপুনি তনয় যাৰ ভৈল ভগৱন্ত। কোনে কৰি পাৱে তাৰ মহিমা অনন্ত॥ দেৱঋষি পিতৃ যত কিন্নৰ চাৰণ বসণে ভূষণে সৱ সন্তোষিলা মন॥৪১৫॥ কৃষ্ণত অনুজ্ঞা সৱে মাগি মন তুষ্টি। যজ্ঞক প্ৰশংসা কৰি গৈলা সৱে উঠি॥ বিদৰ্ভ কৌশল কুৰু কৈকেয় সৃঞ্জয়। ইসৱ প্ৰমুখ্যে যত আনো ৰাজাচয়॥৪১৬॥ - কু ক ক্ষেত্ৰ Scanned with CamScanner