সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰু ক্ষেত্ৰ ৮৭ কৰোহো মিনতি অগতিৰ গতি কৰা মোক প্ৰাণনাথ॥ তুমিসে পৰম গুৰু গোপীনাথ এৱেসে জানিলো আমি। তুমি প্ৰিয় আত্মা তথাপি নভজো কিনো মই অধোগামী॥ ৪৭০॥ যতেক শুনোহো হিয়াত নাথাকে তথাপি ইসৱ কথা। ম‍ই মূঢ়মতি নভৈল ভকতি ইটো জন্ম গৈল বৃথা হৃদি পদ্ম মধ্যে আছাহা মাধৱ বান্ধৱ ততো নাদৰো। যেন বিষ বিষ্ঠা বিষয়ৰ চেষ্টা তাকেসে আচৰি মৰো॥ ৪৭১॥ অমৃত তেজিয়া ভূঞ্জোহো গৰল তৰল মই কুমতি। নাপায়ো চেতন গৰুড় কেতন তুমি বিনে নাই গতি॥ তুমি গুণ যশ ইসে মহাৰস তথাপি চিত্তে নুৰুচে দিওক সুপ মিছা মনোৰথ যিমতে মনৰ গুছে॥ ৪৭২॥ কাল গ্ৰাসে গিলে কৈত মৃত্যু মিলে গৈলো পৰা অধোগতি। কৰা কৃপা মোক অবিলম্বে হোক তোহ্মাৰ চৰণে ৰতি॥ দেহু এহি দান নবঞ্ছোহো আন তোহ্মাত পশি শৰণে। ছাড়ি আন কাম ডাকি বোলা ৰাম সামাজিক যত জনে॥ ৪৭৩॥ Scanned with CamScanner