সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫০ আন মতে মাধৱৰ শান্ত নোহে চিত। দঢ়াই যুগুতি বন্ধু বান্ধৱে সহিত॥২২১॥ খুজিলা অনেকে মোক অক্ৰৰ প্ৰমুখ্যে। পূৰ্বতো সৱাকে দিবো বুলিয়াছে মুখে॥ এৰিলা ইসৱ বাক্য প্ৰাণৰ কাতৰে। মাতি আনি মাধৱক আপোনাৰ ঘৰে।৷২২২॥ দিলন্ত বিৱাহ মোক মহা মহোৎসৱে। পাইলা প্ৰীতি পাইয়া আহ্মাক মাধৱে॥ লগত যৌতুক দিলা স্যমন্তক ৰত্ন। পিতৃত থৈলন্ত থাপি কৃষ্ণে কৰি যত্ন॥২২৩॥ দিলা সুৱৰ্ণৰ বণ্টা মাত্ৰ কিছুমান। পাইলো এক লক্ষ যেৱে কন্যা দিলা দান। অনেক নিৰ্ভয় বাক্য বুলি কৃপাময়। আনন্দে লৈ গৈল মোক আপোন নিলয়।। ২২৪॥ এহিমতে পাইলো স্বামী ঈশ্বৰ কৃষ্ণক। কি কহিবো সখী আৱে মোহোৰ ভাগ্যক॥ এহিমাত্ৰে মনে মঞি বাঞ্ছো ৰাত্ৰি দিনি। জন্মে জন্মে হুইবো তাহানসে সেৱকিনী॥২২৫॥ এহিবুলি প্ৰেমত কান্দন্ত সত্যভামা। তাক দেখি প্ৰেমত মজিলা যত ৰামা কৃষ্ণক সুমৰি মনে আছিলন্ত কান্দি। অনন্তৰে দ্ৰৌপদীত কহিলা কালিন্দী॥২২৬॥ শুনা সখী কথা পিতৃ গৃহত থাকন্তে।। কৃষ্ণৰ মহিমা মই শুনো শিশু হস্তে॥ কেনমতে আমাৰ মাধৱ হুইৱে স্বামী। হেনমতে গুণি তপ আচৰিলো আমি॥২২৭॥ কৃষ্ণৰ চৰণে ধৰি হৃদয় কমলে। কৃষ্ণকেসে চিন্তো আসি যমুনাৰ জলে। জানি যদুদেৱ আইলা চড়িয়া ৰথতে। তোমাৰ মধ্যম স্বামী অৰ্জ্জুন লগতে॥২২৮॥ ভৈলা শ্ৰান্ত মৃগ মাৰি কৰিয়া বিহাৰ। পইলা যমুনাৰ তট নিকট আহ্মাৰ॥ 'কু ৰুক্ষেত্ৰ Scanned with CamScanner