সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ ( শ্ৰীমদ্ভাগৱত মহাপুৰাণৰ দশম স্কন্ধৰ অন্তৰ্গত) ॥ শ্ৰীকৃষ্ণায় নমোনমঃ॥ কৃষ্ণৰ কুৰুক্ষেত্ৰ যাত্ৰা ॥ মঙ্গলাচৰণ॥ ॥ পদ॥ জয় জয় কৃষ্ণ কৃপাপয়োধি মাধৱ। ব্ৰহ্মা হৰে পূজে যাৰ চৰণ পল্লৱ॥ যাৰ নাম মাত্ৰে তৰে সংসাৰ দুৰ্ঘোৰ। নমো দণ্ডৱতে কৃষ্ণ ইষ্টদেৱ মোৰ॥১॥ নমো নমো কৃষ্ণ মধুসূদন দৈত্যাৰি। প্ৰভু ভগৱন্ত ভকতৰ ভয়হাৰী॥ যেন উপদেশ দিলা দেৱ হৃদীশ্বৰ। ভণে ভাগৱত কথা কৃষ্ণৰ কিঙ্কৰে॥২॥ শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ। নাহি আতপৰে আৰ তাৰক কলিত॥ চাৰি পুৰুষাৰ্থ কাম মোক্ষ ধৰ্ম অৰ্থ। শ্ৰৱণতে সমস্ত মিলাৱে মনোৰথ॥৩॥ দ্বাৰকাক আসিলা দৰিদ্ৰ দামোদৰ। ভূমিতে দিলন্ত তাঙ্ক সম্পত্তি ইন্দ্ৰৰ॥ নন্দ যশোদাৰ প্ৰীতি সাৰ্বাধিক প্ৰতি। কুৰুক্ষেত্ৰ তীৰ্থক কৰিলা কৃষ্ণে গতি॥৪॥ শুক নিগদতি শুনিয়োক পৰীক্ষিত। কলি মল সংহাৰক কৃষ্ণৰ চৰিত॥ ভকতৰ পৰম সুহৃদ দামোদৰ। কুৰুক্ষেত্ৰ যাত্ৰা আৱে শুনা কেশৱৰ॥ ৫॥ কৰিলা দৈৱজ্ঞে গণি দেশত প্ৰকাশ। মিলে মহা সূৰ্যৰ যে গ্ৰহণ সৰ্বগ্ৰাস॥ Scanned with CamScanner