সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ যেন ঘটসৰ মাটি মাত্ৰ বিচাৰত। সেহিমতে ব্যাপি আছে এহি ত্ৰিজগত॥১৪৯॥ যত পঞ্চভূত জীৱ আছে চৰাচৰ। মই পৰিপূৰ্ণত দেখিয়া নিৰন্তৰ॥ এতেকতে পাইবা মোক কৈলো ইটো তত্ত্ব। সুদৃঢ় ভাবনা মনে ধৰা হৃদয়ত॥ ১৫০। এহি বুলি ভৈলা কৃষ্ণদেৱ নিশৱদ। মহা ভাগৱত কথা শুনা সভাসদ॥ কলিত তৰিবা যেৱে পাতক সাগৰ। চিত্তে চাপি চৰণত ধৰা মাধৱৰ॥১৫১॥ হে প্ৰাণ প্ৰভু কৃষ্ণ মই মূঢ় মতি। তোহ্মাৰ পাৱত মোৰ নভৈল ভকতি। মিছাতে গৈলন্ত আয়ু মৃত্যু চাপে পাশ। সুমৰিয়ো আহ্মাক দাসৰো বুলি দাস॥১৫২॥ তুমিসে পৰম প্ৰিয় আত্মা পিতা মাতা। তুমিসে সুহৃদ নিজ বান্ধৱ বিধাতা॥ মই অনাথৰ নাথ হুয়োক সদয়। সংসাৰ তাপত তাৰা কৃষ্ণ কৃপাময়॥১৫৩॥ মোৰ লাগি আসি যিটো কৰিবেক চিন্তা। তুমি বিনে হেন বন্ধু নাহি একো ভিতা॥ ত্ৰিজগত তাৰণ তোমাৰ গুণ নাম। জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম॥১৫৪॥ ॥ ছবি॥ দিলা গোপা জ্ঞান উপদেশ। যেৱে জগতৰ গুৰু এহি জ্ঞান মানে ধৰি চিন্তে সব গোপীকা নিঃশেষ॥ শুক নিগদতি ৰাজা কৃষ্ণৰ চৰণ স্মৰি যত চৰাচৰচয় কৃষ্ণসে আছন্ত ব্যাপি নিৰন্তৰ কৃষ্ণময় চিত্তত ধৰিলা চাপি নাই কিছু কৃষ্ণ বিনে আন।। পৰম সুদৃঢ় কৰি ধ্যান॥ ১৫৫॥ কু ৰুক্ষেত্ৰ Scanned with CamScanner