সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
২৩
 

কতব জন্মত পাপ সঞ্চিলো দুৰ্ঘোৰ।
ভৈলেহো বিধবা স্বামী মৰিলন্ত মোৰ॥
পঞ্চগুটি পুত্ৰসমে ভৈলো অনাথিতি।
নাহি পৃথিৱীত মোত পৰে নিমাখিতি॥৪৬॥
পিতৃ মাতৃ সুহৃদ সোদৰ বন্ধুজন।
আপদ কালত যাক নকৰে স্মৰণ॥
যিটো ভাগ্য শূন্য তাৰ জীৱন নিস্ফল।
এহি বুলি ভৈলা কুন্তী নয়ন সজল॥৪৭॥
বান্ধৱৰ মধ্যত কৰন্ত অসন্তোষ।
মোৰ বিধি বক্ৰ কিবা তোমাসাৰ দোষ॥
অৱশ্যে ভূঞ্জিবে লাগে ললাট লিখিত।
শুনি শোকে সবান্ধৱে নধৰন্ত চিত॥৪৮॥
বসুদেৱ বোলন্ত শুনিয়ো কুন্তী আই।
আমাসাত অপমান কৰিতে যুৱাই॥
নকৰিলা শুদ্ধি তোমাসাক এতদিন।
কিন্তু তুমি আমি সৱে অধীন॥৪৯॥
মিলে মান অপমান ঈশ্বৰ ইচ্ছায়।
বিচাৰত সুখ দুখ দাতা আন নাই॥
ঈশ্বৰৰ বশ্য আমি যত জীৱ মানে।
নুহিকো স্বতন্ত্ৰ আক দেখা বিদ্যমানে॥৫০॥
কোন দুখ আহ্মাক নিদিলা পাপী কংসে।
যম যাতনাক ঐত ভুঞ্জিলো সবংশে॥
ইচ্ছাদিলে ভেটিকো কৰিয়া কূটনাট।
কতকে কহিবো মাৱ আহ্মাৰ ললাট॥৫১॥
আৱেসে খণ্ডিল দুখ বিধি সুদক্ষিণ।
সম্প্ৰতিসি সুখে আছো আমি কতোদিন॥
ভালেকি আছন্তে আমি নকৰিলো শুদ্ধি।
ত্যাজিয়ো বিষাদ মাৱ থিৰ কথা বুদ্ধি॥৫২॥
হেন শুনি ৰামমাৱে ত্যাজিলা নিশ্বাস।
কেশৱো কৰিলা পাচে পেহীক আশ্বাস॥
প্ৰবোধিলা আনো বন্ধু বান্ধৱ সাদৰে।
ভৈলা শান্তমতী আতি কুন্তী অনন্তৰে॥৫৩॥