সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
২৯
 

জগতৰ পূজ্য যিটো দৈৱকীকুমাৰ।
যাক নাপাই প্ৰাণ ফুটে সদায়ে অক্ষাৰ॥
তাহান দেখিবো পাদ পঙ্কজ দুতয়।
আজি জন্ম সাম্ফল মিলিবে মহোদয়॥৭৭॥
যিটো জগতৰ আত্মা ভকত বান্ধৱ।
বুলিলা প্ৰবোধ ধৰি আহ্মাক মাধৱ॥
হেন মনে গুণন্তে যাহন্তে যেৱে আছে।
ভৈলা দেখা দেখি যদুবংশ সমে পাচে॥৭৮॥
গোকুলবাসীক দেখি যতেক যাদৱ।
উঠিল তেখনে মনে মিলিল উৎসৱ॥
প্ৰাণৰ পৰশে যেন তনুৰ উল্লাস।
দূৰতে দেখিয়া ৰঙ্গে তুলিলন্ত হাস॥৭৯॥
মহা হৰিষিত মন চিৰ দৰিশনে।
আসি সাৱটিল সৱে সজল নয়নে॥
নন্দক দেখিয়া বসুদেৱে গাৱ চালি।
প্ৰাণমিত্ৰ বুলি ধৰিলন্ত আঙ্কোৱালি॥৮০॥
পাইলা প্ৰীতি আতি নয়নৰ ঝৰে নীৰ।
প্ৰেমত আকুল ভৈল চিত্ত নুহি থিৰ॥
লোতকে নিৰোধে কণ্ঠ বাক্য বাজ হুই।
সাৱটা সাৱটি কৰি আছিলন্ত দুই॥৮১॥
সাদৰে বৈসাইলা নিয়া সুৱৰ্ণ আসনে।
কৰিলা সন্মান নিয়া মধুৰ বচনে॥
পাপী কংসে বন্দী কৰি দিলা দুখ যত।
নন্দ দৰশনে সৱে পৰিল মনত॥৮২॥
বুলিবে লাগিলা স্মৰি পূৰ্ব্ব উপকাৰ।
কংসৰ ভয়ত পুৰি নাছিল আক্ষাৰ॥
তুমি প্ৰাণসম মিত্ৰ তোহ্মাতসে গয়।
পলুৱাই থৈলো নিয়া দুগুটি তনয়॥৮৩॥
পুত্ৰৱতে পালিলা আপুনি অনুদিন।
শুজন নযায় সিটো উপকাৰ ঋণ॥
কৰিলো তোক্ষাত মই ভাৰ্য্যাৰ সঞ্জাত।
কোন হিত মোৰ নাচৰিলা সিবেলাত॥৮৪॥