সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰু ক্ষেত্ৰ ভকতৰ গতি প্ৰিয় বাক্য বুলি দেখি লক্ষ্মীপতি তুলিলা আশ্বাসি পাছে॥ ১৭১॥ সৱাকো বসাইলা বহল সমাজ পাতি। কৃষ্ণৰ মহিমা কৰিয়া ৰহিলা ৰাজা প্ৰজা দিনে ৰাতি॥ একো গ্ৰাম্য কথা নুশুনিয়া তথা কৃষ্ণৰ চৰিত্ৰ বাজে। কৃষ্ণৰ সন্ধানে হুয়া হৰষিত বসিলা সৱে সমাজে॥ ১৭২॥ ॥ ছবি॥ শুনিয়োক সমাজিক ইটো অমৃততোধিক কৃষ্ণৰ চৰিত্ৰ কথা ৰস। পিয়া আক কৰ্ণ ভৰি মনে মাধৱক ধৰি বচনে নেৰিবা নাম যশ॥ ভকতিসি নৱনিধি : কৰিবেক সৰ্ব্বসিদ্ধি জন্ম চিন্তামণি পাই নমো নমো যদুদেৱ হেন দঢ়াই আছো চিত্ৰ বান্ধৱ মাধৱ হেৰ জানি শুনি বুদ্ধি হীন মৰণ সমীপ চাপে তোহ্মাৰ চৰণ চাপি আত অণুমাত্ৰ শঙ্কা নাই। কৃষ্ণক নেৰিবা সৰ্ব্বদাই॥১৭৩॥ তুমি বিনে নাহি কেৱ আউৰ আক্ষাৰ গতি দাতা। তুমিসে পৰম হিত সুহৃদ সোদৰ পিতা মাতা॥ মাথে তুলি ধৰো খেৰ মঞি অধমৰ সাধা গতি। অদ্যপি অথিৰ মোৰ মতি॥১৭৪॥ সুমৰন্তে হৃদি কাম্পে জৰা ৰোগে পীড়ি আসে নিতে। নধৰে তথাপি পাপী আহ্মাৰ চঞ্চল ইটো চিত্তে॥ আৰ আয়ু বৃথা যায় ভেলোহো ভকতি ক্ষীণ ৪৩ Scanned with CamScanner