সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰু ক্ষেত্ৰ 1977 নপাই আৱজৰ নাপাওঁ তোহ্মাক দেখিত। জানি সখি সমস্ত হুয়োক সুস্থ চিত্ত॥১৪১॥ মই মিত্ৰ বঞ্চক এৰিলো তোমাসাক নকৰিবা হেন আৱে অবজ্ঞা আহ্মাক॥ ইটো শঙ্কা কদাচিতে নানিবা মনত। কহোঁ নিষ্ট কৰি সখিসৱ স্বৰূপত॥১৪২। হেনবা বুলিবা মিছা ভাওনা বচন। মহা মিত্ৰ বঞ্চকৰ হেনয় লক্ষণ॥ সাক্ষাতে এৰিয়া গৈলা আৰো কৰা শান্ত। শুনা সখিসৱ আৱে ইহাৰ সিদ্ধান্ত॥১৪৩॥ কাল ঈশ্বৰৰ চেষ্টা বুজন নযায়। সংযোগ বিয়োগ মিলে ঈশ্বৰ ইচ্ছায়॥ বন্ধু বান্ধৱক আনি কৰে এক ঠাই। তিলকতে পুনহো পেহ্লাৱে বিহৰাই॥ ১৪৪॥ যেন মিলে মহা মেঘসমূহ আকাশে ক্ষণেক থাকিয়া উৰে প্ৰচণ্ড বতাসে॥ যেন তৃণ লতা যত পৃথিৱীৰ ধূলি। একত্ৰে নাথাকে উৰুৱাবে বায়ু তুলি॥১৪৫॥ সেহিমত সমাগম বন্ধু বান্ধৱৰ। কালৰ অধীন সৱে নোহে স্বতন্তৰ॥ জানি সখিসৱ মোৰ মৰষিয়ো দোষ। তোমসাৰ ভাৱনাত ভৈলোহো সন্তোষ॥ ১৪৬॥ বিৰহতে মোত মহা মতি ভৈলা জাত। পৰম কল্যাণ ইটো দেখিলো সাক্ষাত॥ ভকতি মাত্ৰকে তৰে নাহিকে সন্দেহ। কিনো ভাগ্য তোহ্মাৰ বাঢ়িল মোত স্নেহ॥ ১৪৭॥ মোকেসে সুহৃদ নিজ আত্মা বুলি মানা। সুখে সখিসৱ মোক পালা হেন জানা॥ ভৈলে কোমাসাৰ বশ্য কহো বিদ্যমান। মই যেনমত তাক শুনা সাৱধান॥ ১৪৮॥ সমস্ত প্ৰাণীক ব্যাপি আছোহে অনন্ত। বাহিৰে ভিতৰে সমস্ততে ভগৱন্ত॥ ৩৭ Scanned with CamScanner