সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰু ক্ষেত্ৰ দূৰ কৰা নাথ মোৰ সুতল সম্পত্তি। তোহ্মাৰ চৰণ মাত্ৰ ৰহোক ভকতি॥৫৭৪॥ সদায়ে নেৰোক মনে ভকতিৰ স্বাদ। পাৱে পৰি মাগো হেবা এতেক প্ৰসাদ॥ হেনবা বুলিবা তই অল্প পুণ্যৱন্ত। কেনমতে হৈবে এতমান ভাগ্যৱন্ত॥৫৭৫॥ আপুনি শিখায়ো তেৱে তুমি কৃপাময়। যেনমতে হোৱৈ হেন মোৰ ভাগ্যোদয়॥ তোহ্মাৰ চৰণ শিক্ষা ধৰৈ যিটো নৰ। সেহিটো ভকত নোহে বেদৰ কিঙ্কৰ॥৫৭৬॥ ত তুমিসে পৰম গুৰু হৃদীশ্বৰ মোৰ। হুটোক সদয় তাৰো সংসাৰ দুৰ্ঘোৰ॥ এহি বুলি কৃষ্ণৰ চৰণে থৈয়া মাথ। পৰম কৰুণা কৰি কান্দৈ দৈত্যনাথ॥৫৭৭॥ ধাৰাসাৰে পৰৈ নয়নৰ নীৰ ঝৰি। লোতকে তিয়াইলা মাধৱৰ দুই ভৰি॥ দৈত্যেন্দ্ৰৰ দেখি প্ৰেমভাৱ আতিশয়। স্নেহে ৰাম মাধৱৰ দ্ৰৱিল হৃদয়॥৫৭৮॥ পৰৈ জল কমল নেত্ৰৰ সৰসৰি। ...... কৰিলন্ত আশ্বাস বলিক তুলি ধৰি॥ শুনা সামাজিক পদ মহাভাগৱত। ... ধন জন জীৱন সমস্তে অশ্বাশত॥৫৭৯॥ নকৰিয়ো আয়ু ব্যৰ্থ বিষয়ৰ ভোলে। চিন্তামণি বেচা যায় যেন কাচ মোলে॥ নমো নমো কৃষ্ণ হেৰ পৰম বান্ধৱ। মোৰ গতিদাতা তযু চৰণ পল্লৱ॥ ৫৮০॥ তুমিসি সুহৃদ নিজ জীৱন মৰণে। ইহাক জানিয়া প্ৰভু পশিলো শৰণে॥ ক্ৰিমি কীট পশু পক্ষী হুয়া লতা তৃণ। ভ্ৰমো সংসাৰত কৰ্ম গতি এতদিন॥৫৮১॥ ১০১ Scanned with CamScanner