মোৰ পদে এৰিলন্ত কালি চূণে চুই।
সমজ্যাৰ গুচিল লাঞ্ছনা অতি হুই॥২৬১॥
পিতৃৰ মনত ভৈলা পৰম উৎসাহ।
বিধিৱতে দিলা আসি আমাক বিৱাহ॥
এহেন্তে ঈশ্বৰ যেন ভৈলা মহা জ্ঞান।
সমস্ত সম্পত্তি উৎসৰ্গিয়া দিলা দান॥২৬২॥
সুৱৰ্ণ ৰজত ৰত্ন গজ বাজী ৰথ।
দিলন্ত যৌতুক যত পুৰি মনোৰথ॥
দিলা লগে সলঙ্কৃত যতেক পদ্মিনী।
চতুৰঙ্গ সেনা আৰো এক অক্ষৌহিনী॥২৬৩॥
বাদ্য ভণ্ড দণ্ড ছত্ৰ চামৰ চিড়লে।
মোক লৈয়া আইল প্ৰভু মহা কুতূহলে॥
কতবা জন্মত পুণ্য সাঞ্চি আছো আমি।
সিকাৰণে পৰম ঈশ্বৰ পাইলো স্বামী॥২৬৪॥
এহিমতে বাঞ্ছো কৰি প্ৰভুত ভকতি।
জন্মে জন্মে তাহান চৰণে হৌক ৰাতি॥
প্ৰভু পদ ধূলাকে কৰো অভিনন্দনা॥
এহি বুলি সলোকত ভৈল নিত্ৰবৃন্দা॥২৬৫॥
প্ৰেমত দ্ৰৱিল চিত্ত ৰোমাঞ্চ শৰীৰ।
দেখি নাৰী সৱাৰো নয়নে কৰে নীৰ॥
ভকতিত ভৈলা সৱে পুলকিত কায়া।
কৰিলা প্ৰশংসা সাধু সাধু কৃষ্ণ জায়া॥২৬৬॥
শুনা সামাজিক জল কৃষ্ণৰ চৰিত।
আত পৰে গতি দতা নাহিকে কলিত॥
মনুষ্য জন্মৰ আয়ু বৃথা যায় জানি।
সদায় চিত্তত চিন্তিয়োক চক্ৰপাণি॥২৬৭॥
নমো নমো কৃষ্ণ মধূসূদন দৈত্যাৰি।
হে দামোদৰ দীন দুখ ভয়হাৰী॥
সংসাৰৰ তিনি তাপে বাপ মাৰে পুলি।
কৰা নাথ নিস্তাৰ ভৃত্যৰো ভৃত্য বুলি॥২৬৮॥
জৰা ৰোগে পীড়ি আসে আয়ু ভৈল ক্ষীণ।
অদ্যাপিও পাতেকী নভৈলো মোহ হীন॥
পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
৫৫