সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮ দেৱৰো দুৰ্ল্লভ ইটো আমাসাৰ দেখা আমি অল্প পুণ্য মনুষ্যৰ কোন লেখা॥৩৪৬॥ আহ্মাৰ তপস্যা বুদ্ধি তীৰ্থৰ যাত্ৰাত কেৱলে দেৱতা বুদ্ধি কৰো প্ৰতিমাত॥ তথাপি পুজিবে পালো তোমাসাক লাগ। আশ্চৰ্যতো আশ্চৰ্য্য আহ্মাৰ কিনো ভাগ॥৩৪৭॥ যত জলময় তীৰ্থ সিয়ো তীৰ্থ হয়। সিয়ো দেৱ যতেক মৃত্তিকা শিলাময়॥ কিন্তু চিৰকালে তীৰ্থ দেৱে শুদ্ধি কৰে। দৰশন মত্ৰ সাধু সৱে পাপ হবে॥৩৪৮॥ চন্দ্ৰ সূৰ্য বায়ু বহ্নি নভ ভূমি জল। ভেদ বুদ্ধি নৰৰ নৰহে পাপ মল॥ পৰম নিষ্কামে মাধৱক মনে স্মৰে। মুহূৰ্ত্তে সেৱাতে তাৰ সৱ পাপ হৰে॥৩৪৯॥ হেন সাধু এৰি কৰে আনত আনন্দ জানিবাহা আত পৰে নাহি মহানন্দ॥ আপোনাকে আপুনি বঞ্চিলে কুলাঙ্গাৰ। পশুতো অধম পশু শুনা কথা তাৰ॥৩৫০॥ শৰীৰ সৱক মই বোলে যিটো চিত্তে। কৰে যিটো মমত পত্নী পুত্ৰ বিত্তে॥ প্ৰতিমাত মাত্ৰ যাৰ ভৈল দেৱ বুদ্ধি। তীৰ্থ বুলি কেৱলে জলত কৰে শুদ্ধি॥৩৫১॥ মহা মহন্ততো নাই ইটো বুদ্ধি চাৰি। গৰুতো অধম জানা সিটো অহঙ্কাৰী॥ সেহিতো পামৰ নপাইলেক তত্ত্বজ্ঞান। নেড়াইলে সংসাৰ যতনাতে যায় প্ৰাণ॥৩৫২॥ মহা ভকতক নজানয় কৰ্ম্মজড়। তীৰ্থতো দেৱতো কৰি সৱ বৰ॥ এতেকে তোহ্মাত আমি কৰিলো বন্দন। এহি বুলি মৌন ভৈলা দৈৱকী নন্দন॥৩৫৩॥ কৃষ্ণৰ চৰিত্ৰচয় শুনা সভাসদ। এহিসে খণ্ডাৱে ঘোৰ সংসাৰ আপদ॥ ক ক্ষেত্ৰ Scanned with CamScanner