সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৮ মৃদঙ্গ গোমুখ শঙ্খ শৱদ তম্বুল। কৃষ্ণক অৰ্চ্চন্ত বলি আনন্দে আকুল॥ দণ্ডৱতে পৰি নমি অনেক যতনে। দিলা মধুপৰ্ক পাদ্য কৃষ্ণৰ চৰণে॥৫৫২॥ গন্ধে পুষ্পে আভৰণে কৰি সতকাৰ। উচৰ্গিয়া দিলা জলে সমস্তে সম্ভাৰ॥ যত চিত্ত বিত্ত দেহ পুত্ৰ পৰিৱাৰ। কৃষ্ণৰ চৰণে অৰ্পিলন্ত বাৰে বাৰ॥৫৫৩। সৰ্ব্বভাৱে ইন্দ্ৰসেনে কেশৱক ভজি। তম্ভিয়া আছন্ত প্ৰেম সাগৰত মজি।। শিহৰে শৰীৰ নীৰ নেত্ৰৰ নিগৰে কৃষ্ণ বন্ধু বুলি বলি মাটিত বাগৰে॥৫৫৪॥ কৃষ্ণক ভজিয়া বলি ভৈল কৃতকৃত্য। আনন্দে নধৰে চিত্ত উঠি কৰে নৃত্য॥ ভকত দানৱে বায় চৌপাশে চাপৰি। কৃষ্ণ গুণ গায়া নাচে চাপৰি চাপৰি॥৫৫৫॥ অঞ্জলি ভৰিয়া সিঞ্চৈ কৰ্পূৰৰ ধূলি দশোদিশে পূৰৈ জয় কৃষ্ণ কৃষ্ণ বুলি।। ভকতিৰ বলে বলি আকুল হৃদয়। যৈত পৰৈ দৃষ্টি তৈত দেখে কৃষ্ণময়॥৫৫৬॥ কতো হাসৈ কান্দৈ কতো মৌন হুয়া থাকে। ম‍ই কৃষ্ণ বুলি কতো মানৈ আপোনাকে॥ প্ৰেমে মত্ত হুয়া কৰৈ কৃষ্ণক ভাৱনা। মাৰৈ স্তনপানে শুষি সম্যকে পুতনা॥৫৫৭॥ উল্টাৱে শকট ভৰিৰ লগাই আগ হৃদৰ খেদাৱে দমি দুষ্ট কালিনাগ।। শিলা পেহ্লাৱৈ গল চেপি চক্ৰবাত। কেশী কংস ধেনুধৰ কৰৈ কন্ধপাত॥৫৫৮॥ বলিষ্ঠ অৰিষ্ট দুষ্ট মুষ্টিক চাণূৰ। পেহ্লাৱে সংহৰি অঘ বক বৎসাসুৰ॥ কুক ক্ষেত্ৰ Scanned with CamScanner