সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৬ মাধৱক মধ্য কৰি আতিশয় প্ৰীতিভাৱে যায় চপকৰে চলি পৰম বৈষ্ণৱ বৃষ্ণিগণ। নেৰৈ মনে কৃষ্ণৰ চৰণ॥ ৪৬৬॥ কৃষ্ণ গুণ নাম গাৱে প্ৰেম ৰসে দ্ৰৱে চিত্ত হৱৈ তযু ৰোমাঞ্চিত ভিজে মুখ নয়নৰ জলে। সংসাৰক কৰৈ শুদ্ধি এহিমতে যদুবংশী পাইলা যদুপুৰ সমদলে।। তীৰ্থ যাত্ৰা সময়ত ভৈল মহা মহোৎসৱ কহে সৱ প্ৰকটি লোতক। শুনিয়া বিস্ময় মন ভৈল সৱ প্ৰজাগণ সিটো বসুদেৱৰ ...ত্ব॥ ৪৬৭॥ পিতৃৰ পৰম যশ ভকতিত হুয়া বশ জগততে কৰিলা প্ৰখ্যাত। বহুবিধ লীলা কৰি এহিমতে দেৱ হৰি হৰিষে বঞ্চিলা দ্বাৰকাত। ঈশ্বৰ গৰুড় কেতু জগত নিস্তাৰ হেতু ভৈলা দৈৱকীত অৱতাৰ। মহিমা কহিবো কত ভৈল কথা সমাপত ইটো কুৰুক্ষেত্ৰৰ যাত্ৰাৰ॥ ৪৬৮॥ ॥ দুলড়ী॥ শুনা সভাসদ হুয়া নিশৱদ হুইয়ো সাৱধান চিত্ত। কলিৰ পাপক সংসাৰ তাৰক কৃষ্ণৰ লীলা চৰিত॥ মিলাৱে ভুকুতি মুকুতিৰ মতি শ্ৰৱণে কৃষ্ণৰ কথা। PERS শুনিও অৱশ্যে ইহেন মনুষ্য জন্ম নকৰিও বৃথা॥ ৪৬৯॥ নমো নমো কৃষ্ণ ইষ্ট দেৱ হেৰ ভূমিত নমায়া মাথ। ক ক্ষেত্ৰ Scanned with CamScanner