সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ পুত্ৰ পত্নী সমে সৱে কৰি সতকাৰ। যাক যেন যোগ্য দিলা বস্ত্ৰ অলঙ্কাৰ॥ পায়া বসুদেৱৰ সন্মান আতিশয়। পৰম সন্তোষ ভৈল আনন্দ হৃদয়॥৪১৭॥ যজ্ঞত মহিমা দেখি প্ৰশংসা অশেষ। কৃষ্ণত মেলানি লৈয়া চলি গৈলা দেশ॥ ভীষ্ম দ্ৰোণ দ্ৰোণী কৃপ কৰ্ণ কুন্তিভোজ। পুত্ৰ সমে ধৃতৰাষ্ট্ৰ বিদুৰ কাম্বোজ॥৪১৮॥ মহাৰাজা যুধিষ্ঠিৰ ভীম ধনঞ্জয়। নকুল কনিষ্ঠ সহদেৱ মহাশয়॥ সম্বন্ধী বান্ধৱ আৰো সুহৃদ যতেক। সৱাকো তুষিলা বস্ত্ৰ ভূষণে প্ৰত্যেক॥৪১৯॥ তেসম্বো আলিঙ্গি স্নেহে সবংশে কৃষ্ণক। সলোকত নোত্ৰে চলি গৈলন্ত দেশক। সত্যৱতী কুন্তী শান্তি দ্ৰৌপদী গান্ধাৰী। আম আসি আছে কৌৰৱ পাণ্ডৱ যত নাৰী॥৪২০॥ দৈৱকী ৰোহিণী কৰি সৱাকো সন্মান। বস্ত্ৰ অলঙ্কাৰে কৰাইলন্ত পৰিধান॥ মহা স্নেহে ধৰিয়া সাবাকো সাৱটিল। সজল নয়নে অন্যো অন্যে আলিঙ্গিল॥৪২১॥ কৃষ্ণত মেলানি মাগি প্ৰশংসি অশেষ। সুহৃদ বিৰহ দুখে চলি গৈলা দেশ॥ যতেক সুহৃদ গোপগণ আদি কৰি। IN SUD যশোদা প্ৰমুখ্যে যত গোপৰ সুন্দৰী॥৪২২॥ তাসম্বাক দিলা দিব্য বস্ত্ৰ অলঙ্কাৰ। সবাকো অধিক কৰি কৰিলা সৎকাৰ। এহিমতে সাঙ্গ কৰি যজ্ঞ মহোৎসৱ। অথায়াসে কৰি মনোৰথ মহাৰ্ণৱ॥৪২৩॥ সপুত্ৰ বান্ধৱে বসুদেৱ মহাশয়। ভৈল কৃতকৃত্য আতি অনন্দ হৃদয়॥ ত্ৰৈলোক্যৰ লোকে সৱে প্ৰশংসে সাদৰে। কেশৱৰ প্ৰসাদে অচলা লক্ষ্মী ঘৰে॥ ৪২৪॥ ৭৯ Scanned with CamScanner