এতেকে বোলন্তে প্ৰেম পৰশিল আতি।
সলোতক নেত্ৰে তম্ভি থাকিল নামাতি॥
নন্দো ধৰি মিত্ৰক বুলিলা প্ৰিয় বাক।
এতেকে বুলিবে সখী নালাগে আহ্মাক॥৮৫॥
তুমি মহা ভাগৱত জগততে সাৰ।
যাৰ ঘৰে পৰম ঈশ্বৰ অৱতাৰ॥
তুমি সম ভাগ্যৱন্ত ত্ৰৈলোক্যতে নাই।
তোহ্মাৰ সাধিবো প্ৰীতি কত পুণ্য পাই॥৮৬॥
কিনো ভাগ্য ভৈলা তুমি মোৰ মহা মিত্ৰ।
আজিসে জানিলো ভৈলো পৰম পৱিত্ৰ॥
তোহ্মাৰ আলাপে পাপ কৰিলে উচ্ছাদ।
কৰিলা আলাপ আনো মধুৰ সম্বাদ॥৮৭॥
নন্দ যশোদাক দেখি পাচে কৃষ্ণ ৰাম।
পৰম প্ৰেমত পৰি কৰিলা প্ৰণাম॥
পিতৃ-মাতৃ বুলি উঠি সাৱটিলা ধৰি।
স্নেহে স্ৰৱে কমল নেত্ৰৰ নীৰ ঝৰি॥৮৮॥
পিতৃৰ মাতৃৰ প্ৰেমে পৰম আকুল।
ভৈলা আত যিটো জগতৰে আদিমূল॥
লোতকে নিৰোধে কণ্ঠ বাক্য নাসে মুখে।
হেঠ মাথে ৰৈলা চিৰ বিয়োগৰ দুখে॥৮৯॥
নন্দ যশোদায়ো দেখি পৰম প্ৰেমত।
সাৱটি ধৰিলা তুলি নিজ আসনত॥
শিৰ সুঙ্গি পাইলা প্ৰীতি প্ৰসন্ন বদন।
মহা স্নেহে স্ৰৱে যশোদাৰ দুয়ো স্তন॥৯০॥
এৰাইলন্ত চিৰ বিয়োগৰ সিটো তাপ।
কৰিলা কৃষ্ণক ধৰি প্ৰেমত বিলাপ॥
সমৰিয়া কেশৱৰ সিসৱ চৰিত।
স্নেহত কান্দন্ত নন্দ নসহন্ত চিত॥৯১॥
লোতকে তিৱাইলা তনু ৰাম মাধবৰ।
লগতে কান্দন্ত দুয়ো পৰম ঈশ্বৰ॥
নেত্ৰৰ লোতক বহে নসহে হৃদয়।
চড়ে চিৰ দৰশন প্ৰেম আতিশয়॥৯২॥
পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/১৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
কুৰুক্ষেত্ৰ