সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কুৰুক্ষেত্ৰ
 

হে কৃষ্ণ মোৰ প্ৰাণ আপুনিও কৰিও ত্ৰাণ
 মোৰ ভকতিৰ কৰি আশ।
নজানোহোঁ একে কৃত্য বুলিয়া ভৃত্যৰ ভূত্য
 আহ্মাৰ ছেদিও স্নেহ পাশ॥১৭৫॥
তুমি বিনে যদুৰায় হেনতো বান্ধৱ নাই
 কৰিবেক যিটো চিন্তা মোক।
হেন জানি কৃপাময় দূৰ কৰা ভ্ৰান্তি ভয়
 সততে তোহ্মাত ৰতি হৌক॥
মিছা বিষয়ৰ ধান্ধা আকে লাগি শোক বান্ধা
 তোহ্মাৰেসে আমি অংশ জীৱ।
কৰা দুখ উপসাম নিৰন্তৰে ৰাম ৰাম
 ঘূষিয়া হুয়োক সদাশিৱ॥১৭৬॥
॥কৃষ্ণমহিষীসকলৰ নিজ নিজ বিবাহ বৰ্ণন॥

॥পদ॥

নিগদতি শুক শুনা নৃপতি সৰ্ব্বথা।
স্ত্ৰী সমজ্যাত যেন ভৈল কৃষ্ণ কথা॥
ত্ৰৈলোক্যত অদ্যাপিও গাৱে সেহি যশ।
স্থিৰ কৰ্ণে কৰা পান মহা হৰি ৰস॥১৭৭॥
আত অনন্তৰে কহো যেন ভৈল পাছে।
যত মহাৰাজভাৰ্যা সৱ ৰহিয়াছে॥।
কৌৰৱ পাণ্ডৱ যদুবংশী সৱ নাৰী।
বহল সমাজ পাতি আছে শাৰী শাৰী॥১৭৮॥
যত গোপী সব সিটো কৃষ্ণৰ বল্লভা।
কৃষ্ণ অনুমতি লৈয়া গৈলা সেহি সভা॥
তাসম্বাক দেখি মাধৱৰ ভাৰ্য্যা যত।
সাদৰি দিলন্ত স্থান নিজ আসনত॥ ১৭৯॥
অন্যোঅন্যে সাৱটন্তে নয়ন সজল।
পুছিলা পৰম প্ৰিয় বচনে কুশল॥
আছে তৈত আনো যত ৰাজাৰ মহিষী
গোপীক প্ৰশংসা সৱে কৰিলা হৰিষি॥১৮০॥
ইটো ব্ৰজ বধু আছে কত তপসাই।
স্বপনে সচেতে কৃষ্ণ বিনে আন নাই॥