সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

'কু ৰু ক্ষেত্ৰ কাহাঙ্কো শৃঙ্গতে তুলিয়া ফুৰাৱে দামুৰি যেন ডেডাই। ৫৭ হেন নাহি বীৰ বৃষকো জঙ্কায় আচোকে যাইব এৰাই॥ মোৰ কথা শুনি পাছে প্ৰাণ প্ৰভু যদুবংশী শিৰোমণি। দ্বাৰকাৰ পৰা আসিলন্ত বাদ্য ভণ্ডে দণ্ডে ছত্ৰে ছানি॥ ২৭৪॥ দেখি আগ বাঢ়ি পৰি পিতৃ মোৰ কৰিল স্তুতি বিনয়। ঈশ্বৰ পুৰুষ আসিলা গৃহক কিনো মোৰ মহোদয়। ব্ৰহ্মা হৰে ইটো ধ্যানতো নেদেখে অৰুণ চৰণ দুই সাক্ষাতে পুজিবে পাইলো প্ৰভু ম‍ই অধম মনুষ্য হুই॥২৭৫॥ এহি বুলি পাদ্য অৰ্ঘ্য ধূপে পূজি কৃষ্ণৰ পাদ পদ্মক কিবা প্ৰয়োজন সাধিবো মাধৱ আদেশা নিজ ভৃত্যক। হেন শুনি হাসি মাধৱে বোলন্ত শুনিয়োক মহাৰাজ। ইটো প্ৰয়োজন মহন্ত জনৰ কহন্তে উপজে লাজ॥২৭৬॥ দিয়ো কন্যাৰত্ন নৃপতি আহ্মাক কন্যায়ো আহ্মাক বাঞ্চে। ' পিতৃয়ো বোলন্ত আৰো আত পৰে মোৰ মহা ভাগ্য আছে॥ কিন্তু বৃষভক বলে সিটো জিনি ইটো কন্যা হুইবে তাৰ হেন বাক্য বাপ লোকক শুনায়া কৰি আছো অঙ্গীকাৰ॥২৭৭॥ Scanned with CamScanner